হেমেন দাস (Hemen Das) অসমৰ এজন শীৰ্ষস্থানীয় মঞ্চ আৰু চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু লেখক। তেওঁ অসম সচিবালয়ত কাৰ্যনিৰ্বাহ কৰিছিল, য’ৰ পৰা তেওঁ ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে।১ তেওঁ পৰিচালনা কৰা প্ৰথম ছবি যুঁজ-এ (১৯৯০) ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত-কমল লাভ কৰিছিল।২
চলচ্চিত্ৰ জগতলৈ অৱদান
দুলাল ৰয়ৰ আশ্ৰয় ছবিৰ যোগেদি চলচ্চিত্ৰ জগত প্ৰবেশ কৰা হেমেন দাসে নিজাববীয়াকৈ তিনিখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি পৰিচালনা কৰিছে-
অসমীয়া সংস্কৃতিৰ নিখুঁত উপস্থাপন তেওঁৰ প্ৰথম ছবি যুঁজ-এ ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ দ্বিতীয় ছবি গৰখীয়া এখন শিশুছবি; য’ত প্ৰকৃতিৰ পৰা জ্ঞান আৰু শিক্ষা আহৰণ কৰা এজন গৰখীয়াৰ কাহিনী চিত্ৰায়ণ কৰা হৈছে। পূৰ্ণদৈৰ্ঘ্য ছবি পৰিচালনাত হাত দিয়া সুদীৰ্ঘ ২২বছৰ পিছত ২০১৭ চনত তেওঁৰ জীৱনৰ তৃতীয় আৰু শেষ ছবি পৰিচালিত ছবি মৃগনাভি মুক্তি পায়। এই ছবিখনে বহুকেইটা চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।১
ইয়াৰ উপৰিও আন কেইখনমান ছবিও তেওঁ পৰিচালনা কৰিছে-
- আঘোণৰ নতুন বাট (১৯৯৫) (টেলিফিল্ম)
- Marriage Ritual of the Tribes of Arunachal Pradesh (তথ্যচিত্ৰ)
- Dr. Saran’s e-HRD Model (ভিডিঅ’ ফিল্ম)১
তথ্যসূত্ৰ
- ↑ Hemen Das, Actor, Writer, Critic, Stage and Film Director. www.asomlive.com
- ↑ (1991). ৩৮তম চলচ্চিত্ৰ মহোৎসৱ, পিডিএফ পৃঃ ৫৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমেন দাস” প্ৰবন্ধৰ সংশোধন ৪৬৮৫৯১ (৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।