অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লক্ষহীৰা দাস

ড° লক্ষহীৰা দাস অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ। ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ড° লক্ষহীৰা দাস অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ।১ ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা।২ আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ। প্ৰকাশিত পুথি- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনূদিত), তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু আদি। বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতা। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠা নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। ভূপেন হাজৰিকা বঁটা প্ৰাপ্ত সুদক্ষ গায়িকা।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত লক্ষহীৰা দাসে শুৱালকুছিত জন্মগ্ৰহণ কৰিছিল। তেওঁ পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃৰ নাম ধৈৰ্যবালা।৩

কৰ্মজীৱন

বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতা আছি তেওঁ। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠা নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। ভূপেন হাজৰিকা বঁটা প্ৰাপ্ত সুদক্ষ গায়িকা আছিল ড লক্ষহীৰা দাস। অন্যান্য বঁটা-সন্মা: অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ কবি সন্মিলনৰ সভানেত্ৰী (১৯৭৯), অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (১৯৯৫), সংগীতাচাৰ্য উপাধি (১৯৯৫), অসম চৰকাৰৰ শিল্পী বঁটা (২০০৩), প্ৰবীণা শ‌ইকীয়া বঁটা (২০০৯), শৈলধৰ ৰাজখোৱা বঁটা (২০১১), হাউলী বঁটা (২০১৫), ভূপেন হাজৰিকা বঁটা (২০১৯)৪ আদি। পৰিবেশ্য কলাত সামগ্ৰিক অৱদানৰ কাৰণে ড° লক্ষ্যহীৰা দাসে সংগীত নাটক একাডেমী বঁটা (২০২২) লাভ কৰে৷

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়েৰ বুক ২০২০. জ্যোতি প্ৰকাশন. পৃ. ৮৯৭
  2. ↑ The Lyrical Journey of Lakshyaheera Das. Enajori.com
  3. ↑ (15 Mar 2025). যশস্বী গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ড° লক্ষহীৰা দাসৰ দেহাৱসান
  4. ↑ (20 April 2019). Lakhya Hira Das conferred with Bhupen Hazarika award at Beltola Bohagi Utsav. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিশিক্ষাবিদঅসমৰ কণ্ঠশিল্পীঅসমৰ নাৰীকবিগীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষহীৰা দাস” প্ৰবন্ধৰ সংশোধন ৪৯১৮৭৯ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।