অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অণিমা চৌধুৰী

অনিমা চৌধুৰী (জন্ম- ২৮ ফেব্ৰুৱাৰী, ১৯৫৩-) (ইংৰাজী: Anima Choudhury) অসমীয়া সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত গাইছে।

হালনাগাদ: ২০ জুন ২০২৬ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অনিমা চৌধুৰী (জন্ম- ২৮ ফেব্ৰুৱাৰী, ১৯৫৩-) (ইংৰাজী ভাষা: Anima Choudhury) অসমৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমৰ চলচ্চিত্ৰ আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত গাইছে। তেওঁ আধুনিক গীত, কামৰূপী লোকগীত, গোৱালপাৰীয়া লোকগীত, বিহুগীত, টোকাৰী গীত, বিয়া নাম, নামঘোষা, ৰাজস্থানী গীত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত আদি বিভিন্ন ধৰণৰ গীতত কণ্ঠদান কৰিছে৷১২০২৫ বৰ্ষত অনিমা চৌধুৰী অসম চৰকাৰৰ 'শিল্পী বঁটা'ৰ বাবে মনোনীত হয়৷২৩

বংশ পৰিচয়

তেখেতৰ পিতৃৰ নাম দণ্ডীৰাম চৌধুৰী আৰু মাতৃৰ নাম হেমলতা চৌধুৰী৷ তেখেতসকল কায়স্থ বংশৰ আছিল। তেওঁৰ এজন ককায়েক সত্যেন্দ্ৰ কুমাৰ চৌধুৰী এগৰাকী ভায়োলিন বাদক, ভাতৃ প্ৰবীণ চৌধুৰী তবলা বাদক, মৃণাল কুমাৰ চৌধুৰী কণ্ঠশিল্পী,ডা° দিলীপ কুমাৰ চৌধুৰী এগৰাকী বিজ্ঞানী হিচাপে সু-পৰিচিত৷ ১৯৭৬ চনত গুৱাহাটীৰ ভৰলুমুখৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পুত্ৰ কমল নাৰায়ণ চৌধুৰীৰ লগত তেওঁৰ বিবাহ হয়৷ তেওঁলোকৰ দুটি সন্তান আছে৷৪

শিক্ষা আৰু কৰ্মজীৱন

অণিমা চৌধুৰীৰ জন্ম হয় নলবাৰীৰ নিজ পকোৱা গাঁৱত ৷ কিন্তু নগাঁওতহে তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। পঞ্চম শ্ৰেণী পোৱাৰ পাছত তেওঁ মাক-দেউতাকৰ লগত গুৱাহাটীত থাকিবলৈ লয় আৰু তাতে পঢ়িবলৈ লয়। মেট্ৰিক পৰীক্ষা পাছ কৰে গুৱাহাটী পাণবজাৰ ছোৱালী হাইস্কুলৰ পৰা৷ স্কুলীয়া শিক্ষা সাং কৰি তেওঁ কটন বিশ্ববিদ্যালয়ত নাম লগায় আৰু বুৰঞ্জী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৯-৭০ চনত তেওঁ কটন কলেজৰ শ্ৰেষ্ঠা গায়িকা নিৰ্বাচিত হৈছিল আৰু আৰু বিচাৰক হিচাপে যোৱা সংগীত পৰিচালক ৰমেন বৰুৱাৰ দৃষ্টি পৰিছিল৷৫ ১৯৭৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৯ চনত তেওঁ বীৰেন্দ্ৰনাথ দত্তৰ অধীনত কৰা৪ Temples and Shrines in and around Guwahati: a Sociological and Folkloristic Exploration শীৰ্ষক গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা Ph.D. ডিগ্ৰী লাভ কৰে।১৫ তেওঁ ছয়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগত শিক্ষকতা কৰে আৰু পিছত ২০১৩ চনত সেই বিভাগৰে বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে।৫

সংগীত জীৱন

অণিমা চৌধুৰীয়ে সুশীল বেনাৰ্জীৰ ওচৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ তেওঁৰ প্ৰথম নগাওঁৰ এক দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ পৰিৱেশনত এটা ভজন গাইছিল ৷ তেতিয়া তেওঁ তৃতীয় শ্ৰেণীত পঢ়ে৷৫ চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ নগাঁৱত অনুষ্ঠিত অসম সংগীত প্ৰতিযোগিতাত বিজয়ী হয়। গুৱাহাটীলৈ অহাৰ পাছত তেওঁ সংগীত শিক্ষক হীৰেণ শৰ্মাৰ ওচৰত ভাৰতীয় ধ্ৰুপদী সংগীত শিকিবলৈ লয়।৫ আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত অকণিৰ মেল অনুষ্ঠানত গীত গাবলৈ তেওঁ অডিচন দিয়ে আৰু এইমাহৰ গীত অনুষ্ঠানতো নিয়মীয়াকৈ গাবলৈ লয়। এক-দুই বছৰৰ পাছত তেওঁ চেমনীয়াৰ চ'ৰা অনুষ্ঠানত একক কণ্ঠৰ গীত গাবলৈ লয়। কটন কলেজত তেওঁৰ প্ৰথম বৰ্ষত এক সংগীত প্ৰতিযোগিতাত তেওঁ কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠা গায়িকা হোৱাৰ সন্মান লাভ কৰে। ইয়াৰ ফলত তেওঁ সংগীত পৰিচালক ৰমেন বৰুৱাৰ দৃষ্টিত পৰে। সেই সূত্ৰে তেওঁ মুকুতা চলচ্চিত্ৰত গান গোৱাৰ সুবিধা পায় আৰু অ' প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা শীৰ্ষক এই গীতটি৪ জনপ্ৰিয় হয়। ১৯৭৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠা গায়িকা হয় আৰু একেসময়তে তেওঁ পুতলা ঘৰ নামেৰে আন এখন চলচ্চিত্ৰত কণ্ঠদান কৰে। বৰ্তমানলৈ তেওঁ বহুকেইখন চলচ্চিত্ৰ আৰু এলবামত গান গাইছে।১

কৃতিত্ব

তেওঁ আকাশবাণী আৰু দূৰদৰ্শনৰো A-গ্ৰেড শিল্পী।৪ কটন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ট গায়িকা আছিল৷ ১৯৮৯ চনত কটকত অনুষ্ঠিত উত্তৰ-পূব ভাৰতৰ সংস্কৃতি সম্বন্ধীয় দূৰদৰ্শনৰ এক অনুষ্ঠানত তেওঁ অসমক প্ৰতিনিধিত্ব কৰে। তেওঁ ঊৰিয়া দূৰদৰ্শন কেন্দ্ৰত ঊৰিয়া গান গোৱাৰো সুবিধা পায়। তেওঁ শাস্ত্ৰীয় সংগীতৰ বিশাৰদ আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত নিয়মীয়াকৈ তেওঁৰ ভজন আৰু গজল সম্প্ৰচাৰিত হয়। তেওঁ অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাই যেনে কলিকতা, দিল্লী, পাটনা, কটক, টাৱাং আদি ঠাইৰ মঞ্চত গীত পৰিৱেশন কৰিছে। ১৯৯১ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াত অনুষ্ঠিত অসমীয়া-আমেৰিকান অভিৱৰ্তনত (Assamese-American Conference) অংশগ্ৰহণ কৰিবৰ বাবে যায় আৰু ফিলাডেলফিয়াৰ উপৰিও আমেৰিকাৰ চিকাগো, বষ্টন, চান ফ্ৰান্সিস্কো, নিউইয়ৰ্ক, নিউ জাৰ্চি আদি ঠাইত মুঠ ছয়বাৰকৈ নিমন্ত্ৰিত হৈ গীত পৰিৱেশন কৰে।৪ তেওঁ চিকাগো টিভিৰ এটা অনুষ্ঠানতো অংশ লয়।১

কণ্ঠদান কৰা চলচ্চিত্ৰ

কণ্ঠদান কৰা এলবাম

  • প্ৰীতিৰ স্মৃতি (vol-১ আৰু vol-২)
  • আঁচলৰ বা
  • স্মৃতি অনুপম
  • আইৰ পূজাৰ বেদী
  • তেজীমলা সাৰে আছে
  • চুপহি
  • এই ব'হাগতে
  • জান
  • মাজনী
  • চেনেহী
  • লাজুকী মেঘালী
  • ৰামধেনু
  • সুবাস
  • মাণিকী মধুৰি
  • সুৰৰ জিঞ্জিৰি
  • আমোলমোল
  • অ' বন্ধু ৰে'
  • মধুৰ মূৰুতি
  • জীয়ৰী
  • পুৱা গধূলি
  • পাট গাভৰু ৯৩
  • বিয়ানাম
  • সুকইনা
  • প্ৰভাতী কন্যা
  • জ্যোতিৰ গান
  • ফুল কুঁৱৰী
  • ন কিনা
  • কাঁচলি
  • হিয়াজুই
  • মাধৈ মালতী১

বঁটা-সন্মান

অনিমা চৌধুৰীয়ে উপেন কাকতি সোঁৱৰণি বঁটা, লুইত কুঁৱৰী সন্মান, জান দি মালী বঁটা, আইদেউ সন্দিকৈ বঁটা৫ তুনু বৰুৱা সোঁৱৰণি শিল্পী বঁটা, ভবেন বৰুৱা আৰু মহানন্দ শৰ্মা সোঁৱৰণি বঁটা, সুৰধ্বনি শিল্পী বঁটা, সংগীত মুকুতা সন্মান, লুইতপৰীয়া বঁটা, ৰামধেনু বঁটা, অসম সূৰ্য বঁটা, সংগীত সূৰ্য বঁটা, মহিয়সী বঁটা, অসম গৌৰৱ বঁটা আদিৰে সন্মানিত হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰবাসী অসমীয়াসকলে আয়োজন কৰা ’অসম দিৱস’লৈ তেওঁক পাঁচবাৰকৈ আমন্ত্ৰণ কৰিছে৷ ২০০৭ চনত অসম চৰকাৰে ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱত তেওঁক ’বিশেষ বঁটা’ প্ৰদান কৰে৷ উত্ত লক্ষীমপুুৰৰ ’সংস্কাৰ’ আৰু গুৱাহাটীৰ ’ডেউকা’ নামৰ অনুষ্ঠান দুটিয়ে বিগত কেইবছৰমানৰ পৰা অনিমা চৌধুৰীৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আছে৷৬ অসম চৰাকৰে প্ৰদান কৰা ২০২৫ বৰ্ষৰ শিল্পী বঁটা লাভ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Anima Choudhury. Rupali Parda
  2. ↑ (৬ জানুৱাৰী ২০২৫). ড০ অনিমা চৌধুৰী, মুকুল ৰাভালৈ শিল্পী বঁটা. আমাৰ অসম
  3. ↑ (6th Jan 2025). assam-silpi-award-2025-anima-choudhury-mukul-rabha-among-recipients. Gplus. Guwahati Plus
  4. ↑ তালুকদাৰ, কুমুদ. (২০২৩). ড° অনিমা চৌধুৰী. সুকন্যা, নিয়মীয়া বাৰ্তা
  5. ↑ (2023). Revitalising Cultural Traditions. The Sentinel, Saturday Fare Edition. পৃ. 1
  6. ↑ দৈনিক অসম, দেওবৰীয়া চ’ৰা, ৬ জুন, ২০২১
  7. ↑ কলিতা, কমল. (২০২৫). লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত. দৈনিক অসম (জোনাকী বাট). পৃ. গ

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অণিমা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১৩২৩০ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।