অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চাৰু গোহাঁই

চাৰু গোহাঁই (Charu Gohain) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৫১ চনৰ ১৭ ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰু গোহাঁইয়ে সত্তৰৰ দশকত ৰাতি বাঁহী বাই, জিলমিল জোন জ্বলে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল। ৬১ বছৰীয়া জীৱনকালত তেওঁ প্ৰায় ২০০ অসমীয়া গীতত কণ্ঠ নিগৰাইছিল।

হালনাগাদ: ১৯ জানুৱাৰী ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

চাৰু গোহাঁই (Charu Gohain) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৫১ চনৰ ১৭ ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰু গোহাঁইয়ে সত্তৰৰ দশকত ৰাতি বাঁহী বাই, জিলমিল জোন জ্বলে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল।১ ৬১ বছৰীয়া জীৱনকালত তেওঁ প্ৰায় ২০০ অসমীয়া গীতত কণ্ঠ নিগৰাইছিল। কোমল ৰোমাণ্টিক গীতৰ বাবে জনাজাত গোহাঁইয়ে থিয়েটাৰৰ বাবেও গীতৰ ৰচনা কৰিছিল।

জন্ম আৰু শিক্ষা

চাৰু গোহাঁইয়ে ১৯৫১ চনৰ ১৭ ছেপ্তেম্বৰত অসমৰ শিৱসাগৰ জিলাৰ সোণাৰিৰ চৰাইদেও বাগানত জন্ম লাভ কৰিছিল। তেওঁৰ পিতৃ নন্দীৰাম বুঢ়াগোঁহাই আৰু মাতৃ ভদ্ৰেশ্বৰী বুঢ়াগোঁহাই।২

তেওঁ চৰাইদেও বাগানৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলে। পিছত নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু পাছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয়।২ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰাৱস্থাত থাকোঁতেই তেওঁ সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰে আৰু তেতিয়াই ১৯৭৯ চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। ১৯৭৯ চনত অসম চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ যোগেদি চাকৰি জীৱনৰ পাতনি মেলি পিছলৈ চাহ বাগিচা শ্ৰমিক কল্যাণ বিভাগত যোগদান কৰি অধীক্ষকৰূপে ২০১১ চনৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে।

সাংগীতিক জীৱন

তেখেতে ২০০ৰো অধিক গীতত কণ্ঠদান কৰিছিল।৩ তেওঁ এগৰাকী ভাল গীটাৰিষ্টো আছিল।২ তেওঁ দুকুৰিৰো অধিক গীত ৰচনা কৰে। সংগীতৰ ক্ষেত্ৰত তেওঁক ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই প্ৰভাৱিত কৰিছিল। জয়ন্ত হাজৰিকাৰ লগত তেওঁ বিভিন্ন মঞ্চত গীটাৰ সংগত কৰিছিল।

He was the golden voice of Assamese music.

- জে পি দাস৪

শ্ৰব্য গীতৰ একক এলবাম

  1. নতুন নিয়ৰ, (১৯৮৮)
  2. চাৰু গোহাঁইৰ গান (খণ্ড ১ আৰু ২)
  3. সুৰভী৫
  4. জোন জ্বলে কপালত

মৃত্যু

তেওঁ বৃক্ক আৰু যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা বাবে ২২ ফেব্ৰুৱাৰী, ২০১২ ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল। তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত, উন্নত চিকিৎসাৰ বাবে ৫ এপ্ৰিলত ICU ৰূমত ভৰ্ত্তি কৰা হৈছিল যদিও সেই প্ৰচেষ্টা বিফল হ’ল। ৭ এপ্ৰিল, ২০১২ চনৰ ৰাতিপুৱা ১০:৪৫ বজাত তেওঁ মৃত্যুমুখত পৰে।৬

তথ্যসূত্ৰ

  1. ↑ (April 8, 2012). Singer Charu Gohain passes away. The Assam Tribune
  2. ↑ (৮ এপ্ৰিল, ২০১২). চাৰু গোঁহায়ে আৰু গান নাগায়
  3. ↑ [আজিৰ দৈনিক বাতৰি]
  4. ↑ India Blooms News Service
  5. ↑ দৈনিক বাতৰি, ৮ এপ্ৰিল, ২০১২, পৃষ্ঠা - ১, ২
  6. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীঅসমৰ ব্যক্তিঅসমীয়া ভাষাৰ গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰু গোহাঁই” প্ৰবন্ধৰ সংশোধন ৪৬৫০৭১ (১৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।