অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বসন্ত কুমাৰ গোস্বামী

বসন্ত কুমাৰ গোস্বামী ( Basanta Kumar Goswami) এগৰাকী অসমীয়া সাহিত্যিক তথা গৱেষক। তেওঁ অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বসন্ত কুমাৰ গোস্বামী ( Basanta Kumar Goswami) এগৰাকী অসমীয়া সাহিত্যিক তথা গৱেষক। তেওঁ অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪২ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে গোলাঘাট জিলাৰ ঢেকিয়ালত জন্মগ্ৰহণ বসন্ত কুমাৰ গোস্বামীয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘থিয়ৰী অৱ আছামিজ ডিছনাৰী’ বিষয়ত ডক্টৰেট লাভ কৰিছিল।২

কৰ্মজীৱন

ড০ গোস্বামী কৰ্মময়ী জীৱন অধ্যাপনাৰ মাজেৰেই পাৰ হৈছিল। গোলাঘাটৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ত ১৯৬৩ চনৰ পৰা ৪বছৰৰ বাবে তেওঁ শিক্ষকতা কৰিছিল। ১৯৭০চনত ড০ গোস্বামীয়ে দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাটত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯৮চনত তেওঁ এই বিভাগৰ মুৰব্বী অধ্যাপক হৈছিল।২

তেওঁ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অংশকালীন অধ্যাপক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ অতিথি অধ্যাপকো আছিল। বিভিন্ন গৱেষণামূলক কামৰ সৈতে জড়িত ড০ গোস্বামী যোৰহাট সাহিত্য সভাৰ সম্পাদক, অসম সাহিত্য সভাৰ ভাষা জ্ঞান পৰীক্ষা সংসদৰ সচিব, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক আৰু দুটা কাৰ্যকালৰ প্ৰধান সম্পাদকো আছিল।২

সাহিত্য চৰ্চা

বহু সন্মানেৰে সন্মানিত ড০ গোস্বামীৰ গ্ৰন্থপঞ্জীৰ সংখ্যা প্ৰায় ৪৪খন। ইয়াৰ ভিতৰত ২৫খন সম্পাদিত গ্ৰন্থও আছে। অভিধান প্ৰণেতা হিচাপেও তেওঁ সুপ্ৰতিষ্ঠিত।

হোমেন বৰগোহাঞি অসম সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ত ড০ বসন্ত কুমাৰ গোস্বামী প্ৰধান সম্পাদক আছিল। সেই কাৰ্যকালতে অসমীয়া বিশ্বকোষৰ প্ৰকল্প হাতত লোৱা হৈছিল আৰু ইয়াৰ ৫টা খণ্ড প্ৰকাশ কৰিছিল। বৰগোহাঁঞিয়ে তেওঁৰ লেখাত বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ ইতিহাসৰ এজন সৰ্বশ্ৰেষ্ঠ প্ৰধান সম্পাদক বুলিও আখ্যা দিছিল।২

তথ্যসূত্ৰ

  1. ↑ (29 December 2024). Asam Sahitya Sabha Poll Results: Dr Basanta Goswami Elected President. Pratidin Times
  2. ↑ (11 November 2024). সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি জন... অসমীয়া প্ৰতিদিন. অসমীয়া প্ৰতিদিন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসম সাহিত্য সভাৰ সভাপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসন্ত কুমাৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫৭২৫৮৭ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।