মনীষা হাজৰিকা (Manisha Hazarika) হৈছে অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ ১কলিকতাৰ এটি সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা মনীষা হাজৰিকাই একাধিক অসমীয়া কথাছবিৰ লগতে বহুকেইটা একক আৰু দ্বৈত গীতত কণ্ঠ নিগৰাইছে৷ হেমন্ত দত্তই পৰিচালনা কৰা অসমীয়া কথাছবি উপপথত তেখেতে সংগীত পৰিচালনা কৰি অসমৰ প্ৰথমগৰাকী মহিলা সংগীত পৰিচালক হোৱাৰ সন্মান অৰ্জন কৰে৷ ২ মনীষা হাজৰিকাই কিশোৰী অৱস্থাতেই ভূপেন হাজৰিকাৰ লগত জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ কৰাৰ সুযোগ লাভ কৰিছিল৷ তেখেত অসমৰে আন এজন বিশিষ্ট কণ্ঠশিল্পী-গায়ক জয়ন্ত হাজৰিকাৰ পত্নী৷ ২০২৪ চনত অসম চৰকাৰে তেখেতক শিল্পী বঁটা প্ৰদান কৰে।২
জন্ম আৰু পৰিয়াল
মনীষা হাজৰিকাৰ জন্ম হৈছিল ১৯৫০ চনৰ ১২ এপ্ৰিলত, কলিকতা মহানগৰীৰ তালিগঞ্জ গ'ল্ফ ক্লাব ৰোডত৷ তেখেতৰ পিতৃ আছিল ৰবীন্দ্ৰ নাথ সেনগুপ্তা আৰু মাতৃ আছিল অঞ্জলি সেনগুপ্তা৷ তেখেতৰ পৰিয়ালটোৱে সংগীতৰ চৰ্চাত জড়িত আছিল৷ দেউতাক আছিল শাস্ত্ৰীয় সংগীতৰ অনাতাঁৰ শিল্পী আৰু মাতৃ অঞ্জলি সেনগুপ্তা আছিল নজৰুল গীত আৰু আধুনিক গীতৰ শিল্পী৷ আনহাতে দুয়োজন মোমায়েক কমল দাসগুপ্তা আৰু সুবল দাসগুপ্তা সংগীত পৰিচালক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল৷ কমল দাসগুপ্তাই প্ৰমথেশ চন্দ্ৰ বৰুৱাই পৰিচালনা কৰা ছবি এখনত সংগীত পৰিচালকৰ দায়িত্ব চম্ভালিছিল৷ মনীষা হাজৰিকাৰ মামীয়েক (কমল দাসগুপ্তাৰ পত্নী) আছিল খ্যাতিপূৰ্ণ গায়িকা ফিৰোজ বেগম৷ এইদৰেই মনীষা হাজৰিকাই নিজৰ ঘৰখনতেই সংগীতৰ পৰিৱেশ এটা পাইছিল৷ ২
সংগীতৰ জগতত প্ৰৱেশ
পাঁচ বছৰ বয়সতে মনীষা হাজৰিকাই ভূপেন হাজৰিকাৰ সান্নিধ্যলৈ আহে৷ ১৯৫৫ চনত ভূপেন হাজৰিকাই কলিকতাত গৈ বাস কৰিছিল৷ তেখেতৰ ঠিকনা আছিল মনীষা হাজৰিকাৰ গৃহৰে সমীপৱৰ্তী তালিগঞ্জৰ ৭৭ বি, গ'লফ্ ক্লাৱ ৰোড৷ কম দিনৰ ভিতৰতে ৰবীন্দ্ৰ নাথ সেনগুপ্তাৰ সাংগীতিক ঘৰখনৰ লগত ভূপেন হাজৰিকা আপোন হৈ পৰে আৰু এইদৰে মনীষা হাজৰিকাৰ লগতো পৰিচয় হয়৷ উল্লেখ্য যে, ১০/১১ বছৰ বয়সত ভূপেন হাজৰিকাৰ পৃষ্ঠপোষকতাতেই মনীষা হাজৰিকাই এইচ এম ভি ষ্টুডিঅ'ত জীৱনৰ প্ৰথমটো গীতত কণ্ঠদান কৰিছিল৷ গীতটো আছিল ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে, চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে৷ ২
জয়ন্ত হাজৰিকাৰ লগত পৰিচয় আৰু পৰৱৰ্তী জীৱন
ভূপেন হাজৰিকা কলিকতাত থাকোঁতেই তেখেতৰ ভ্ৰাতৃ জয়ন্ত হাজৰিকাই কিছুমান গীত বাণীবদ্ধ কৰিবলৈ মহানগৰীলৈ গৈছিল৷ জয়ন্ত হাজৰিকা গৈ ভূপেন হাজৰিকাৰ কলিকতাস্থিত বাসগৃহতেই থাকিছিল৷ সেই সূত্ৰতেই মনীষা হাজৰিকাৰ এঘাৰ বছৰ বয়সত (১৯৬১ চনত) জয়ন্ত হাজৰিকাৰ লগত প্ৰথম সাক্ষাৎ হয়৷ পৰৱৰ্তী সময়ত দুয়োৰে মাজত সম্বন্ধ গাঢ় হয় আৰু ১৯৬৯ চনত দুয়োয়ে বৈবাহিক জীৱন আৰম্ভ কৰে৷ কলিকতাৰ পৰা আহি তেখেত দুয়ো গুৱাহাটীৰ নিজৰাপাৰত থাকিবলৈ লয়৷ ১৯৭১ চনত তেওঁলোকৰ একমাত্ৰ সন্তান ৰাজা অৰ্থাৎ ময়ূখ হাজৰিকাৰ জন্ম হয়৷ ২
সুৰ বাহিনীৰ লগত সম্বন্ধ
১৯৭৬ চনৰ ৬ জুন তাৰিখে গোলাঘাটৰ মুনিন বৰুৱাৰ ঘৰত সুৰবাহিনীৰ জন্ম হৈছিল৷ বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই বিশেষ যাত্ৰাটোত মনীষা হাজৰিকা ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছিল৷ সুৰ বাহিনীৰ সৃষ্টিৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ কামতে মনীষা হাজৰিকাই আগভাগ লৈছিল৷ মহানন্দ মজিন্দাৰ বৰুৱা, মালবিকা বৰা, মঞ্জুলা বৰুৱা, তপোব্ৰত বৰুৱা, ৰাণা তামুলীকে প্ৰমুখ্য কৰি একাধিক শিল্পী-শুভাকাংক্ষী সুৰবাহিনীৰ লগত জড়িত হৈছিল৷ ৩
১৯৭৭ চনত মনীষা হাজৰিকাই জয়ন্ত হাজৰিকাৰ সৈতে ব'হাগ হয় যদি ফুলৰেই পাহি নামৰ গীতটোৰ গ্ৰামোফোন ৰেকৰ্ড কৰে৷ গীতটো লিখিছিল হেমন্ত দত্তই৷ সেইবছৰৰে ব'হাগ মাহত জয়ন্ত হাজৰিকাই অসমৰ বহু ঠাইত মনীষা হাজৰিকাৰ লগত গীত পৰিৱেশন কৰে৷ মনীষা হাজৰিকাৰ পৰিচয়টোৱে ৰাইজৰ মাজত সবলতা লাভ কৰে৷ ১৯৭৭ চনত জয়ন্ত হাজৰিকাই আকস্মিক মৃত্যুক সাবটি লয়৷ বৰ্তমান তেখেতে জয়ন্ত হাজৰিকাৰ গীত শুদ্ধভাৱে সংৰক্ষণ আৰু প্ৰচাৰৰ কামত নিয়োজিত হৈ আছে৷ জয়ন্ত হাজৰিকাৰ দেহাৱসানৰ পিছত উপপথ নামৰ অসমীয়া কথাছবিখনৰ প্ৰযোজক প্ৰমোদ বৰুৱাই ছবিখনৰ আধৰুৱা হৈ থকা সংগীতৰ কামখিনি মনীষা হাজৰিকাক সম্পূৰ্ণ কৰিবলৈ কয়, যিখন ছবিত সংগীত পৰিচালনা কৰিবলৈ প্ৰথমতে জয়ন্ত হাজৰিকাক দায়িত্ব দিয়া হৈছিল৷ ছবিখনৰ পৰিচালক আছিল হেমন্ত দত্ত৷ উল্লেখ্য যে, অসমৰ অভিনেত্ৰী মৃদুলা বৰুৱাৰ দ্বাৰা অভিনীত এইখন প্ৰথম ছবি৷ আনহাতে মনীষা হাজৰিকাও 'উপপথ'ৰ জৰিয়তে প্ৰথমগৰাকী অসমীয়া মহিলা সংগীত পৰিচালক হিচাপে স্বীকৃত হয়৷
জয়ন্ত হাজৰিকাৰ অনুৰোধক্ৰমে মনীষা হাজৰিকাই সংগীতজ্ঞ ভবেন্দ্ৰ ৰয় পাটগিৰিৰ অধীনত শাস্ত্ৰীয় সংগীত শিকে৷ ব'হাগৰ দুপৰীয়া নামৰ অসমীয়া ছবিখনত মনীষা হাজৰিকাই কণ্ঠদান কৰা ক'তেনো আছা মোৰ কলিজাৰ আই গীতটো শ্ৰোতাৰ মাজত সমাদৃত৷ স্বামী জয়ন্ত হাজৰিকাৰ কেইবাটাও গীত তেখেতে পৰৱৰ্তী সময়ত গ্ৰামোফোন যোগে ৰেকৰ্ডিং কৰে৷ ৩
মনীষা হাজৰিকাই কণ্ঠদান কৰা কেইটিমান গীত হৈছে- ৪
- অলপ হাঁহি, অলপ অশ্ৰু
- গধূলি আহি তৰা জিলিকি
- ক'তেনো আছা
- লাজৰে নাম ৰঙীন পলাশ
- মই শৰতৰ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (১ জুলাই, ২০১৯). সাক্ষাৎকাৰ – বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. ফটাঢোল
- ↑ বৰুৱা, ডাঃ দিলীপ কুমাৰ. (২০ আগষ্ট, ২০২১). মনীষা হাজৰিকা. দৈনিক অসম. পৃ. জোনাকী বাট, 'ঘ' পৃষ্ঠা
- ↑ বৰুৱা, ডাঃ দিলীপ কুমাৰ. (২০ আগষ্ট, ২০২১). মনীষা হাজৰিকা. দৈনিক অসম. পৃ. জোনাকী বাট, 'ঘ' পৃষ্ঠা
- ↑ মনীষা হাজৰিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনীষা হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৬১২৬৫৪ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।