ৰামেশ্বৰ পাঠক(ইংৰাজী ভাষা:Rameshwar Pathak) অসমৰ এগৰাকী প্ৰসিদ্ধ কামৰূপী লোকগীত শিল্পী।১
প্ৰাৰম্ভিক জীৱন
অসমৰ বৰপেটা জিলাৰ ভেল্লাত ১৯৩৮ চনৰ ১ মাৰ্চত ৰামেশ্বৰ পাঠকৰ জন্ম হয়। ১৯৫৮ চনত স্কুলীয়া শিক্ষা সাং কৰি এখেতে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত নামভৰ্তি কৰে। সেই সময়তে এখেতে সংগীত শিক্ষাতো মনোনিৱেশ কৰে। পণ্ডিত দয়াল চন্দ্ৰ সূত্ৰধাৰৰ তত্ত্বাৱধানত ৰামেশ্বৰ পাঠকে বৰগীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ১৯৬১ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ হৈ ৰামেশ্বৰ পাঠকে বৰগীত, আধুনিক গীত, ভজন তথা গজল শাখাত প্ৰথম স্থান অধিকাৰ কৰে। ১৯৬৩ চনত শ্ৰী পাঠকে গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠত শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে।
সংগীত জীৱন
গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠত চাকৰি কৰি থাকোঁতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক মহলৰ মাজত এগৰাকী কণ্ঠশিল্পী হিচাপে ৰামেশ্বৰ পাঠক জনপ্ৰিয় হৈ পৰে। সেইসময়তে সহকৰ্মী আফজল হুচেইনৰ কথা পেলাব নোৱাৰি গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত অ'ডিচন দি সংগীত জীৱনৰ আৰম্ভণি কৰে।
১৯৭৪ চনত বৰপেটাৰ ধনদা বৰ্মনৰ (পাচলৈ ধনদা পাঠক হিচাপে খ্যাত) সৈতে ৰামেশ্বৰ পাঠক বিবাহপাশত আৱদ্ধ হয়। পিছলৈ দুয়ো একেলগে সংগীত পৰিৱেশন কৰি প্ৰখ্যাত হৈ পৰে। ৰামেশ্বৰ পাঠক-ধনদা পাঠক যুতিয়ে কেবাখনো গ্ৰামোফোন ৰেকৰ্ডৰ উপৰিও প্ৰায় ডেৰ শতাধিক অসমীয়া লোকগীতৰ কেছেটত কণ্ঠদান কৰে।
ৰামেশ্বৰ পাঠকে অসমৰ উপৰিও দিল্লী, বেংগালুৰু, মুম্বাই, ওড়িশা, কলিকতা আদিত থলুৱা অসমীয়া কামৰূপী লোকগীত পৰিৱেশন কৰি জনপ্ৰিয় হৈ পৰে।
সন্মান তথা স্বীকৃতি
- সংগীত নাটক একাডেমী বঁটা, ১৯৯০ চন।
মৃত্যু
২০১০ চনৰ ৩ ডিচেম্বৰত, ৭৪ বছৰ বয়সত গুৱাহাটীৰ জি.এন.আৰ.চি.ত ৰামেশ্বৰ পাঠকৰ পৰোলোক প্ৰাপ্তি ঘটে।
তথ্যসূত্ৰ
- ↑ (2010-12-04). Lokageet maestro Rameswar Pathak dead. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামেশ্বৰ পাঠক” প্ৰবন্ধৰ সংশোধন ৪৫৪১০০ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।