গগনচন্দ্ৰ অধিকাৰী (Gagan Chandra Adhikari জন্ম: ১ জুন ১৯৪১ – মৃত্যু: ৩০ ছেপ্টেম্বৰ ২০২০) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪১ চনৰ ১ জুন তাৰিখে ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত গগনচন্দ্ৰ অধিকাৰীৰ জন্ম হয়। তেওঁৰ পিতৃ পূৰ্ণচন্দ্ৰ অধিকাৰী আৰু মাতৃ উদামিনী অধিকাৰী। ছাত্ৰ হিচাপে গগণচন্দ্ৰ অধিকাৰী সৰুৰেপৰাই মেধাৱী আছিল। ১৯৪৬ চনত ছয়গাঁও চৰকাৰী মজলীয়া স্কুলৰ নিম্ন প্ৰাথমিকত নাম ভৰ্তি কৰে। হেডপণ্ডিত প্ৰকাশচন্দ্ৰ বৰুৱাই তেওঁৰ মেধাৰ প্ৰমাণ পাই ‘ক’ মানৰ সলনি খ’ মানত নাম লগাই দিছিল। ১৯৫৭ চনত ছয়গাঁও হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন বিশ্ববিদ্যালয়ত কলেজীয়া জীৱনৰ পাতনি মেলে। আই এছ চি পাছ কৰি ১৯৬২ চনত ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতিত অনাৰ্চসহ বি. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। চাকৰি জীৱনৰ মাজতে প্ৰাইভেটকৈ তেওঁ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
তেওঁ প্ৰথমে জীৱন বীমা নিগমত চাকৰি জীৱন আৰম্ভ কৰিছিল। ১৯৬৭ চনত তেওঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সহকাৰী নিয়োগ বিষয়া ৰূপে অসম চৰকাৰৰ চাকৰিত যোগদান কৰে। শেষত অসম চৰকাৰৰ নিয়োগ বিভাগৰ যুটীয়া সঞ্চালকৰ পদৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে ১৯৯৯ চনৰ মে' মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰে।
সাহিত্য চৰ্চা আৰু সাহিত্যৰাজি
চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে সাপ্তাহিক কাকত ‘সাদিনীয়া অসমীয়া'ত প্ৰকাশিত হৈছিল তেওঁৰ প্ৰথমটো পদ্য ‘মিনতি'। 'পখিলী বাইদেউলৈ চিঠি’ দ্বিতীয় পদ্য। গৌৰীকান্ত তালুকদাৰ সম্পাদিত শিশু আলোচনী 'দীপক'ত আৰু 'অসম বাণী'ৰ মইনা পাৰিজাত চৰাৰ পাছত প্ৰায় সকলো আলোচনীতে তেওঁ শিশু সাহিত্যৰ নিয়মীয়া লেখক হৈ অসমীয়া শিশু সাহিত্যৰ জগতলৈ অৱদান আগবঢ়ায়। অদ্যাপি শিশু সাহিত্য জগতলৈ মূল্যৱন বৰঙনিৰ আগবঢ়াই থকা অধিকাৰীৰ সৰহসংখ্যক ৰচনাই বিভিন্ন কাকত-আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। কিতাপ আকাৰে প্ৰকাশিত তেখেতৰ গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য শিশু সাহিত্যসমূহ হ’ল:
- 'টকাত একোটা হাতী' (মে', ১৯৮১)
- 'ৰ'দালি এ, ৰ'দ একণ দে' (অক্টোবৰ, ১৯৮৮)
- 'কক্ ককৰে-কক্ কেকে-হুৱা' (জানুৱাৰী, ১৯৯০)
- 'তিনিখন ঠেং হ’ল বুঢ়ী আইতাৰ' (১৯৯৫)
- 'আখৰৰ গীত' (নৱেম্বৰ ১৯৯৫)
- 'টৰ্চ মৰা মহ' (২৯ ডিচেম্বৰ ২০০১)
- 'মাৰ গুলি, পকা চুলি ভিজা মেকুৰীৰ অতপালি' (ডিচেম্বৰ ২০১৭) ইত্যাদি
তদুপৰি তেওঁ 'মাখন মামাৰ সাধু' (নৱেম্বৰ ২০০২) শীৰ্ষক সাধু কথাৰ পুথি আৰু 'মনোৰম খবৰৰ পেৰা' (ডিচেম্বৰ ১৯৯৫) শীৰ্ষক শিশু উপযোগী প্ৰবন্ধ সংকলন ৰচনা কৰিছে। তদুপৰি ২০০৩ চনত 'নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সমগ্ৰ' (প্ৰথম খণ্ড) তেওঁ সম্পাদনা কৰি উলিয়ায়।
ৰাজহুৱা জীৱন
অধিকাৰী ৰাজহুৱা আৰু সামাজিক কাম-কাজৰ লগতো জড়িত। তেওঁ অসম সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক (১৯৮৪-৮৬), ‘গুৱাহাটী নাইট জুনিয়ৰ কলেজ’ৰ প্ৰতিষ্ঠাপক সভাপতি, ‘উত্তৰণ সাহিত্য আলোচনা চক্ৰ'ৰ সভাপতি, শিশু আৰু কিশোৰ আলোচনী 'মুকুতা' (অসম চৰকাৰ, অসম প্ৰকাশন পৰিষদ দ্বাৰা প্ৰকাশিত) –ৰ উপদেষ্টা সম্পাদক১, ছয়গাঁৱৰ 'শ্ৰীশ্ৰীঈশ্বৰ কৈমাৰী সত্ৰৰ সত্ৰাধিকাৰ, নতুন দৈনিক’ (সম্পা. চন্দ্ৰপ্ৰসাদ শইকীয়া) আৰু ‘অভিমত’ (সম্পা. লক্ষ্মীনন্দন বৰা) কাকতৰ শিশুপৃষ্ঠাৰ সম্পাদক, 'জোনাক'ৰ সম্পাদক, অসম সাহিত্য সভাৰ আজীৱন সভ্য, গুৱাহাটী সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।২
বঁটা সন্মান
- 'টকাত একোটা হাতী' কবিতা পুথিৰ বাবে ১৯৮২-৮৩ চনত অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী শিশু সাহিত্য বঁটা
- 'ৰ'দালি এ ৰ'দ একণ দে' পুথিখন ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসে চিত্ৰ সম্বলিত উপযোগী শিশু সাহিত্যৰূপে ১৯৯২ চনত বঁটা আগবঢ়ায়।
- সাহিত্য অকাডেমি বাল সাহিত্য পুৰস্কাৰ, ২০১০
মৃত্যু
অসমীয়া ভাষাৰ শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰীৰ মৃত্যু ২০২০ চনৰ ৩০ ছেপ্টেম্বৰত হয়।২ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।৩
সহায়ক গ্ৰন্থ
- নয়নমণি বৰুৱাৰ প্ৰবন্ধ গগনচন্দ্ৰ অধিকাৰীৰ শিশু সাহিত্য গৰীয়সী (লক্ষ্মীনন্দন বৰা সম্পাদিত) জানুৱাৰী, ২০১১
- অসমীয়া শিশু সাহিত্যৰ সমীক্ষাত্মক অধ্যয়ন, মনালিচা বৰা, ৰেখা কলিতা (সম্পাদিত) এন এল পাব্লিকেশ্যন, গুৱাহাটী, প্ৰথম প্ৰকাশ ২০১৫ ISBN 978-93-85230-17-2
তথ্যসূত্ৰ
- ↑ (30 September 2020). বিশিষ্ট শিশু সাহিত্যিক গগণ চন্দ্ৰ অধিকাৰীৰ ৮০ বছৰ বয়সত বিয়োগ. Prag news
- ↑ (30 September 2020). টকাত একোটা হাতী! লিখিবলৈ আৰু নাই গগনচন্দ্ৰ অধিকাৰী…. অসমীয়া প্ৰতিদিন
- ↑ (30 September 2020). Noted Children’s Writer Gagan Ch Adhikari No More. Pratidin time
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গগনচন্দ্ৰ অধিকাৰী” প্ৰবন্ধৰ সংশোধন ৫২১০৩১ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।