জয় বৰুৱা অসমৰ এগৰাকী গায়ক, সংগীতকাৰ আৰু "জয়" নামৰ বেণ্ডটোৰ মূল কণ্ঠশিল্পী।১ বৰুৱাই কেইবাখনো জনপ্ৰিয় হিন্দী ভাষা ভাষাৰ বোলছবিত কণ্ঠদান কৰাৰ লগতে অসমীয়া আৰু তেলুগু ভাষাৰ গীতটো কণ্ঠ নিগৰাইছে। এখেতৰ সংগীতৰ প্ৰকাৰবোৰ হৈছে: ৰক, চ'ল, ৱৰ্ল্ড বিট, জেজ আদি।
ডিচেম্বৰ ২০১০ত মুম্বাইত অনুষ্ঠিত প্ৰথম ইংক কনফাৰেঞ্চত জয় বৰুৱাক ফেল্ল' (Fellow) হিচাপে নিমন্ত্ৰণ কৰা হয়।২৩ জয়পুৰত ৮-১১ ডিচেম্বৰ ২০১১ত অনুষ্ঠিত ইংকৰ দ্বিতীয় কনফাৰেঞ্চতো জয়ক তেওঁৰ বেণ্ডৰ সৈতে বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হয়।৪৫
প্ৰাৰম্ভিক জীৱন
জয় বৰুৱাৰ জন্ম হয় তিনিচুকীয়া জিলাৰ ডিগবৈত।৬ তেওঁৰ পিতৃ ৰোহিনি ধৰ বৰুৱা আৰু মাতৃ ৰঞ্জনা বৰুৱা। চাৰি বছৰ বয়সতে দেউতাকে তেওঁক ভায়োলিন এটা উপহাৰ দিয়ে। সেয়াই আছিল তেওঁৰ সংগীত যাত্ৰাৰ আৰম্ভণি। পাছত তেওঁৰ পৰিয়াল যোৰহাটৰ বাসিন্দা হয়গৈ। সাত বছৰ বয়সত তেওঁৰ ভগ্নীয়ে বৰুৱাক জোৰ কৰি সংগীত প্ৰতিযোগিতাত ভাগ লবলৈ দিয়ে, যাৰ বাবে তেওঁক তাই এটি ইংৰাজী গীত শিকায়। বৰুৱা প্ৰতিযোগিতাত বিজয়ী হয়। এনেদৰে তেওঁৰ সংগীতৰ প্ৰতি ৰুচি বাঢ়িব ধৰে। বিশেষকৈ পাশ্চাত্য সংগীতৰ প্ৰতি আকৃষ্ট হৈ পৰে। "দা বিটলচ্", "দা ঈগলচ্", "চাইমন এণ্ড গাৰফাঙ্কেল", "ইউ২" আদি বেণ্ড আছিল তেওঁৰ অনুপ্ৰেণাৰ উৎস।
জয়ে হাইস্কুলীয়া শিক্ষা লাভ কৰে শ্বিলংৰ চেইণ্ট এণ্টনিচ্ স্কুলৰ পৰা। পাছত তেওঁ গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।
২০০২ চনত নয়না বৰঠাকুৰৰ লগত জয় বিবাহপাশত আবদ্ধ হয়। বৰ্তমান তেওঁলোক মুম্বাইত বাস কৰে।
শিল্পী জীৱন
বিজ্ঞাপন জিংগল
কেৰিয়াৰৰ আৰম্ভণিত জয় বৰুৱাই বহুতো কোম্পানীৰ বিজ্ঞাপনৰ গীতত কণ্ঠদান কৰে আৰু বৰ্তমানেও কৰি আছে।১ এনে কেইটামান কোম্পানী হৈছে: ভোডাফ'ন, ৰিলায়েঞ্চ, এল জি, হিৰো হোণ্ডা, নেচকেফে, ক্লাব মহিন্দ্ৰা, টাটা টি, কোকা কোলা মিনিট মেইড, কাৰ্ল-অন, হৰ্লিক্স, আলফা ৱান আদি।৭
নেপথ্য গায়ক
জয় বৰুৱাই কেইবাখনো হিন্দী ভাষাৰ বোলছবিৰ গীতত কণ্ঠ নিগৰাইছে। প্ৰথম অবস্থাত তেওঁ দলীয় ৰূপে গীত গাইছিল যদিও পাছলৈ একক কণ্ঠৰ গীতত কণ্ঠদান কৰাৰ সুবিধি পায়। তেওঁ কণ্ঠদান কৰা কিছু বোলছবি হৈছে: "মুঝচে ফ্ৰেণ্ডচিপ কৰোগে" (২০১১), "জীন্দেগী না মিলেগী দুবাৰা" (২০১১), "লাভ কা দি এণ্ড" (২০১১), "ন' ৱান কিল্ড জেছিকা" (২০১১), "উড়ান" (২০১০), "হেল্প" (২০১০), "ডেভ ডি" (২০০৯), "অজব প্ৰেম কি গজব কাহানী" (২০০৯), "জাম্বো" (২০০৮), "গোলমাল ৰিটাৰ্ণচ" (২০০৮), "টচন" (২০০৮), "জব উই মেট" (২০০৭), "ভুল ভুল্লৈয়া" (২০০৭), "ভাগম ভাগ" (২০০৬), "গেঙষ্টাৰ" (২০০৬), "লগে ৰহো মুন্না ভাই" (২০০৬), "জীন্দেগী ৰকচ্" (২০০৬), "ৱক্ত: দা ৰেচ এগেইনষ্ট টাইম" (২০০৫), "ক্যা কুল হে হাম" (২০০৫), "এক আজনবি" (২০০৫), "নীল এণ্ড নিক্কি" (২০০৫), "মুন্না ভাই এম বি বি এচ" (২০০৩) আদি। বৰুৱাই অমিত ত্ৰিবেদী, প্ৰিতম, অনু মালিক, আশিতোশ পাঠক, ৰাম সম্পত, শংকৰ-এহচান-লয়, চেলিম-চুলেমান, বিশাল-শেখৰ, ললিত পণ্ডিত আদি জনপ্ৰিয় সংগীত পৰিচালকৰ লগত কাম কৰিছে।
জয়ে ২০১০ চনত মুক্তি প্ৰাপ্ত "কালভাৰ কিঙ" নামৰ তেলেগু ভাষাৰ ছবিত নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে।৮
এওঁ ভ্ৰাম্যমাণ থিয়েটাৰ নেপথ্য গায়ক হিচাপে পোন প্ৰথমবাৰৰ বাবে গীত গায় ২০১১-১২ বৰ্ষৰ হেঙুল থিয়েটাৰৰ নাট "খিৰিকি"ত।৯১০
জয়: লুকিং আউট দা উইণ্ডো
২০১০ চনৰ ২১ ডিচেম্বৰত মুক্তি পাই জয় বৰুৱাৰ বেণ্ড "জয়"-ৰ প্ৰথম অসমীয়া ভাষাৰ আঠটা গীতৰ এক এলবাম "জয়: লুকিং আউট দা উইণ্ডো। " ইয়াৰ গীতসমূহ আছিল ৰক, চ'ল, ৱৰ্ল্ড বিট আৰু লোক-সংগীতৰ সংমিশ্ৰণ। গীতবোৰে শ্ৰোতাৰ মাজত জনপ্ৰিয়তা লাভ কৰে, বিশেষকৈ "আইকন বাইকন" আৰু "তেজিমলা" গীতদুটা অধিক জনপ্ৰিয় হয়। "আইকন বাইকন" নামৰ গীতটোৰ ভিডিঅ'ও নিৰ্মাণ কৰা হয়।১১
জয় বেণ্ডটোৰ বৰ্তমানৰ আন সদস্য সকল হৈছে: পৱন ৰচেইলি (মূল গিটাৰবাদক), ইবছন লাল বৰুৱা (ৰিডম গিটাৰবাদক), মানস চৌধুৰী (বেচ্ গিটাৰবাদক), আৰু পাৰ্থ গোস্বামী (ড্ৰামবাদক)।
বঁটা আৰু কৃতিত্ব
- বিজয়ী: শ্ৰেষ্ঠ নবাগত কণ্ঠশিল্পী (পুৰুষ) - বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ ("জয়: লুকিং আউট দা উইণ্ডো"-ৰ বাবে )
বাহ্যিক সংযোগ
- Interview with Joi Barua at IndianMusicMug
- Joi - A Voice spreading Joy at Fried Eye
- Joi: Looking Out of the Window - a Review at Fried Eye
- IndianMusicMug ia celebrating 2012 Rongali/ Bohag Bihu with Joi Barua at IndianMusicMug
তথ্যসূত্ৰ
- ↑ Candid Conversation With Joi Barua
- ↑ The INK Conference; আহৰণ: নবেম্বৰ ৯, ২০১১
- ↑ ইংক কনফাৰেঞ্চত জয় বৰুৱা
- ↑ INK2011: Power of the Journey
- ↑ INK2011: Power of the Journey - Joi
- ↑ Singha, Bidisha. (February 2011). Joi Ride - Eclectic Vibes. পৃ. 19-21
- ↑ Joi Barua YouTube Channel
- ↑ Interview with Singer Joi Barua, of Kalavar King Fame (Part 1)
- ↑ আজিৰ দৈনিক বাতৰি; জুলাই ৮, ২০১১; পৃষ্ঠা ১০
- ↑ জয় বৰুৱা - খিৰিকি (হেঙুল থিয়েটাৰ)
- ↑ আইকন বাইকন - ভিডিঅ'
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয় বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৪৮ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।