যোগেন্দ্ৰনাৰায়ণ ভূঞা এগৰাকী অধ্যাপক, লেখক, সম্পাদক, অনুবাদক। তেখেত আছিল ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। তেখেতে বিশ্বকোষৰ চতুৰ্থ খণ্ড সম্পাদনা কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকাৰো কেইবাটাও সংখ্যা সম্পাদনা কৰিছে। পুৰণা দুষ্প্ৰাপ্ৰ্য পুথি উদ্ধাৰৰ ক্ষেত্ৰতো তেখেতৰ অৱদান উল্লেখযোগ্য। ১
জন্ম আৰু পৰিচয়
যোগেন্দ্ৰনাৰায়ণ ভূঞাৰ পিতৃৰ নাম গণেশ চন্দ্ৰ ভূঞা আৰু মাতৃৰ নাম বকুলি ভূঞা। তেখেতৰ জন্ম হয় ১৯৩৯ চনৰ ২৯ অক্টোবৰ তাৰিখে। জন্মস্থান হৈছে নগাঁও জিলাৰ শিঙীয়া পোতনি মৌজাৰ তেলীয়াগাঁও। তেখেতৰ বিবাহ সম্পন্ন হয় ১৯৬৫ চনৰ ৭ মাৰ্চ, কলিয়াবৰ মহকুমাৰ মাধন খাউন্দৰ সৈতে।১
শিক্ষা
- প্ৰাথমিক বৃত্তিঃ ১৯৬ নং সোণাৰিগাঁও প্ৰাইমাৰি স্কুল
- প্ৰৱেশিকাঃ নগাঁও গভৰ্ণমেণ্ট হাইস্কুল, ১৯৫৭ চন
- বি.এ. নগাঁও কলেজ, ১৯৬১ চন
- এম.এ. (অসমীয়া): গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৬৪ চন
- পি.এইচ.ডিঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১৯৯৬ চন
বৃত্তিআৰু সামাজিক কৰ্ম
তেখেতে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ হাইস্কুলত (নগাঁও, ১৯৫৯-৬৫ চন) শিক্ষকতাৰে জীৱন আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত নগাঁও ছোৱালী কলেজ (অসমীয়া বিভাগ), ১৯৬৫-৯৬ চনলৈকে অধ্যাপক ৰূপে সোৱা আগবঢ়ায়। তেখেত কিছু বছৰৰ বাবে (১৯৯৬-৯৯ চন) অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হৈছিল। তেওঁ আছিল নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদ। তেখেত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদকো আছিল। সেইদৰে ভূঞা সাহিত্য অকাডেমিৰ ভাষা উপদেষ্টা সমিতিৰ সদস্যও আছিল।১
সাহিত্যকৃতি
মৌলিক গ্ৰন্থ
- মহাফেজখানাৰ খিড়িকীয়েদি (কমী-ৰূপক এণ্টাৰপ্ৰাইজ, নগাঁও,মাৰ্চ, ১৯৮৬)
- কিশোৰৰ শংকৰদেৱ (ৰূমী-ৰূপক এণ্টাপ্ৰাইজ, নগাঁও, ১৯৮৬)
- দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (বিজয় মজিন্দাৰ বৰুৱা, শিৱসাগৰ, ১৯৮৮)
- ঊনবিংশ শতিকাৰ অসম-সংবাদ (অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১৯৯০)
- উৱলি যোৱা নথিৰ পৰা (গ্ৰন্থকাৰ, ১৯৯১)
- সদাগৰ ভোলানাথ বৰুৱা (ডিফু সাহিত্য সভা, ১৯৯৩)
- ঊনবিংশ শতিকাঃ সৃষ্টি আৰু চেতনা (লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৮)
- গুণাভিৰাম বৰুৱা (মন'গ্ৰাফ, সাহিত্য অকাডেমি, নতুন দিল্লী ২০০১)
- গুণাভিৰাম বৰুৱা (আবিলেক, গুৱাহাটী, ২০০১)
- কৃপাবৰ বৰুৱালৈ চিঠি (মহেশ্বৰী-প্ৰিয় প্ৰকাশন, হাটবৰ, নগাঁও ২০০২)
- বেজবৰুৱা-কবিতাৰ বাস্তৱিকতা (কথা, গুৱাহাটী, ২০০৫)
- সাহিত্য চৰ্চা (অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৬)
- নৈৰ্ব্যক্তিক (মহেশ্বৰী প্ৰিয় প্ৰকাশন, হাটবৰ, নগাঁও ২০০৭)
- নিবন্ধ ঊনবিংশ (অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭)
সম্পাদিত
- ৰত্নকান্ত বৰকাকতীৰ গদ্য-সম্ভাৰ (লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৭৭)
- ৰত্নেশ্বৰ মহন্ত ৰচনাৱলী (অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৭৭)২
- হীৰক-স্মৃতি (নগাঁও সাহিত্য সভা, ১৯৭৯)
- বাগ্মীবৰ নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) (অসম সাহিত্য সভা, ১৯৮০)
- জ্ঞানদাভিৰাম বৰুৱা ৰচনাৱলী (অসম সাহিত্য সভা, ১৯৮০)
- যজ্ঞেশ্বৰ শৰ্মা জীৱন আৰু প্ৰতিভা (নগাঁও সাহিত্য সভা, ১৯৮৪)
- সৃষ্টি ত্ৰিবিধা (মুনীন বৰকটকী বিষয়ক গ্ৰন্থ) (সম্পাঃ), ষ্টুডেণ্টছ্ ষ্ট'ৰ্ছ, ১৯৯৬৩
বঁটা
- শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈ অসম সাহিত্য সভা বঁটা, ২০০২
- আনন্দৰাম বৰুৱা বঁটা, ২০০৬
- কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)৪
তথ্যসূত্ৰ
- ↑ আলপনা সৰকাৰ ডেকা আৰু অদিতি বৰুৱা. (২০০৭). যোগেন্দ্ৰনাৰায়ণ ভূঞাঃ নীৰৱতাৰ শব্দ গ্ৰন্থ. মহেশ্বৰী প্ৰিয় প্ৰকাশন. পৃ. আগকথা
- ↑ Ratneswar Mahanta Rachanavali ( ৰত্নেশ্বৰ মহন্ত ৰচনাৱলী )
- ↑ সৃষ্টি ত্ৰিবিধা, যোগেন্দ্ৰ নাৰায়ণ ভূঞা (সম্পাঃ)
- ↑ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ বঁটা৷. অসম চৰকাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেন্দ্ৰনাৰায়ণ ভূঞা” প্ৰবন্ধৰ সংশোধন ৫৫৫০৪৫ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।