ইমৰান হুছেইন (১৯৬৬) এজন লেখক, সমালোচক, অধ্যাপক। ২০০৩ চনত সাহিত্য একাডেমীয়ে অসমীয়া ভাষাত প্ৰকাশ কৰা তেওঁৰ প্ৰথম গল্পপুথিখনৰ নাম হৈছে- হুদুমদেও আৰু অন্যান্য৷ তেওঁ অসমৰ সাহিত্য আলোচনী মাটিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেওঁ অসমৰ ছিপাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেওঁৰ ‘বাঁক’ শীৰ্ষক গল্পটোক লৈ অসমীয়া চলচিত্ৰ ‘বাঁকৰ পুতেক’ নিৰ্মাণ কৰা হৈছে৷ তেওঁৰ গল্প অসমৰ দুখন বিশ্ববিদ্যালয়ৰ লগতে কলেজ পৰ্যায়তো পাঠ্যপুথি হিচাপে নিৰ্বাচিত হৈছে৷
সংক্ষিপ্ত জীৱন
তেওঁৰ জন্ম হয় ১৯৬৬ চনত৷ ধুবুৰী জিলাত৷ তেওঁৰ পিতৃৰ নাম ইয়াকত হুছেইন আৰু মাতৃৰ নাম নুৰ্ আফৰোজ৷ তেওঁ চিপাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷
সাহিত্যৰাজি
- ৰূপান্তৰৰ গদ্য, সম্পা, ২০০৬
- হুদুমদেও আৰু অন্যান্য, গল্প সংকলন, ২০০৩
- অস্থিৰ প্ৰান্তৰ, সম্পাদনা, ২০১১
- আধুনিক আৰু উত্তৰ আধুনিক পৰিভাষাকোষ, ২০১১১
- অসমীয়া অশিষ্ট শব্দকোষ আৰু গালি শপনি, ২০২০২
সামাজিক অৱদান
তেওঁ অসম মাদ্ৰাছা বৰ্ডৰ চেয়াৰমেন হিচাপে ২০১৮ চনৰপৰা ২০২১ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৫ চনৰপৰা ২০২০ চনলৈকে অসম চৰকাৰৰ উচ্চ শিক্ষাৰ প্ৰকাশন বিভাগৰ সদস্য হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ অসম প্ৰকাশন পৰিষদৰ ‘প্ৰকাশ’ আলোচনীৰ উপদেষ্টা পৰিষদৰ সদস্য হিচাপেও ২০১৫ চনৰপৰা ২০২০ চনলৈকে কাম কৰিছিল। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ‘কালছাৰ আইডেনটিটি গ্ৰুপ’ৰ সদস্য হিচাপেও তেওঁ ২০২১ বৰ্ষৰপৰা জড়িত হৈ আছে।
বঁটা আৰু সন্মান
- কথা সাহিত্য বঁটা, ১৯৯৯
- চন্দ্ৰপ্ৰভা বৰুৱা মেম’ৰিয়েল সাহিত্য বঁটা, ২০০১
- জেহিৰুল হুছেইন মেম’ৰিয়েল এৱাৰ্ড, ২০০৭
তথ্যসূত্ৰ
- ↑ ইমৰান হুছেইন. Adhunik Aru Uttar-Adhunik Paribhasakosh Hardcover – 1 January 2011. JYOTI PRAKASHAN
- ↑ ইমৰান হুছেইন. AXOMIA ASHISTHO SABDAKOSH ARU GALI – XAPANI অসমীয়া অশিষ্ট শব্দকোষ আৰু গালি শপনি: ইমৰান হুছেইন (PANCHAJANYA BOOKS). পাঞ্চজন্য বুকচ্
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমৰান হুছেইন” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৩৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।