অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গংগামোহন মিলি

গংগামোহন মিলি (ইংৰাজী:Gongamohan Mili) একবিংশ শতিকাৰ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী অন্যতম বিশিষ্ট আৰু প্ৰতিভাশালী কবি। তেওঁ মূলত নিজৰ সুকীয়া কাব্যশৈলী আৰু সমাজ সচেতনতামূলক লিখনীৰ বাবে পৰিচিত।

হালনাগাদ: ২৯ মে’ ২০২৬ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গংগামোহন মিলি (ইংৰাজী:Gongamohan Mili) একবিংশ শতিকাৰ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী অন্যতম বিশিষ্ট আৰু প্ৰতিভাশালী কবি। তেওঁ মূলত নিজৰ সুকীয়া কাব্যশৈলী আৰু সমাজ সচেতনতামূলক লিখনীৰ বাবে পৰিচিত। ১

জন্ম

১৯৬৮ চনত শিৱসাগৰ জিলাত তেখেতৰ জন্ম হয়। ২

অৱদান

গংগামোহন মিলিয়ে তেখেতৰ কবিতাসমূহত একান্তভাৱে নৈপৰীয়া আৰু আধুনিক মধ্যবিত্ত ব্যক্তিসত্ত্বাৰ নাগৰিক চেতনা, চেতনাবোধ, হতাশা-হুনিয়াহ, বিষাদ-বিছিন্নতা, নিসংগতা আৰু মাটি-মানুহৰ অন্তৰ্লীন সুৰবোৰক জীৱন-অভিজ্ঞতাৰ স্পৰ্শত তুলি ধৰিছে। 'দিচাংমুখৰ এবাতি আপং' কবিতাটিৰ বাবে তেখেতে খ্যাতি লাভ কৰিছে। ৩

স্বীকৃতি

স্বৰ্ণলিপি আলোচনীয়ে তেখেতক ২০২০ চনত 'স্বৰ্ণলিপি কাব্য বঁটা' প্ৰদান কৰে। ৪ 'দিচাংমুখৰ এবাটি আপং' কার্বি ভাষালৈকো অনুদিত হৈছে আৰু তেওঁ ইতিমধ্যে ৰাম গগৈ সোঁৱৰণী বঁটা আৰু মুনীন বৰকটকী বঁটাকে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত হৈছে। ৫

তথ্যসূত্ৰ

  1. ↑ assam.nenow.in/eminent-poet-gangamohan-mili-awar আহৰণ কৰা হৈছে।
  2. ↑ nefocus.com/%e0%a6%b8%e0%a7%81%e0%a6%96%e0%a6%ac আহৰণ কৰা হৈছে।
  3. ↑ assam.nenow.in/eminent-poet-gangamohan-mili-awar আহৰণ কৰা হৈছে
  4. ↑ assam.nenow.in/eminent-poet-gangamohan-mili-awar আহৰণ কৰা হৈছে।
  5. ↑ nefocus.com/%e0%a6%b8%e0%a7%81%e0%a6%96%e0%a6%ac আহৰণ কৰা হৈছে। সংগ্ৰহৰ তাৰিখ ২৯ মে', ২০২৬

সম্পৰ্কিত শ্ৰেণী

মিচিং জনগোষ্ঠীৰ ব্যক্তিঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগামোহন মিলি” প্ৰবন্ধৰ সংশোধন ৬০৯৮২০ (২৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।