অসমীয়া চলচ্চিত্ৰ
২৮০ প্ৰবন্ধ
-
তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন ৰোমান্তিক তথা এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু এন. কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি।
-
দীনবন্ধু (চলচ্চিত্ৰ)
দীনবন্ধু হৈছে ২০০৪ চনৰ ১৫ অক্টোবৰত মুক্তি লাভ কৰা মুনিন বৰুৱা পৰিচালিত আৰু কৃষ্ণ ৰয়, গোপাল জালান প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত বহুপঠিত "যৌতুক" নামৰ গল্প আৰু পিছলৈ আৱাহন থিয়েটাৰৰ বাবে লিখা "দীনবন্ধু" নাটকৰ ওপৰত ভিত্তি কৰি এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল।
-
দূৰণীৰ ৰঙ
দূৰণীৰ ৰঙ (Duranir Rong ) ১৯৭৯ত মুক্তিপ্ৰাপ্ত জন্ছ মহলীয়া পৰিচালিত আৰু প্ৰযোজিত এখন ক’লা-বগা অসমীয়া ছবি। পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটৰ পৰিচালনা বিভাগৰ সদ্যোত্তীৰ্ণ মহলীয়াৰ এইখন প্ৰথম পৰিচালিত ছবি আছিল।
-
পাপৰি
পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে।
-
লটিঘটি
লটিঘটি (Lotighoti) হৈছে ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত এখন সঙ্গীতপ্ৰধান হাস্য-ব্যংগ কথাছবি। কামৰূপ চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনে ১৯৬৬ চনত মুক্তিলাভ কৰিছিল।
-
লাচিত বৰফুকন (চলচ্চিত্ৰ)
লাচিত বৰফুকন (Lachit Borphukan) ১৯৬১ চনত মুক্তিলাভ কৰা এখন বুৰঞ্জীমূলক অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন। সমবায় ভিত্তিত গঠিত 'প্ৰাগজ্যোতি কলা মন্দিৰ'ৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। নাম ভূমিকাত অভিনয় কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে।
-
সন্ধ্যাৰাগ (চলচ্চিত্ৰ)
সন্ধ্যাৰাগ (Sandyaraag) ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। 'বানপ্ৰস্থ' শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।
-
সাৰথি (চলচ্চিত্ৰ)
সাৰথি (Sarothi) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া বোলছবি। ড॰ শইকীয়াই ছবিখন কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ১৯৯১ চনত মুক্তি পোৱা ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া কাহিনীচিত্ৰ শিতানত ৰজত কমল বঁটা লাভ কৰিছিল।
-
ৰঙা পুলিচ
ৰঙা পুলিচ (Ronga Police) ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰা বিংশতম অসমীয়া কথাছবি আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি। মিলিত শিল্পী চিনে প্ৰডাকচনচ প্ৰাইভেট লিমিটেডে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই।
-
অধিনায়ক (চলচ্চিত্ৰ)
অধিনায়ক (Captain) হৈছে ২০০৬ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অভিনেতা যতীন বৰাই এইখন ছবিৰ জৰিয়তে প্ৰথম চলচ্চিত্ৰ পৰিচালনাত হাত দিয়াৰ লগতে নিজে মুখ্য চৰিত্ৰত অভিনয়ো কৰে। কাহিনী মুনিন বৰুৱাৰ আৰু কাৰিকৰী উপদেষ্টা হিচাপে থাকে ৰাজেশ ভূঞা।
-
আৱৰ্তন (চলচ্চিত্ৰ)
আৱৰ্তন (Abartan (On the Run)) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমীয়া চলচ্চিত্ৰ। ড॰ শইকীয়া এই ছবিখনৰ একাধাৰে পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য আৰু সংলাপ লেখক আছিল।
-
গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)
গঙা চিলনীৰ পাখি (Ganga Chilonir Pakhi ) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালনা আৰু সঙ্গীত আছিল পদুম বৰুৱাৰ। পদুম বৰুৱা পৰিচালিত এইখন একমাত্ৰ কথাছবি। মুক্তিৰ পিছত গঙা চিলনীৰ পাখিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰা নাছিল। কিন্তু পিছলৈ ই ধ্ৰুপদী ছবিৰ মৰ্যাদা পাইছিল।
-
জয়মতী (২০০৬ চলচ্চিত্ৰ)
জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুনৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।
-
দাগ (চলচ্চিত্ৰ)
দাগ ২০০১ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ৰহস্যধৰ্মী ছবি। বিশিষ্ট পৰিচালক মুনিন বৰুৱাই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল নীলোৎপল চৌধুৰীয়ে। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, অনুৰূপা পাঠক আৰু বিষ্ণু খাৰঘৰীয়াই।
-
পলে পলে উৰে মন
পলে পলে উৰে মন হৈছে ২০১১ চনৰ ২০ মে তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ডিফুৰ হিলছ ম'চন পিকছাৰ এছ'চিয়েচনৰ বেনাৰত ফুকন কোঁৱৰ, পূৰ্ণানন্দ গগৈ আৰু বিউটি বৰুৱা প্ৰযোজিত ছবিখনৰ পৰিচালনা তিমথি দাস হান্সেৰ।
-
পাৰঘাট (চলচ্চিত্ৰ)
পাৰঘাট (Parghat) প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া চলচ্চিত্ৰ। মুক্তি পাইছিল ১৯৪৯ৰ ৫ আগষ্টত। ছবিখনৰ পৰিচালনা আৰু কাহিনী আছিল প্ৰবীন ফুকনৰ। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা হৈছিল। চিত্ৰগ্ৰহণ কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত।
-
পিতা-পুত্ৰ (চলচ্চিত্ৰ)
পিতা-পুত্ৰ (Pita Putra) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ৷ এইখন মুনীন বৰুৱাই এককভাবে পৰিচালনা কৰা প্ৰথম ছবি৷ সংগীত ভূপেন উজীৰৰ৷ মূল ভূমিকাত আছে বিজু ফুকন আৰু প্ৰাঞ্জল শইকীয়া৷ পিতা-পুত্ৰৰ আদৰ্শগত সংঘাটক কেন্দ্ৰ কৰি অমূল্য কাকতিয়ে ৰচনা কৰা অংকুৰ নামৰ গল্প এটাৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ…
-
প্ৰতিধ্বনি (চলচ্চিত্ৰ)
প্ৰতিধ্বনি ( Pratidhwani) ১৯৬৪ত মুক্তিলাভ কৰা এখন ক’লা-বগা অসমীয়া ছবি। সঙ্গীতমধুৰ এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত আছিল ড° ভূপেন হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু ইভা আচাৱে। এই ছবিখনক ইভা আচাওৰ অভিনয় জীৱনৰ মাইলৰ খুটি বুলি গণ্য কৰা হয়।
-
সংস্কাৰ
সংস্কাৰ (Sanskar) ১৯৯৭ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। মামণি ৰয়চম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত এচ বি পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা, আৰু ৰঞ্জিত দাস পৰিচালিত এই ছবিখন চিত্ৰগৃহত মুক্তি দিয়া হোৱা নাছিল। মূল ভূমিকাত আছিল বিষ্ণু খাৰঘৰীয়া আৰু পূৰবী শৰ্মা।
-
অহেতুক
অহেতুক (Ahetuk) হৈছে ২০১৫ চনৰ ২ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাজ ৰাণী প্ৰডাক্চনৰ বেনাৰত ৰাজকুমাৰ জৈনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বাণী দাসৰ।
-
আদালত (চলচ্চিত্ৰ)
আদালত (Adalat) ১৯৭৬ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দিলীপ ডেকাৰ। সঙ্গীত জীতু-তপনৰ। উপদেষ্টা হ’ল স্যামা মেধী৷ মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ দীনেশ দাস, অনুপমা ভট্টাচাৰ্য আদিয়ে।
-
এণ্টনী মোৰ নাম (চলচ্চিত্ৰ)
এণ্টনী মোৰ নাম ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত এখন এক্সন আৰু ৰহস্য ধৰ্মী অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন নিপ বৰুৱাই পৰিচালনা কৰিছিল। শইকীয়া এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল ধৰ্মকান্ত শইকীয়াই।
-
গানে কি আনে
গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰুৱা।
-
জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)
জেতুকা পাতৰ দৰে (Enchanting, Challenging... The Life) হৈছে, ২০১১ চনৰ ১৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। 'ছবিখনৰ পৰিচালক যদুমণি দত্ত। চৈয়দ আব্দুল মালিকৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত এই বোলছবিখনে ৫৮-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছিল।
-
পুতলা ঘৰ
পুতলা ঘৰ (Putala Ghar) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন ক'লা-বগা ছবি। ছবিখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচনে। সঙ্গীত তফজ্জুল আলিৰ।
-
পূবেৰুণ (চলচ্চিত্ৰ)
পূবেৰুণ (Puberun) ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া কথাছবি। ১৯৫৯ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।
-
প্ৰেম আৰু প্ৰেম
প্ৰেম আৰু প্ৰেম (Prem Aru Prem) হৈছে ২০০২ চনত মুক্তি পোৱা এখন অসমীয়া ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে শম্ভু গুপ্তা আৰু প্ৰযোজনা কৰিছে কৰেন্দ্ৰ কলিতাই। সংগীত ৰচনা কৰিছে জুবিন গাৰ্গে। প্ৰেম আৰু প্ৰেমৰ যোগেদি আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলিছিল।
-
বান্ধোন (চলচ্চিত্ৰ)
বান্ধোন (Baandhon) ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু পৰিচালক জাহ্নু বৰুৱা।
-
বোৱাৰী (চলচ্চিত্ৰ)
বোৱাৰী হৈছে আক্ষৰিক অৰ্থত দ্বিতীয়খন ব্লকবাষ্টাৰ অসমীয়া চলচিত্ৰ। "আজলী নবৌ"ৰ ৰেকৰ্ডসমূহ ওফৰাই ছবিখনে দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰে। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে আৰু সংগীত পৰিচালনা আছিল ড° উপেন কাকতিৰ। ছবিখনৰ "মন হীৰা দৈ" শীৰ্ষক গীতটি দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় হৈছিল।
-
মাজ ৰাতি কেতেকী
মাজ ৰাতি কেতেকী (ইংৰাজী: Maj Rati Keteki) সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৭ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে।