অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰিনাৰায়ণ দত্তবৰুৱা

হৰিনাৰায়ণ দত্তবৰুৱা (১৮৮৫-১৯৫৮) এগৰাকী প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু প্ৰকাশক৷ তেওঁ ভালেসংখ্যক অসমীয়া মাধ্যমৰ পাঠ্যপুথি আৰু শংকৰ-মাধৱৰ কৰ্মৰাজি পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰাত অৱদান আগবঢ়াইছিল৷ অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ গুৱাহাটীত 'বৰুৱা এজেন্সি', 'শ্ৰীগুৰু প্ৰেছ' আৰু 'দত্তবৰুৱা এণ্ড…

হালনাগাদ: ১৪ মাৰ্চ ২০২৬ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

হৰিনাৰায়ণ দত্তবৰুৱা (১৮৮৫-১৯৫৮) এগৰাকী প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু প্ৰকাশক৷১ তেওঁ ভালেসংখ্যক অসমীয়া মাধ্যমৰ পাঠ্যপুথি আৰু শংকৰ-মাধৱৰ কৰ্মৰাজি পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰাত অৱদান আগবঢ়াইছিল৷ অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ গুৱাহাটীত 'বৰুৱা এজেন্সি', 'শ্ৰীগুৰু প্ৰেছ' আৰু 'দত্তবৰুৱা এণ্ড কোম্পানী' আদি প্ৰতিষ্ঠা কৰে৷ তাৰোপৰি অসমত শিক্ষাৰ প্ৰচাৰ আৰু শংকৰী ধৰ্মৰ প্ৰসাৰতো তেওঁ অগ্ৰণী ভূমিকা লৈছিল৷

শৈশৱ

হৰিনাৰায়ণ দত্তবৰুৱাৰ জন্ম হয় অসমৰ কামৰূপৰ (বৰ্তমান নলবাৰী জিলা) বাঁহজানী মৌজাৰ অন্তৰ্ভুক্ত পূব কালাকুচি গাঁৱত ১৮৮৫ চনত (১৮০৭ শকৰ ১৮ ভাদৰ দিনা)৷ ২ তেওঁৰ পিতৃৰ নাম দেবীৰাম আৰু মাতৃ উমাপ্ৰিয়া৷ হৰিনাৰায়ণ দত্তবৰুৱাৰ কনিষ্ঠ ভাতৃ বিচিত্ৰ নাৰায়ণ দত্তবৰুৱাই এসময়ত গুৱাহাটীৰ প্ৰসিদ্ধ প্ৰকাশন 'লয়াৰ্চ বুক ষ্টল'ৰ প্ৰতিষ্ঠা কৰে৷১

শিক্ষাজীৱন

হৰিনাৰায়ণ দত্তবৰুৱাই পূব কালাকুচি গাঁৱৰ চৰিয়া পঢ়াশালিত বিদ্যাৰম্ভ কৰে৷ ১৯০৪ চনত তেওঁ নলবাৰীৰ পৰা মাইনৰ স্কুলৰ পৰীক্ষা পাছ কৰিলে৷ ঘৰৰ অৰ্থনৈতিক দুৰাৱস্থাৰ বাবে তেওঁ শিক্ষাজীৱন ইমানতে সামৰিব লগাত পৰে৷১

কৰ্মজীৱন

শিৱসাগৰৰ টেঙামমধুৰী বিদ্যালয়ত শিক্ষকতাৰে হৰিনাৰায়ণ দত্তবৰুৱাই কৰ্মজীৱন আৰম্ভ কৰে৷ ইয়াত চাকৰি কৰি থকাৰ সময়তে তেওঁ যোৰহাটত নৰ্মাল প্ৰশিক্ষণৰ সুবিধা লাভ কৰে৷ পৰৱৰ্ত্তী কালত তেওঁ অসমৰ বিভিন্ন ঠাই যেনে নগাওঁ, গুৱাহাটী, উত্তৰ লখিমপুৰ, কাকজান আদিৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰে৷১ এই সময়ছোৱাতে তেওঁ সাহিত্য ৰচনাত মনোনিবেশ কৰিবলৈ লয়৷৷ ১৯৩৮ চনত তেওঁ যোৰহাট নৰ্মাল স্কুলৰ ছুপাৰিন্টেণ্ডেন্ট হিচাপে কৰ্ম জীৱনৰ পৰা অৱসৰ লয়৷

অৱদান

শিক্ষকতা কৰা কালত অসমীয়া মাধ্যমৰ পাঠ্যপুথিৰ অভাৱ দেখা পাই হৰিনাৰায়ণ দত্তবৰুৱাই শিশু সাহিত্যৰ গ্ৰন্থ ৰচনা কৰিবলৈ লয়৷ যোৰহাটৰ প্ৰকাশক 'বৰকটকী কোম্পানী'ৰ যোগেদি তেওঁ অসমীয়া মাধ্যমত সাতখন পাঠ্যপুথি প্ৰকাশ কৰে৷

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে গুৱাহাটীত 'বৰুৱা এজেন্সি' প্ৰতিষ্ঠা কৰে৷ তাৰোপৰি প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰসাৰৰ বাবে গুৱাহাটীত তেওঁ অসমৰ প্ৰথমটো বৃহৎ আধুনিক ছপাশাল 'শ্ৰীগুৰু প্ৰেছ' প্ৰতিষ্ঠা কৰে৷ এই শ্ৰীগুৰু প্ৰেছৰ পৰাই এসময়ৰ বিখ্যাত 'নীলাচল' বাতৰি কাকত প্ৰকাশ পাইছিল৷ তেওঁৰেই 'দত্তবৰুৱা এণ্ড কোম্পানী' ব্যৱসায় প্ৰতিষ্ঠানে অসমীয়া গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে৷

গ্ৰন্থৰাজি

সংকলন আৰু সম্পাদনা

  • মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ
  • দ্বাদশ স্কন্ধ ভাগৱত
  • ৰাম সৰস্বতীৰ অসমীয়া মহাভাৰত
  • শংকৰ বাক্যামৃত
  • অসমীয়া মহাভাৰত
  • চিত্ৰ ভাগৱত
  • কথাগুৰু চৰিত
  • ভক্তিবিবেক
  • শংকৰদেৱৰ বাণী আৰু অন্যান্য

ৰচনা

  • প্ৰাচীন কামৰূপীয়া কায়স্থ সমাজৰ ইতিবৃত্ত
  • পুষ্পাৱলী (উপাৰ্জুন শইকীয়াৰ সৈতে যুটীয়াভাৱে লিখা কবিতা পুথি)
  • চিত্ৰদৰ্শন (উপন্যাস)
  • ভাৰত দৰ্শন (ভ্ৰমণ কাহিনী)

শিশু পুথি

  • ল'ৰা পাঠ

মৃত্যু

১৯৫৮ চনত ৭৩ বছৰ বয়সত হৰিনাৰায়ণ দত্তবৰুৱাৰ মৃত্যু হয়৷১

তথ্যসূত্ৰ

  1. ↑ 'এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া' (দ্বিতীয় খণ্ড), হেমন্ত কুমাৰ ভৰালী, চিত্ৰলেখা পাব্লিকেশ্বনচ, গুৱাহাটী
  2. ↑ 'বংশৰ গুৰিকথা'- হৰিনাৰায়ণ দত্তবৰুৱা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিনাৰায়ণ দত্তবৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৮৮৩৮৮ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।