অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সন্ধ্যাৰাগ (চলচ্চিত্ৰ)

সন্ধ্যাৰাগ (Sandyaraag) ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। 'বানপ্ৰস্থ' শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।

হালনাগাদ: ২ অক্টোবৰ ২০২২ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

সন্ধ্যাৰাগ (Sandyaraag) ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমৰ চলচ্চিত্ৰ।১ এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। 'বানপ্ৰস্থ' শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।

ছবিখনৰ কাহিনী

সন্ধ্যাৰাগ পুতলী নামৰ দুখুনী বিধবা এজনীৰ কাহিনী। তেওঁৰ জীয়েক দুজনী- চাৰু আৰু তৰু। জীয়েক দুজনীক নগৰৰ দুঘৰ চহকী মানুহৰ ঘৰলৈ বনকৰা ছোৱালী হিচাপে পঠিয়াই দিয়া হয়। ডাঙৰজনী ছোৱালী চাৰুক এজনী বনকৰা ছোৱালী হ'লেও এগৰাকী পৰিয়ালৰ সদস্যৰ দৰেই গৃহস্থই আকোৱালী লয়। কিন্তু সৰুজনী তৰুৰ সিমানখিনি সৌভাগ্য নাছিল। তাই অনবৰত লম্পট গিৰিহঁত আৰু তেওঁৰ ডেকা পুত্ৰৰ পৰা গা বচাই চলিবলগীয়া হয়। বিবাহোপযুক্ত হোৱাত দুয়োজনীয়ে চহৰৰ পৰা গুচি আহিবলৈ বাধ্য হয়। কিন্তু নগৰীয়া জীৱনত অভ্যস্ত হৈ উঠা সিহঁতে গাঁৱলৈ ঘূৰি আহি সংস্থাপনৰ অভাৱত চৰম দাৰিদ্ৰৰ মুখামুখি হবলগীয়া হয়। অৱশেষত দাৰিদ্ৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সন্তান জন্ম দিব পৰা শক্তি নথকা বুলি জানিও পূৰ্বৰ মালিকৰ ড্ৰাইভাৰজনৰ সৈতে বিয়াত বহিবলৈ তৰুৱে সিদ্ধান্ত লয়। তৰুৱে বায়েকক তাইক লগত নিবলৈ কয়। আনহাতে মাক পুতলীয়েও জীয়েকৰ সন্তান হ'লে লাচনী-পাচনী কৰিবলৈ যিহেতু এগৰাকী অভিজ্ঞ মানুহৰ দৰকাৰ, সেয়ে তেৱোঁকো লগত নিবলৈ জীয়েকক অনুৰোধ কৰে।২৩

অভিনয়ত

*ৰুণু দেৱী (ডাঙৰ চাৰু) *অৰুণ শৰ্মা (মতি ড্ৰাইভাৰ) *মায়া বৰুৱা *আৰতি বৰুৱা *কাশ্মীৰি শইকীয়া বৰুৱা *ৰাজু বৰদলৈ *পূৰ্ণিমা পাঠক *নানু দত্ত*ঈশান বৰুৱা *বিষ্ণু বৰুৱা *আনন্দ মোহন ভাগৱতী *মামণি দাস *সংগীতা শইকীয়া *তৃপ্তিকল্প হাজৰিকা *ৰূপম বৰুৱা *উপকুল বৰদলৈ

কলা-কুশলী

(তথ্যপেৰাত উল্লেখ নথকাসকল)

ছবিৰ গীত

সন্ধ্যাৰাগত ২টা গীত আছে।

  1. ভালকৈ ধৰিবি ব'ঠা
  2. আমি নিৰাশাৰ

ৰাইজৰ সঁহাৰি

সন্ধ্যাৰাগ ব্যৱসায়িকভাবে সফল হৈছিল। অভিনয় শিল্পী আৰু কলা-কুশলীসকলক পাৰিশ্ৰমিক দি তথা ছবি নিৰ্মাণ কৰোঁতে লোৱা ধাৰ-ঋণ পৰিশোধ কৰাৰ পাছতো কিছু টকা প্ৰযোজক ডঃ শইকীয়াৰ হাতত ৰৈ গৈছিল বুলি তেখেতে 'জীৱন বৃত্ত'ত উল্লেখ কৰি গৈছে।

বঁটা আৰু স্বীকৃতি

  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) (১৯৭৭)
  • ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
  • ১৯৭৮ চনত চেন্নাইত অনুষ্ঠিত ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (তৃতীয় ফিল্মোৎসৱ) প্ৰদৰ্শিত
  • চেকোস্লোভাকিয়াৰ কাৰ্ভই ভাৰি চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত (১৯৭৮)
  • স্পেইনৰ ভায়াডলিড চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত (১৯৭৮)

তথ্যসূত্ৰ

  1. ↑ Sandhyaraag (Cry of Twilight) 1977 B&W. ৰূপালিপৰ্দা
  2. ↑ SANDHYA RAAG (1977)
  3. ↑ 25th National Film Festivals catalogue. Directorate of Film Festivals, Govt. of India

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭৭ বৰ্ষৰ চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্ধ্যাৰাগ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৩৪২৫৯ (২ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।