অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হীৰেন্দ্ৰ নাথ দত্ত

হীৰেন্দ্ৰ নাথ দত্ত (Hirendra Nath Dutta) অসমৰ এগৰাকী কবি আৰু সমালোচক। অসমীয়া সাহিত্য জগতলৈ তেওঁৰ বৰঙনিৰ ভিতৰত কাব্যগ্ৰন্থ 'মানুহ অনুকূলে', 'সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা', 'পল অনুপলৰ সাঁচ', প্ৰবন্ধ সংকলন 'নিৰ্বাচিত সমালোচনা' আদি উল্লেখযোগ্য।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হীৰেন্দ্ৰ নাথ দত্ত (Hirendra Nath Dutta) অসমৰ এগৰাকী কবি আৰু সমালোচক। অসমীয়া সাহিত্য জগতলৈ তেওঁৰ বৰঙনিৰ ভিতৰত কাব্যগ্ৰন্থ 'মানুহ অনুকূলে', 'সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা', 'পল অনুপলৰ সাঁচ', প্ৰবন্ধ সংকলন 'নিৰ্বাচিত সমালোচনা' আদি উল্লেখযোগ্য। ২০০৪ চনত তেওঁ 'মানুহ অনুকূলে' কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ত্তেওঁ ১৯৮৯ চনত অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি আছিল।১ ২০১৪ চনত কবিগৰাকীক উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰে।২১ ২০১৬ চনৰ ২০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত হীৰেন্দ্ৰ নাথ দত্তই শেষ নিশ্বাস ত্যাগ কৰে।

জন্ম আৰু শিক্ষা

১৯৩৭ চনৰ ১ মাৰ্চত অসমৰ যোৰহাট জিলাৰ তিতাবৰ মহকুমাত হীৰেন্দ্ৰ নাথ দত্তই জন্মলাভ কৰে। গৃহ চহৰখনৰে মিহিৰাম শইকীয়া হাইস্কুলত শিক্ষাজীৱন আৰম্ভ কৰা দত্তই ১৯৫৪ চনত কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ কৰে। ১৯৫৬ চনত উক্ত মহাবিদ্যালয়ৰ পৰাই তেওঁ ইংৰাজী বিষয়ত সন্মানসহ স্নাতক উপাধি লাভ কৰে। ১৯৫৮ চনত কবিগৰাকীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি অৰ্জন কৰে।

কৰ্মজীৱন

১৯৫৯ চনত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। পিচলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি পায়। ১৯৬৪ চনত তেওঁ বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ বিভাগলৈ বদলি হয়। শেষত বিশ্ববিদ্যালয়খনৰ ৰিডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।১

উল্লেখনীয় কৰ্মৰাজি

  • সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা (১৯৮১)
  • কিতাপৰ ভৱিষ্যত (১৯৯০)
  • মানুহ অনুকূলে (২০০০)
  • পল অনুপলৰ সাঁচ (২০০৭)
  • নিৰ্বাচিত সমালোচনা (২০১১)
  • মোৰ প্ৰবন্ধ (২০১১)

সন্মান আৰু পুৰস্কাৰসমূহ

তথ্যসূত্ৰ

  1. ↑ (জানুৱাৰী 1, 2015). হীৰেন্দ্ৰ নাথ দত্তলৈ অসম উপত্যকা সাহিত্য বঁটা. দৈনিক জনমভূমি
  2. ↑ (ডিচেম্বৰ ৩১, ২০১৪). Hirendra Nath Dutta gets Assam Valley Literary Award. WebIndia123

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদঅসম সাহিত্য সভাৰ সভাপতিঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীঅসম উপত্যকা সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰেন্দ্ৰ নাথ দত্ত” প্ৰবন্ধৰ সংশোধন ৪৯৪০৭১ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।