অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উষাৰাণী বৰুৱা

ড° উষাৰাণী বৰুৱা (Dr Usharanee Baruah; ১৯৫১, ১ এপ্ৰিল -২০২১,১৮ জুন) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মুৰব্বী অধ্যাপিকা ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২১ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ড° উষাৰাণী বৰুৱা (Dr Usharanee Baruah; ১৯৫১, ১ এপ্ৰিল -২০২১,১৮ জুন) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মুৰব্বী অধ্যাপিকা ৰূপে অৱসৰ গ্ৰহণ কৰিছিল। ১২ ৩৪৫ ড° মহেশ্বৰ নেওগৰ অধীনত "অসমীয়া ভাষা-সাহিত্যত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ ভূমিকাঃ এটি বিশ্লেষণাত্মক অধ্যয়ন" বিষয়ত গৱেষণা কৰি তেওঁ ১৯৯৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তিনিখন শিশু পুথি আৰু তিনিখন প্ৰবন্ধৰ কিতাপৰ লগতে তেওঁ হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাঃ কৃতি আৰু কৃতিত্ব শীৰ্ষক সমালোচনামূলক গ্ৰন্থ এখনো ৰচনা কৰে।৬৭ তেখেতৰ স্বামী হৈছে অসমৰ বিশিষ্ট লেখক, শিক্ষাবিদ ড° প্ৰহ্লাদ কুমাৰ বৰুৱা।৮

জন্ম আৰু শিক্ষা

উষাৰাণী বৰুৱাই ১৯৫১ চনৰ ১ এপ্ৰিলত শিৱসাগৰ জিলাৰ জোকতলি মৌজাৰ মেছাগড় গাঁৱত৬ জন্মলাভ কৰে। তেওঁৰ পিতৃ আছিল কুশৰাম বৰগোহাঁই আৰু মাতৃ আছিল ভবাণী বৰগোহাঁই। উষাৰাণীৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল মৰাণ খুমটাই চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত। ইয়াৰ পিছত জোকতলি হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ মহাবিদ্যালয়ৰপৰা প্ৰাক্‌স্নাতক উত্তীৰ্ণ হয়। ১৯৭১ চনত গড়গাঁও মহাবিদ্যালয়ৰ পৰা উষাৰাণী বৰুৱাই স্নাতক ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ ১৯৭৩ চনত অসমীয়া বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি. গ্ৰুপত আৰু ১৯৭৫ চনত এ গ্ৰুপত পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।৭ গৱেষণাৰ বিষয় আছিল "অসমীয়া ভাষা-সাহিত্যত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ ভূমিকাঃ এটি বিশ্লেষণাত্মক অধ্যয়ন।" ১

কৰ্মজীৱন

উষাৰাণী বৰুৱাই ১৯৭৩ চনত শিৱসাগৰ পাটসাঁকো মহাবিদ্যালয়ত মাত্ৰ ছমাহৰ বাবে অধ্যাপনা কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত ১৯৭৪ চনৰ পৰা ১৯৭৮ চনলৈকে চাৰি বছৰ নগাঁওৰ কামপুৰ মহাবিদ্যালয়ত আৰু ১৯৭৮ চনৰ পৰা ১৯৮২ চনলৈকে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত অধ্যাপনা কৰে। তাৰ পিছত তেওঁ ১৯৮২ চনত কানৈ মহাবিদ্যালয়ত যোগদান কৰি ২০১১ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।৭ ১

ব্যক্তিগত জীৱন

১৯৭৬ চনৰ ২২ নৱেম্বৰত উষাৰাণী বৰুৱা প্ৰহ্লাদ কুমাৰ বৰুৱাৰ৯ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১০ তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান শ্ৰী মৌচুম বৰুৱা।১১ ১২ইংৰাজী বিষয়ত সুখ্যাতিৰে শিক্ষা সাং কৰা মৌচুম বৰুৱাই ২০০৮ চনৰ পৰা ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীত শিক্ষকতা কৰি আছে। তাৰ আগতে পাৰিজাত একাডেমীত ২০০৪-০৫ চনত আৰু ডিব্ৰু কলেজত অস্থায়ী শিক্ষকৰূপে ২০০৫ চনৰ পৰা ২০০৮ চনলৈকে শিক্ষকতা কৰিছিল।৯

সাহিত্যিক অৱদান

উষাৰাণী বৰুৱাৰ বিভিন্ন গ্ৰন্থৰাজি হৈছে১ প্ৰবন্ধ সংকলন

  • সাহিত্যৰ সম্ভাৰ (২০০০)
  • প্ৰবন্ধ সঁফুৰা (২০০৩)
  • প্ৰবন্ধ মল্লিকা (২০০৫)

সমালোচনামূলক গ্ৰন্থ

  • হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাঃ কৃতি আৰু কৃতিত্ব(২০০৬)

শিশু সাহিত্য

  • অকণিৰ শংকৰদেৱ আৰু মাধৱদেৱ(২০০৩)
  • কিতাপ পঢ়োঁ আহাঁ(২০০৫)
  • কীৰ্তনৰ সাধু (২০০৫)

সম্পাদিত গ্ৰন্থ

  • হীৰক জ্যোতি (২০১০)
  • স্বশিক্ষণ আহিলাঃ অসমীয়া পাঠ্যক্ৰম এ এছ-১০৫ অসমীয়া কবিতা দূৰসংযোগ শিক্ষা,ডিব্ৰুগড় বিশ্ববিদ্যালয়

মৃত্যু

২০২১ চনৰ ১৮ জুন তাৰিখে প্ৰায় সত্তৰ বছৰ বয়সত ডিব্ৰুগড়ৰ ৰূপনগৰস্থিত নিজা বাসভৱন 'জ্যোতি বন'ত উষাৰাণী বৰুৱাৰ দেহাৱসান ঘটে।১

তথ্যসূত্ৰ

  1. ↑ (১৯ জুন,২০২১). ড° উষাৰাণী বৰুৱাৰ বিয়োগ,ডিব্ৰুগড়ত গভীৰ শোক
  2. ↑ (১৯ জুন,২০২১). বিশিষ্ট শিক্ষাবিদ লেখিকা ড° উষাৰাণী বৰুৱাৰ মৃত্যু. দৈনিক জনমভূমি
  3. ↑ (১৯ জুন,২০২১). শিক্ষাবিদ ড° উষাৰাণী বৰুৱাৰ বিয়োগ. অসমীয়া প্ৰতিদিন
  4. ↑ (১৯ জুন,২০২১). অৱসৰ প্ৰাপ্ত অধ্যাপিকা লেখিকা ড° উষাৰাণী বৰুৱাৰ পৰলোক. দৈনিক অগ্ৰদূত
  5. ↑ (১৯ জুন,২০২১). অধ্যাপিকা লেখিকা ড° উষাৰাণী বৰুৱাৰ দেহাৱসানঃ ডিব্ৰুগড়ত শোক. অসমীয়া খবৰ
  6. ↑ (২০১১). অসম লেখক কোষ. অসম সাহিত্য সভা
  7. ↑ অঞ্জনা গগৈ. (২৬ ডিচেম্বৰ, ২০১৪). অসমৰ ১০০ গৰাকী বৰেণ্য নাৰী
  8. ↑ ড° প্ৰহ্লাদ কুমাৰ বৰুৱা. (ছেপ্টেম্বৰ,২০১২). জীৱনে মোক কি দিলে. বনলতা
  9. ↑ কিৰণময়ী শইকীয়া,উত্তম কুমাৰ বৰুৱা. (ফেব্ৰুৱাৰী,২০০১). ডিবৰুৰ সাহিত্য জীৱন. চিন্তাদূত সাহিত্য চ'ৰা
  10. ↑ ড° উষাৰাণী বৰুৱা. (২০০৬). সাগৰ সঙ্গমত, সোণালী শইচৰ ছেঁই ড° প্ৰহ্লাদ কুমাৰ বৰুৱা. শ্ৰী নৱ কলিতা,কিৰণ প্ৰকাশন. পৃ. ২৫৩,২৬৭
  11. ↑ মৌচম গগৈ. (২০০৬). সোণালী শইচৰ ছেঁই ড° প্ৰহ্লাদ কুমাৰ বৰুৱা. শ্ৰী নৱ কলিতা,কিৰণ প্ৰকাশন
  12. ↑ (২৬ আগষ্ট,২০১১). বিশিষ্ট সাহিত্যিক ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মৃত্যু. দৈনিক অসম

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদঅসমীয়া গল্পকাৰঅসমীয়া সাহিত্যিকঅসমীয়া প্ৰবন্ধকাৰঅসমীয়া সমালোচক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষাৰাণী বৰুৱা” প্ৰবন্ধৰ সংশোধন ২৯৯৩৪৪ (২১ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।