প্ৰসেনজিৎ চৌধুৰী (Prasenjit Chowdhury; জন্ম: ১৯ অক্টোবৰ, ১৯৪৬) এগৰাকী অসমীয়া যুক্তিবাদী লেখক, অধ্যাপক আৰু ইতিহাসৰ বস্তুনিষ্ঠ বিশ্লেষক।১২ইতিহাস চৰ্চাৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা লৈ আহিছে। চৌধুৰী কৰ্মসূত্ৰে, ১৯৭১ চনত স্থাপিত, চাবুৱাৰ ডি ডি আৰ কলেজৰ (দাখাদেৱী ৰাচিয়াচিয়া মহাবিদ্যালয়) ইংৰাজী বিভাগৰ অধ্যাপক আছিল আৰু তাৰপৰাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। চৌধুৰীয়ে ১৯৮৩ চনৰ পৰা ২০২২ চনলৈ প্ৰায় সাতাইশখন গ্ৰন্থ লিখি উলিয়াইছে আৰু পাঁচখন গ্ৰন্থ সম্পাদনা কৰিছে। তেওঁ ১৯৯৬ চনত ইন্দিবৰ দেউৰীৰ সৈতে যুটীয়াভাৱে দ্য টাৰ্বুলেণ্ট নৰ্থ-ইষ্ট শীৰ্ষক গ্ৰন্থখন লিখে। অসমীয়া আৰু ইংৰাজীৰ লগতে বঙালী ভাষাতো সমানে দখল থকা চৌধুৰীৰ ‘বাস্তৱ না বিভ্ৰম: অসমে বাংলা ভাষা প্ৰবৰ্তনেৰ ঐতিহাসিক উৎস সন্ধানে’ (২০১২), ‘ৰাম কথা’ (২০১৪), ‘মহাৰাষ্ট্ৰীয় নৱজাগৰণ: ব্ৰাহ্মণ্যবাদ-বিৰোধী আন্দোলন ও নাৰী জাগৰণেৰ এক অধ্যায়’ (২০১৪) আৰু ‘উনিশ শতক: অসম ও বাঙলা প্ৰসংগ’ (২০১৬) বাংলা ভাষাত ৰচিত গ্ৰন্থ। বিজ্ঞানমনস্ক, যুক্তিবাদী আৰু কু-সংস্কাৰ বিৰোধী চিন্তা-চৰ্চাৰ ক্ষেত্ৰত আগভাগ লোৱা অসমৰ মুষ্টিমেয় লেখকসকলৰ ভিতৰত চৌধুৰী অন্যতম। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে তেওঁ বিভিন্ন কাকত আলোচনীত সবল যুক্তিৰে বহু সংখ্যক প্ৰবন্ধ-পাতি লিখিছে।১অসমত যুক্তিবাদী আন্দোলনৰ প্ৰসাৰত এই লেখনিসমূহৰ বিশেষ অৱদান আছে। চৌধুৰী ডিব্ৰুগড় জিলাৰ স্থায়ী বাসিন্দা।
সংক্ষিপ্ত জীৱনী
১৯৪৬ চনৰ ১৯ অক্টোবৰ তাৰিখে ডিব্ৰুগড়ত প্ৰসেনজিৎ চৌধুৰীৰ জন্ম হয়।১ পিতৃ ননী গোপাল চৌধুৰী আৰু মাতৃ নৰ্মদা চৌধুৰী। তেওঁ ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ডিব্ৰুগড় জিলাৰে ডি এইচ এচ কে কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
চৌধুৰী আছিল এগৰাকী গ্ৰন্থ ৰসিক। স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত ডিব্ৰুগড়তে তেওঁ ‘গ্ৰন্থালয়’ নামৰ এখন কিতাপৰ দোকান আৰম্ভ কৰে। ১৯৭৮ চনত তেওঁ চাবুৱাৰ ডি ডি আৰ কলেজত প্ৰবক্তা ৰূপে যোগদান কৰে। বিশিষ্ট নাৰীবাদী লেখিকা তথা বিদুষী মহিলা সন্ধ্যা দেৱী চৌধুৰীৰ সহধৰ্মিণী। দেৱীৰ ‘নাৰী: বন্ধন আৰু মুক্তি’ গ্ৰন্থখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে।৩ সত্যজিৎ চৌধুৰী চৌধুৰী দম্পতীৰ একমাত্ৰ পুত্ৰ সন্তান।
গ্ৰন্থৰাজি
- সমাজ আৰু সংস্কৃতি (১৯৮৩)
- ঊনবিংশ শতিকাৰ অসমত এভূমুকি (১৯৮৪, ২০১১)
- ঈশ্বৰ ইংৰাজ ইতিহাস (১৯৮৬)
- বাস্তৱ নে বিভ্ৰম; অসমত বঙলা ভাষা প্ৰৱৰ্তনৰ ঐতিহাসিক উৎস সন্ধান (১৯৮৬, ২০১১) (শিৱনাথ বৰ্মনৰ সৈতে যুটীয়াভাৱে)
- অসমৰ চাহ বনুৱা আৰু ঊনৈশ শতিকাৰ বিদ্বৎ সমাজ (১৯৮৯)
- নিষিদ্ধ প্ৰসঙ্গ (১৯৮৯, ২০১১)
- অতীত অনুসন্ধান (১৯৯০)
- বিজ্ঞান বনাম অন্ধবিশ্বাস (১৯৯৩, ২০১১)
- অৰুণোদই (১৯৯৫)
- ইতিহাস চৰ্চা (১৯৯৫)
- যুক্তি অযুক্তি অপযুক্তি (১৯৯৫)
- ব্যাধি আৰু বিশ্বাস (১৯৯৮)
- ঊনৈশ শতিকা: সমাজ আৰু সাহিত্য (২০০১)
- কাৰ্পেটৰ পৰা ঘাঁহনিলৈ: জ্যোতিপ্ৰসাদৰ সংস্কৃতি চিন্তাত এভূমুকি (২০০৩)
- মহাৰাষ্ট্ৰীয় নৱজাগৰণ (২০০৫)
- অন্য এক ৰবীন্দ্ৰনাথ (২০০৬)
- সমাজ সংস্কৃতি ইতিহাস (২০০৭)
- বৃত্তৰ বাহিৰত (২০০৮)
- মনন আৰু মনীষী (২০০৮)
- বন্দে মাতৰম্ (২০১০)
- ৰাম-কথা (২০১২)
- ধৰ্ম আৰু বিজ্ঞান (২০১৫)
- উত্তৰণ আৰু উত্তৰাধিকাৰ (২০১৭)
- প্ৰতিস্ৰোত (২০১৮)
- জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ (২০১৮) (ইন্দিবৰ দেউৰীৰ সৈতে যুটীয়াভাৱে)
- বাল গংগাধৰ তিলক (২০১৯)
- গান্ধী আৰু চিনেমা (২০২২)
- Socio-Cultural Aspects of Assam in the 19th Century (1994)
সম্পাদিত গ্ৰন্থ
- ৰাম নৱমী, (১৯৮৯)
- জ্যোতিপ্ৰসাদ, (১৯৯০) (পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাৱে)
- গান্ধী চিন্তা, (১৯৯৪) (পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাৱে)
- ধৰ্ম, সমাজ আৰু সাম্প্ৰদায়িকতা, (২০০৫), (পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাৱে)
- ঐতিহ্য আৰু ইতিহাস: অমলেন্দু গুহ অভিনন্দন গ্ৰন্থ (২০০৫)
সহ-সম্পাদক সকলৰ সৈতে যুটীয়াভাৱে: ইন্দিবৰ দেউৰীৰ সৈতে যুটীয়াভাৱে
- The Turbulent North-East (1996), (Co-editor:M. Ahmed)
বাংলা গ্ৰন্থ
- বাস্তৱ না বিভ্ৰম: অসমে বাংলা ভাষা প্ৰবৰ্তনেৰ ঐতিহাসিক উৎস সন্ধানে (২০১২ বাংলা সংস্কৰণৰ সম্পাদনা:উদয়ন বিশ্বাস) (সহ-লেখক:শিৱনাথ বৰ্মন)
- ৰাম কথা (২০১৪)
- মহাৰাষ্ট্ৰীয় নৱজাগৰণ: ব্ৰাহ্মণ্যবাদ-বিৰোধী আন্দোলন ও নাৰী জাগৰণেৰ এক অধ্যায়, (২০১৪) (অনুবাদক:বাসুদেব দাস)
- উনিশ শতক: অসম ও বাঙলা প্ৰসংগ (২০১৬)
সাহিত্য সমালোচনা
অসমৰ পঢ়ুৱৈ সমাজৰ বাবে যুক্তিবাদী লেখক প্ৰসেনজিৎ চৌধুৰী অন্যতম আগ্ৰহ উদ্ৰেককাৰী নাম। প্ৰবল বস্তুনিষ্ঠতা, তথ্যনিৰ্ভৰ গভীৰ বিশ্লেষণ আৰু বিজ্ঞানমনস্কতাই চৌধুৰীৰ লেখাক এক অন্য মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ শেহতীয়া গ্ৰন্থ ‘উত্তৰণ আৰু উত্তৰাধিকাৰ’ত যুক্তিনিৰ্ভৰতা, ধৰ্ম আৰু অযুক্তি, শাস্ত্ৰীয় ঐতিহ্যৰ প্ৰসংগ, অনুসন্ধিৎসা আৰু ভগৱান, অসমীয়াৰ অন্ধবিশ্বাস, ইতিহাস-চৰ্চা আৰু সাম্প্ৰদায়িকতা, ধৰ্ম/ধৰ্মান্ধতা বনাম ইতিহাস-চৰ্চা, মন্দিৰ প্ৰসংগ, বিজ্ঞানমনস্কতা, প্ৰাৰ্থনা, গুৰু-শিষ্য সংবাদ, আত্মা, মৃত্যু, ধৰ্ম আৰু হেমচন্দ্ৰ বৰুৱা, ধৰ্ম, ঐতিহ্য, যুক্তিমনস্কতা আৰু ৰবীন্দ্ৰনাথ, দুৰ্গাপূজা, পৌত্তলিকতা আৰু পশুবলি, পেৰিয়াৰৰ নাৰী চিন্তা, চাৰ্লছ ব্ৰেডল’ আদি বিষয়ৰ আলোচনা কৰা হৈছে। বিজ্ঞানমনস্কতাৰ বিষয়ে ক’বলৈ গৈ তেখেতে লিখিছে যে৪,
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৮৯৪. ISBN 978-93-81485-82-8
- ↑ সংকলক আৰু সম্পাদক: নিতুল চাংমাই. (নৱেম্বৰ, ২০২১). ঈশ্বৰ (বিশ্বাস, যুক্তি আৰু বিজ্ঞান). বান্ধৱ
- ↑ সন্ধ্যা দেৱী. (২০০৭). নাৰী: বন্ধন আৰু মুক্তি. www.scientiabooks.in/
- ↑ ৰাচিদা ৰহমান. (২৪ মাৰ্চ, ২০১৭). প্ৰসেনজিৎ চৌধুৰীৰ উত্তৰণ আৰু উত্তৰাধিকাৰ: মনৰ বন্ধ দুৱাৰ খোলাৰ এক সঁচাৰকাঠি. muktosinta.org/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰসেনজিৎ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬০৪২৬৪ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।