নীৰাজনা মহন্ত বেজবৰা (Nirajana Mahanta Bezborah) হৈছে এগৰাকী অসমীয়া সাহিত্যিক, অনুবাদক, অধ্যাপক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ বিংশ শতিকাৰ শেষৰফালে তুলনামূলক ভাৰতীয় সাহিত্য বিষয়ত গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰা নীৰাজনা মহন্ত বেজবৰা বৰ্তমান সময়ত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ বিষয়ৰ এগৰাকী অগ্ৰণী গৱেষক৷ সেইদৰে অসমীয়া অনুবাদ সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতৰ নামটো প্ৰতিনিধিত্বমূলক৷১
জন্ম
তেখেতৰ জন্ম হয় ১৯৬১ চনত ৷ পিতৃৰ নাম বাপচন্দ্ৰ মহন্ত আৰু মাতৃৰ নাম কেশদা মহন্ত৷২ ৩
শিক্ষা আৰু কৰ্মজীৱন
তেখেতে জে. বি. কলেজৰপৰা সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷ ১৯৮২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰপৰা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ৷ ১৯৯২ চনত তেখেতে মণিপুৰ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে৷ গৱেষণাৰ বিষয় আছিল মগহী ঔৰ অসমীয়া লোকগীতো কা তুলনামূলক অধ্যায়ন। তেখেতে ডি.এইচ.এচ.কে. কলেজৰ হিন্দী অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। এই চাকৰিত দহ বছৰ থকাৰ অন্তত তেখেতে দুবছৰৰ বাবে (১৯৯৩-৯৪) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অংশকালীন অধ্যাপক হয়। ১৯৯৫ৰ পৰা ২০০৫লৈ তেখেত একেখন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰত অন্তৰ্গত তুলনামূলক ভাৰতীয়া সাহিত্য শাখাৰ ৰীডাৰ হিচাপে সেৱা আগবঢ়ায়। তাৰপিছত তেখেতৰ অধ্যাপক পদলৈ পদোন্নতি হয়।১
সাহিত্যৰাজি
প্ৰবন্ধ সংকলন
১) তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা, ১৯৯৪, শঙ্কৰদেৱ প্ৰকাশন, ডিব্ৰুগড়
২) সাহিত্যৰ সমাজতত্ত্ব সিদ্ধান্ত আৰু প্ৰয়োগ, ১৯৯৪, প্ৰাঞ্জল বেজবৰা, ডিব্ৰুগড়
৩) অনুবাদ কলা,১৯৯৭,প্ৰাঞ্জল বেজবৰা, ডিব্ৰুগড়
৪) তুলনামূলক ভাৰতীয় সাহিত্য, ১৯৯৯, বনলতা, ডিব্ৰুগড়
৫) পটভূমিত তুলনামূলক সাহিত্য, ২০০২, বনলতা, ডিব্ৰুগড়
৬) লোকতত্ত্ব জিজ্ঞাসা, ২০০৪,বনলতা, ডিব্ৰুগড়
৭) যোগাযোগ কলা, বনলতা, ডিব্ৰুগড়৪
৮) পাঠকৰ দৰ্পণত অসমীয়া সাহিত্য, ২০০৭,ডিব্ৰুগড়
৯) অনুবাদ: তত্ত্ব আৰু প্ৰয়োগ (গ্ৰন্থ), ২০০৯, বনলতা, ডিব্ৰুগড় ৫
১০) সাহিত্যৰ সমাজত্ত্ব, সিদ্ধান্ত আৰু প্ৰয়োগ, ২০১১, বনলতা, ডিব্ৰুগড়
১১) তুমিয়ে মোক বিদ্ৰোহী কৰিলা, ২০১৪, বনলতা, ডিব্ৰুগড়
১২) তুলনামূলক সাহিত্য: কি কিয় আৰু কেনেকৈ, ২০১৯, বনলতা, ডিব্ৰুগড়
১৩) ব্যক্তিত্ব, সুকুমাৰ কৌশল আৰু যোগাযোগ, ২০২১, অসম বুক ট্ৰাষ্ট
১৪) তুলনামূলক ভাৰতীয় সাহিত্য অভিমুখে, নক্সা প্ৰকাশন, ডিব্ৰুগড়
উপন্যাস
১) মোৰ দন্ত অন্বেষণৰ কাহিনী, ২০২০, নক্সা প্ৰকাশন, ডিব্ৰুগড়
২) সোণজুৰিৰ কথকতা, ২০২১, নক্সা প্ৰকাশন, ডিব্ৰুগড়
সম্পাদিত গ্ৰন্থ
১) Tradition of The Ramayana in Eastern India(Edited), 2002, Assamese Department, D.U.
২) জীৱনৰ বিচিত্ৰ ৰং (যুতীয়াভাৱে সম্পাদনা), ২০০৫, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
৩) নিৰ্বাচিত ভাৰতীয় কবিতা,যুতীয়াভাৱে সম্পাদিত, ২০০৫, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
অনুবাদ গ্ৰন্থ
১) আহাৰ মাহৰ এদিন, হিন্দী ভাষাৰপৰা অসমীয়ালৈ অনুবাদিত, ১৯৯৩, শঙ্কৰদেৱ প্ৰকাশন
২) জ্যোতি প্ৰতিভা, অসমীয়া ভাষাৰপৰা হিন্দীলৈ অনুবাদিত, (সম্পাদনা), ১৯৬৬, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
৩) দলিত সাহিত্য, হিন্দী ভাষাৰপৰা অসমীয়ালৈ অনুবাদিত, ১৯৬৬, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
৪) বিদ্যাপতি, ইংৰাজী ভাষাৰপৰা অসমীয়ালৈ অনুবাদিত, সাহিত্য অকাডেমী, নতুন দিল্লী
৫) উপদেশ সাৰ, হিন্দী, সংস্কৃত আদি ভাষাত, ১৯৮৬, জাহ্নৱী প্ৰকাশন
৬) অভিজ্ঞানম-শকুন্তলম, সংস্কৃত ভাষাৰপৰা অসমীয়ালৈ, বনলতা, ডিব্ৰুগড়
৭) সংশয়ৰ এৰাতি, হিন্দী ভাষাৰপৰা অসমীয়ালৈ, ২০০৫, কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়
৮) অনামদাশৰ পুথি, হিন্দী ভাষাৰপৰা অসমীয়ালৈ, ২০১৪, বনলতা, ডিব্ৰুগড়
৯) হানুছ, হিন্দী ভাষাৰপৰা অসমীয়ালৈ, ২০১৭, বনলতা, ডিব্ৰুগড়
১০) জীৱনৰ অন্য এক নাম (হিন্দী, উড়িয়া, ইংৰাজী, বাংলা আদি ভাষালৈ অনুবাদিত,সম্পাদনা) বনলতা, ডিব্ৰুগড় ১১) কোনোবাই তো..., হিন্দী ভাষাৰপৰা অসমীয়ালৈ, ২০২১, নক্সা প্ৰকাশন, ডিব্ৰুগড়
জীৱনী গ্ৰন্থ
১) ৰক্তবৰ্ণে জ্বলে ( উদ্ভাৱক উদ্ধৱ ভৰালীৰ জীৱনৰ নিৰ্বাচিত পৃষ্ঠা), ২০২৩, বনলতা, ডিব্ৰুগড়, অসম৬
তথ্যসূত্ৰ
- ↑ Nirajana Mahanta Bezborah. বিশ্ববিদ্যালয়ৰ ৱেবচাইট
- ↑ Sarma, Pradip Kumar. (31/07/1999). Hindi in Assam: Past, Present & Future
- ↑ (27 March 2018). ৰামায়ণী সাহিত্যৰ বিশিষ্ট গৱেষক কেশদা মহন্ত আৰু নাই. অসমীয়া প্ৰতিদিন
- ↑ www.scientiabooks.in/product/yogayog-kala/{{Dead link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/anubad-tattva-aru-p link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ scientiabooks.in/product/rakta-barne-jvale-uddha link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰাজনা মহন্ত বেজবৰা” প্ৰবন্ধৰ সংশোধন ৬২১১১০ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।