অসমীয়া সাহিত্যিক
২৫১ প্ৰবন্ধ
-
বন্দিতা ফুকন
বন্দিতা ফুকন (Bandita Phukan) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা।
-
মাধুৰ্যমণ্ডিত বৰুৱা
মাধুৰ্যমণ্ডিত বৰুৱা (Madhurjyya Mondit Baruah) অসমৰ এগৰাকী লেখক, গৱেষক, ইতিহাসবিদ, ঔপন্যাসিক তথা অধ্যাপক। ওঠৰ বছৰ বয়সত 'গণতন্ত্ৰ' কাকতৰ সম্পাদনাৰে অসমৰ সৰ্বকনিষ্ঠ সম্পাদক ৰূপে স্বীকৃত মাধুৰ্যমণ্ডিত বৰুৱাই ২০১৮ চনত ৰাম সৰস্বতী বঁটা লাভ কৰে।
-
শ্ৰীধৰ কন্দলি
শ্ৰীধৰ কন্দলি (Shridhar Kandali) মধ্যযুগৰ এগৰাকী বিশিষ্ট অসমীয়া কবি আৰু বৈষ্ণৱ সাহিত্যৰ লেখক। তেওঁ মুখ্যতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিত আছিল। তেওঁক ১৫ শতিকাৰ শেষভাগৰ পৰা ১৬ শতিকাৰ মাজভাগলৈকে (শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালৰ সময়ছোৱাত) সক্ৰিয় আছিল বুলি ধৰা হয়।
-
ৰামচৰণ ঠাকুৰ
ৰামচৰণ ঠাকুৰ এগৰাকী বৈষ্ণৱ সাহিত্যিক, চৰিতকাৰ, নাট্যকাৰ, অনুবাদক আছিল। আনুমানিক ১৫২১ খ্ৰীষ্টাব্দত তেওঁ জন্মলাভ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ আছিল ৰামদাস আৰু মাধৱদেৱৰ ভনীয়েক উৰ্বশী। শিশু অৱস্থাৰে পৰা ৰামচৰণ ঠাকুৰে মাধৱদেৱৰ সান্নিধ্য লাভ কৰিছিল।
-
এলি আহমেদ
এলি আহমেদ (Eli Ahmed) অসম, ভাৰতৰ এগৰাকী লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী। তদুপৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলাৰ বাবে প্ৰকাশিত আলোচনী ওৰণি ৰ প্ৰকাশক,সম্পাদিকা আৰু স্বত্বাধিকাৰী। ১৯৭০ চনৰ পৰা এই আলোচনী প্ৰকাশিত হৈ আহিছে।
-
তৰুণ চন্দ্ৰ পামেগাম
তৰুণ চন্দ্ৰ পামেগাম (Tarun Chandra Pamegam, মিচিং: Torun Sondro Pa:megam জন্মঃ ১৬ আগষ্ট ১৯২৪) অসমীয়া তথা মিচিং ভাষাত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ।
-
পদ্ম বৰকটকী
পদ্ম বৰকটকী (১৯২৭-২০০৮) আছিল অসমৰ এজন লেখক আৰু সাংবাদিক। তেওঁৰ পিতৃ আছিল সূৰ্য্যধৰ বৰকটকী আৰু মাতৃ বিনন্দী দেৱী বৰকটকী। ১৯২৭ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰজাহাউলিত তেওঁ জন্ম গ্ৰহণ কৰিছিল।
-
বিশ্বনাৰায়ণ শাস্ত্ৰী
বিশ্বনাৰায়ণ শাস্ত্ৰী (Biswanarayan Shastri) আছিল একাধাৰে ৰাজনীতিক, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি। তেওঁ সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ একমাত্ৰ ঔপন্যাসিক। অবিনাশী(১৯৮৬) নামৰ সংস্কৃত উপন্যাসৰ বাবে তেওঁ ১৯৮৭ চনৰ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
অনুৰাধা শৰ্মা
অনুৰাধা শৰ্মা (Anuradha Sarma) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু সাহিত্যিক। তেখেতে ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত ২০০৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত যোগদান কৰে।
-
উপেন্দ্ৰ বৰকটকী
উপেন্দ্ৰ বৰকটকী অসমীয়া সাহিত্যৰ এগৰাকী সাহিত্যিক। বৰকটকী একাধাৰে অধ্যাপক, সাংবাদিক, সাহিত্য সমালোচক, জীৱনী লিখক হিচাপে পৰিচিত। অসম সাহিত্য সভাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু অসম চৰকাৰৰ ২০০৫ চনৰ সাহিত্যিক পেন্সনপ্ৰাপ্ত বৰকটকীদেৱে প্ৰায় পঞ্চাশখন বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে।
-
জয়ন্তী চুতীয়া
জয়ন্তী চুতীয়া (Joyanti Chutia) এগৰাকী অসমীয়া বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখিকা। ১৯৪৮ চনৰ ১ আগষ্টত শিৱসাগৰ জিলাত আমগুৰিত তেওঁৰ জন্ম হয়। তেওঁৰ মাতৃৰ নাম কুঞ্জলতা আৰু পিতৃ সোণাৰাম চুতীয়া।
-
দিলীপ বৰুৱা
দিলীপ বৰুৱা (Dilip Barua) হৈছে অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, সমালোচক আৰু অনুবাদক। অসম তথা ভাৰতৰ বহুকেইখন শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানত অধ্যাপনা কৰা ড॰ বৰুৱা অনুবাদ আৰু সাহিত্যিক সমালোচনাৰ ক্ষেত্ৰখনৰ লগত জড়িত আছিল। 'ছন পৰা মাটি' আৰু 'আধুনিক মহাদেশীয় কবিতা' হৈছে তেখেতৰ দুখন বিশিষ্ট অনুবাদ গ্ৰন্থ।
-
প্ৰদীপ শইকীয়া
প্ৰদীপ শইকীয়া (Pradip Saikia) অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক, ঔপন্যাসিক। ২০১৬ বৰ্ষত কৈলাস নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সাহিত্য বঁটাপ্ৰাপক।
-
শুচিব্ৰতা ৰায় চৌধুৰী
শুচিব্ৰতা ৰায়চৌধুৰী (Suchibrata Raichoudhury, ১ ছেপ্টেম্বৰ ১৯২৯ – ২ ডিচেম্বৰ ২০০৯) এগৰাকী অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। তেওঁ অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা বিষয়া। ইয়াৰ লগতে তেওঁ অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ আছিল।
-
ৰমেশ পাঠক
ড° ৰমেশ পাঠক (জন্ম: ১ মে' ১৯৪২- মৃত্যু: ২৬ জানুৱাৰী ২০২১) এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা। তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ পাঠক আৰু মাতৃৰ নাম শান্তি পাঠক। জন্মৰ পাছতেই তেখেতৰ মাতৃৰ মৃত্যু হয়।
-
অপৰ্ণা মহন্ত
অপৰ্ণা মহন্ত (২০ আগষ্ট, ১৯৪৬- ২৬ জানুৱাৰী, ২০২২) অসমৰ এগৰাকী নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক। ইংৰাজী সাহিত্যত ডক্টৰেট লাভ কৰা তেখেত প্ৰথম অসমীয়া মহিলা। শিৱসাগৰত জন্মলাভ কৰা মহন্তই শ্বিলঙত স্কুলীয়া শিক্ষা আৰম্ভ কৰি পাছলৈ ১৯৮২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰে।
-
অৰিন্দম বৰকটকী
অৰিন্দম বৰকটকী ( Arindam Borkataki; জন্ম: ১৯৭৬) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ পোৱা প্ৰকাশ আলোচনীৰো সম্পাদক আছিল। অনুশীলন গ্ৰন্থৰ বাবে তেওঁ ২০১১ বৰ্ষত সাহিত্য অকাডেমি যুৱ বঁটা আৰু মুনীন বৰকটকী বঁটা লাভ কৰে।
-
অৰূপ কুমাৰ দত্ত
অৰূপ কুমাৰ দত্ত এজন ভাৰতীয় লেখক তথা সাংবাদিক। তেওঁ প্ৰাপ্ত বয়স্ক সকলৰ বাবে ১৬খন গ্ৰন্থ আৰু কিশোৰ-কিশোৰী সকলৰ বাবে ১৭খন অভিযান উপন্যাস ৰচনা কৰিছে। ২০১৪ চনত এছচিয়েছন অফ ৰাইটাৰছ আৰু ইলাষ্ট্ৰেটৰছ ফৰ চিল্ডৰেনে তেওঁক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।তেওঁ আন্তৰ্জাতিক শিশু বৰ্ষৰ বাবে প্ৰদান কৰা ১৯৭৯ চনৰ…
-
দিলীপ বৰা
অধ্যাপক দিলীপ বৰা (ইংৰাজী Dilip Borah); জন্ম: ১৯৬৪, ১ আগষ্ট) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক) তেওঁ অসমীয়া সাৰেগামা আলোচনীৰ সম্পাদনা উপদেষ্টা আছিল। দৈনিক জনমভূমি আৰু অসমীয়া খবৰ কাকতৰ দৈনিক স্তম্ভ লেখক আছিল। নতুন নিনাদৰ মুক্তভাসৰ নিয়মীয়া লেখক আছিল।
-
প্ৰহ্লাদ কুমাৰ বৰুৱা
ড° প্ৰহ্লাদ কুমাৰ বৰুৱা (Dr Prahlaad Kumar Baruah; ১৯৪৪,২৮ ফেব্ৰুৱাৰী-২০১১,২৪ আগষ্ট) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক। ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাত জন্মলাভ কৰা বৰুৱা পিছলৈ ১৯৭১ চনৰ পৰা ডিব্ৰুগড়ৰ ৰূপনগৰৰ বাসিন্দা হয়।
-
বিনেশ্বৰ ব্ৰহ্ম
বিনেশ্বৰ ব্ৰহ্ম (২৮ ফেব্ৰুৱাৰী, ১৯৪৮ - ১৯ আগষ্ট, ২০০০) (बिनेश्वर ब्रह्म) এজন বড়ো সাহিত্যিক আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। অসমৰ কোকৰাঝাৰ জিলাৰ ভাতাৰমাৰি গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ তাৰামণি ব্ৰহ্ম আৰু মাতৃ সনাথী ব্ৰহ্ম।
-
মৃণাল তালুকদাৰ
মৃণাল তালুকদাৰ হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা।
-
লক্ষ্মীনাথ ফুকন
লক্ষ্মীনাথ ফুকন (১৮৯৭–১৯৭৫) এগৰাকী সাংবাদিক আৰু সাহিত্যিক। ১৯১৫ চনৰ পৰা ১৯৬৪ চনলৈ লক্ষ্মীনাথ ফুকন অসমৰ সংবাদ জগতৰ সৈতে জড়িত হৈ আছিল। সাহিত্যিক হিচাপেও লক্ষ্মীনাথ ফুকনৰ অৱদান উল্লেখনীয়। ১৯১৮ চনতে প্ৰকাশ পোৱা 'মালা' শীৰ্ষক ছটা গল্পৰ সংকলনেৰে সাহিত্য জগতত খোজ দিছিল।
-
সূৰ্যকান্ত হাজৰিকা
সূৰ্যকান্ত হাজৰিকা (জন্ম: ৩১ মে' ১৯৫৬) এগৰাকী ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০০৮ চনত সাহিত্য আৰু শিক্ষা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল। তেখেত বৰ্তমান সাহিত্য সভাৰ সভাপতি।
-
অভিজিত শৰ্মা বৰুৱা
অভিজিত শৰ্মা বৰুৱা (Abhijit Sarma Baruah) হৈছে অসমৰ এগৰাকী লেখক, অনুবাদক।
-
আব্দুছ ছাত্তাৰ
আব্দুছ ছাত্তাৰ
-
কমলেশ্বৰ চলিহা
কমলেশ্বৰ চলিহা (Kamaleswar Chaliha) এগৰাকী কবি,ঔপন্যাসিক হিচাপে সুপৰিচিত। তেখেত যোৰহাটৰ গীতাৰ্থী সমাজ আৰু গুৱাহাটী সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। কমলেশ্বৰ চলিহা 'কচ' স্বপ্ন নামেৰে পৰিচিত।তেখেতে ছাত্ৰাবস্থাতে 'সংসাৰী' নামৰ কবিতা পুথিখন ৰচনা কৰিছিল।
-
কল্যাণ ভূঞা
কল্যাণ ভূঞা (ইংৰাজী: Kalyan Bhuyan, জ. ১৯৭৫) এগৰাকী কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু লোকবোধ্য বিজ্ঞান লেখক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে কৰ্মৰত ড° কল্যাণ ভূঞাই অসমৰ আগশাৰীৰ কাকত-আলোচনীত তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু বিজ্ঞানৰ ইতিহাস বিষয়ক জনপ্ৰিয় বিজ্ঞানধৰ্মী প্ৰবন্ধ…
-
কুমুদেশ্বৰ বৰঠাকুৰ
কুমুদেশ্বৰ বৰঠাকুৰ ঊনবিংশ শতিকাৰ শেষৰফালে অসমীয়া ভাষা-সাহিত্যলৈ বিশেষ বৰঙণি যোগোৱা এজন সাহিত্যিক। তেওঁৰ জন্ম হয় শিৱসাগৰত ১৮৯৩ চনত। তেওঁৰ পিতৃ আছিল খগেশ্বৰ বৰঠাকুৰ আৰু মাতৃ গোলাপী দেৱী। ইংৰাজে বৰঠাকুৰৰ ঘৰখনক "নগৰ মহল মৌজাদাৰ" পাতিছিল যদিও পৰৱৰ্তী কালত তেওঁলোকে মৌজা লাভ কৰা নাছিল।
-
পল্লৱী ডেকা বুজৰবৰুৱা
পল্লৱী ডেকা বুজৰবৰুৱা (Pallavi Deka Buzarboruah) হৈছে এগৰাকী অসমীয়া লেখিকা, অনুবাদক, সম্পাদক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত৷ অসমত ‘তুলনামূলক ভাৰতীয় সাহিত্য’বিষয়টোক কেন্দ্ৰ কৰি তেখেতে ইতিমধ্যে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে৷…