অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজ কাপুৰ

ৰাজ কাপুৰ (( Raj Kapoor; জন্ম: সৃষ্টিনাথ কাপুৰ; ১৪ ডিচেম্বৰ ১৯২৪ – ২ জুন ১৯৮৮) এজন হিন্দী চলচ্চিত্ৰৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল; যাক ৰণবীৰ ৰাজ কাপুৰ নামেৰেও জনা যায়। তেওঁক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৯৫২ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰাজ কাপুৰ (( Raj Kapoor; জন্ম: সৃষ্টিনাথ কাপুৰ; ১৪ ডিচেম্বৰ ১৯২৪ – ২ জুন ১৯৮৮) এজন হিন্দী চলচ্চিত্ৰৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল; যাক ৰণবীৰ ৰাজ কাপুৰ নামেৰেও জনা যায়।১ তেওঁক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।২ তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ “চাৰ্লি চেপলিন” তথা ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ শ্ব'মেন বুলিও কোৱা হয়।৩ ৪৫৬৭

পেছাৱৰত জন্মগ্ৰহণ কৰা ৰাজ কাপুৰৰ পিতৃ আছিল পৃথ্বীৰাজ কাপুৰ। তেওঁ তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ১১টা ফিল্মফেয়াৰ বঁটাকে ধৰি একাধিক প্ৰশংসা লাভ কৰিছে। চাৰ্লি চেপলিনৰ দ্বাৰা অনুপ্ৰাণিত হৈ চেপলিনৰ দ্য ট্ৰাম্পৰ অনুকৰণত তেওঁ আৱাৰা (১৯৫১) আৰু শ্ৰী ৪২০ (১৯৫৫) আদি ছবিত অভিনয় কৰিছিল।৮৯ আৱাৰাত তেওঁৰ অভিনয়ক ২০০৫ চনত টাইম আলোচনীয়ে "বিশ্ব চলচ্চিত্ৰৰ সৰ্বকালৰ শীৰ্ষ দহটা শ্ৰেষ্ঠ অভিনয়"ৰ ভিতৰত অন্যতম হিচাপে আখ্যায়িত কৰিছে।১০

তেওঁৰ ছবিসমূহে এছিয়া, মধ্যপ্ৰাচ্য, কেৰিবিয়ান, আফ্ৰিকা আৰু ছোভিয়েট ব্লকৰ কিছু অংশত বিশ্বব্যাপী বাণিজ্যিক সফলতা লাভ কৰিছিল।১১ ভাৰত চৰকাৰে ১৯৭১ চনত শিল্পকলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মভূষণ উপাধিৰে সন্মানিত কৰে।১২ ১৯৮৭ চনত লাভ কৰে দাদাচাহেব ফাল্কে বঁটা।

চলচ্চিত্ৰীয় জীৱন

দহ বছৰ বয়সত, ১৯৩৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে ইনকিলাব নামৰ এখন হিন্দী ছবিত অভিনয় কৰে। ৰাজ কাপুৰে প্ৰথম গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা পাইছিল নীলকমলত (১৯৪৭)। তাত তেওঁ মধুবালাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ১৯৪৮ চনত চৌৱিশ বছৰ বয়সত তেওঁ নিজাকৈ ষ্টুডিঅ’ আৰ কে ফিল্মছ প্ৰতিষ্ঠা কৰে আৰু আগ ছবিখনেৰে সেই সময়ৰ আটাইতকৈ কম বয়সীয়া পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। আগত অভিনয় কৰিছিল নাৰ্গিছ, কামিনী কৌশল, প্ৰেমনাথ আৰু তেওঁ নিজে। ১৯৪৯ চনত তেওঁ দিলীপ কুমাৰ আৰু নাৰ্গিছৰ সৈতে মেহবুব খানৰ আন্দাজ ছবিত অভিনয় কৰে, যিখন আছিল অভিনেতা হিচাপে তেওঁৰ প্ৰথম বিগ হিট ছবি। সেই বছৰৰ শেষৰ ফালে মুক্তি পোৱা আন এখন ব্লকবাষ্টাৰ ছবি বৰসাতত তেওঁ প্ৰযোজক, পৰিচালক আৰু অভিনেতা হিচাপে প্ৰথম সফলতা লাভ কৰে।১৩

তাৰ পিছত তেওঁ আৰ কে বেনাৰৰ অধীনত কেইবাখনো হিট ছবিৰ প্ৰযোজনা আৰু অভিনয় কৰে, যাৰ ভিতৰত আছিল- আৱাৰা (১৯৫১), শ্ৰী ৪২০ (১৯৫৫) আৰু জিছ দেশ মেঁ গংগা বেহতি হ্যায় (১৯৬০)। শ্ৰেষ্ঠ ছবিৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা শেষৰখন ছবি পৰিচালনা কৰিছিল তেওঁৰ দীৰ্ঘদিনীয়া চিনেমাট'গ্ৰাফাৰ ৰাধু কৰ্মকাৰে।১৪ এই ছবি কেইখনে ৰাজ কাপুৰে অনুসৰণ কৰা চাৰ্লি চেপলিনৰ বিখ্যাত ছবি দ্য ট্ৰেম্পৰ আৰ্হিক ৰূপালী পৰ্দাত প্ৰতিষ্ঠা কৰে।১৫ ঘৰুৱা প্ৰডাকচনৰ বাহিৰেও মুখ্য অভিনেতা হিচাপে তেওঁৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে- দাস্তান (১৯৫০), আনহোনী (১৯৫২), চোৰী চোৰী (১৯৫৬), ফিৰ সুবহ হোগী (১৯৫৮), অনাৰি (১৯৫৯), চালিয়া (১৯৬০) আৰু দিল হি তো হ্যায় (১৯৬৩)। তেওঁ হিট সামাজিক ছবি বুট পোলিছ (১৯৫৪) আৰু অৱ দিল্লী দূৰ নহীও (১৯৫৭) প্ৰযোজনা কৰে।১৬

১৯৬৪ চনত তেওঁ ৰোমান্টিক সংগীতমধুৰ ছবি সংগম প্ৰযোজনা আৰু পৰিচালনা কৰে, য’ত অভিনয় কৰিছিল ৰাজেন্দ্ৰ কুমাৰ, বৈজয়ন্তীমালা আৰু তেওঁ নিজে। এইখন তেওঁৰ প্ৰথম ৰঙীন ছবি আছিল। মুখ্য ভূমিকাত অভিনয় কৰা অভিনেতা হিচাপে এয়াই আছিল তেওঁৰ শেষ বৃহৎ সফলতা; কিয়নো তেওঁৰ পৰৱৰ্তী ছবি ৰাজশ্ৰী আৰু হেমা মালিনীৰ সৈতে অভিনীত এৰাউণ্ড দ্য ৱৰ্ল্ড (১৯৬৬) আৰু স্বপ্নো কা সৌদাগৰ (১৯৬৮) বক্স অফিচত ফ্লপ হৈছিল। ১৯৬৫ চনত তেওঁ চতুৰ্থ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল।১৭

১৯৭০ চনত তেওঁ প্ৰযোজনা, পৰিচালনা আৰু অভিনয় কৰা অভিলাষী ছবি মেৰা নাম জোকাৰ মুক্তি পায়। ছবিখন সম্পূৰ্ণ হ’বলৈ ছয় বছৰতকৈও অধিক সময় লাগিছিল। এইখন ছবিত তেওঁৰ পুত্ৰ ঋষিয়ে ৰাজ কাপুৰৰ কিশোৰ কালৰ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ছবিখন ফ্লপ হৈছিল আৰু তেওঁৰ পৰিয়াল আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল।১৮ পিছলৈ অৱশ্যে ই ‘কাল্ট ক্লাছিক’ হিচাপে স্বীকৃতি পাইছিল।১৯ ১৯৭১ চনত তেওঁ নিজে, পুত্ৰ ৰণধীৰ, পিতৃ পৃথ্বীৰাজ কাপুৰৰ লগতে ৰণধীৰৰ হ’বলগীয়া পত্নী ববিতা অভিনীত পাৰিবাৰিক ছবি কল আজ ঔৰ কল মুক্তি পায়। ১৯৭৩ চনত তেওঁ ববী প্ৰযোজনা আৰু পৰিচালনা কৰিছিল, যিখন বক্স অফিচত বিপুল সফলতা লাভ কৰিছিল আৰু পিছলৈ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হিচাপে খ্যাত হোলা ডিম্পল কপাড়িয়াক পৰিচিত কৰাই দিছিল। ১৯৭৫ চনত ধৰম কৰম ছবিত ডিম্পলে পুনৰ ৰণধীৰ কাপুৰৰ সৈতে অভিনয় কৰে।

১৯৭০-ৰ দশকৰ শেষৰ ফালে আৰু ১৯৮০-ৰ দশকৰ আৰম্ভণিতে তেওঁ কেইখনমান নাৰী কেন্দ্ৰিক ছবি নিৰ্মাণ আৰু পৰিচালনা কৰে: জীনত আমানৰ সৈতে সত্যম শিৱম সুন্দৰম (১৯৭৮) পদ্মিনী কোলহাপুৰীৰ সৈতে প্ৰেমৰোগ (১৯৮২)আৰু মন্দাকিনীৰ সৈতে ৰাম তেৰী গংগা মেইলী (১৯৮৫)। ১৯৭০-ৰ দশকৰ শেষৰ ফালে আৰু আশীৰ দশকৰ আৰম্ভণিতে তেওঁ কম ছবিত অভিনয় কৰিছিল যদিও ৰাজেশ খান্নাৰ সৈতে নৌকৰীত (১৯৭৮)আৰু সঞ্জয় খানৰ সৈতে আব্দুল্লাত (১৯৮০) উল্লেখযোগ্য সহযোগী চৰিত্ৰত অভিনয় কৰে। তেওঁ দুখন কমেডী ছবি: দো জাছুছ (১৯৭৫) আৰু গোপীচান্দ জাছুছত (১৯৮২) ডিটেক্টিভৰ চৰিত্ৰত কৰে। দুয়োখন ছবিৰ পৰিচালক আছিল ৰাজেন্দ্ৰ কুমাৰৰ ভাতৃ নৰেশ কুমাৰ। ১৯৭৯ চনত তেওঁ ১১তম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল।[32] গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা ৰাজ কাপুৰৰ শেষৰখন ছবি আছিল ৱকিল বাবু (১৯৮২); য'ত তেওঁ ভায়েক শশী কাপুৰৰ সৈতে অভিনয় কৰিছিল। ১৯৮২ চনত তেওঁ শ্বুটিং কৰি সম্পূৰ্ণ কৰা চোৰ মণ্ডলী নামৰ ছবিখনত প্ৰবীণ অভিনেতা অশোক কুমাৰেও অভিনয় কৰিছিল; কিন্তু আইনী বিবাদৰ বাবে ছবিখনে মুক্তি নাপালে।২০ ১৯৮৪ চনত মুক্তি পোৱা ব্ৰিটিছ মেড ফৰ-টেলিভিছনৰ ছবি কিম তেওঁৰ শেষ অভিনীত ছবি।

১৯৮৮ চনত মৃত্যুৰ পূৰ্বে তেওঁৰ পুত্ৰ ঋষি আৰু পাকিস্তানী অভিনেত্ৰী জেবা বখটিয়াৰ অভিনীত হেনা পৰিচালনা কৰিবলৈ লৈছিল। পিছে তেওঁৰ মৃত্যু হোৱাত ছবিখন পৰিচালনা কৰে পুত্ৰ ৰণধীৰ কাপুৰে আৰু ছবিখনে মুক্তি পায় ১৯৯১ চনত।

বঁটা আৰু সন্মান

অসামৰিক বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • ১৯৫৫: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা- শ্ৰী ৪২০
  • ১৯৬০: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা- জিচ দেশ মেঁ গংগা বেহতি হ্যায়
  • ১৯৮৭: দাদাচাহেব ফাল্কে বঁটা

ফিল্মফেয়াৰ বঁটা

  • ১৯৫৪: শ্ৰেষ্ঠ পৰিচালক- বুট পোলিচ
  • ১৯৫৯: শ্ৰেষ্ঠ অভিনেতা- আনাৰী
  • ১৯৬০: শ্ৰেষ্ঠ অভিনেতা- জিছ দেশ মেঁ গংগা বেহতি হ্যায়
  • ১৯৬৪: শ্ৰেষ্ঠ সম্পাদনা- সংগম
  • ১৯৬৪: শ্ৰেষ্ঠ পৰিচালক- সংগম
  • ১৯৭০: শ্ৰেষ্ঠ পৰিচালক- মেৰা নাম জোকাৰ
  • ১৯৮২: শ্ৰেষ্ঠ সম্পাদনা- প্ৰেমৰোগ
  • ১৯৮২: শ্ৰেষ্ঠ পৰিচালক- প্ৰেমৰোগ
  • ১৯৮৫: শ্ৰেষ্ঠ ছবি– ৰাম তেৰী গংগা মেইলী
  • ১৯৮৫: শ্ৰেষ্ঠ পৰিচালনা– ৰাম তেৰী গংগা মেইলী
  • ১৯৮৫: শ্ৰেষ্ঠ সম্পাদনা– ৰাম তেৰী গংগা মেইলী'বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন এৱাৰ্ড'
  • ১৯৬১: শ্ৰেষ্ঠ পৰিচালক- সংগম
  • ১৯৬৪: শ্ৰেষ্ঠ সম্পাদনা- সংগম
  • ১৯৬৭: শ্ৰেষ্ঠ অভিনেতা- তিচৰী কচম
  • ১৯৭১: শ্ৰেষ্ঠ অভিনেতা- মেৰা নাম জোকাৰ
  • ১৯৭১: শ্ৰেষ্ঠ পৰিচালনা- মেৰা নাম জোকাৰ

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Did you know that Raj Kapoor's real name was 'Ranbir' Raj Kapoor?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ * *
  3. ↑ *Chatterjee, Prerna. (14 December 2018). Raj Kapoor, The Greatest Showman of Indian Cinema. The Print *(2019-12-14). Remembering The Greatest Showman of Indian Cinema – Raj Kapoor. Saregama Blog*Singh, Onkar. Remembering Indian cinema's greatest showman. Rediff
  4. ↑ Mathur, Megha. (2015-04-16). From Raj to Ranbir Kapoor: Charlie Chaplin's Best Desi Avatars. TheQuint
  5. ↑ (2020-12-14). Raj Kapoor's Birth Anniversary: 5 Memorable films of the Actor-director. News18
  6. ↑ How original is Bollywood ?. Rediff.com
  7. ↑ Raj Kapoor · Indian actor and director · Britannica. britannica.com
  8. ↑ Remembering Raj Kapoor, the showman of Indian Cinema, on his 92nd Birth Anniversary. Free Press Journal
  9. ↑ Viking, Nasreen Munni Kabir; Publisher; Rs 499, Penguin Books India; Price. When Waheeda sat on Raj. The Telegraph
  10. ↑ HBD RK. India Today
  11. ↑ (8 June 2021). What Made Raj Kapoor Russia's Favourite Comrade?
  12. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  13. ↑ Box Office 1949. Boxofficeindia.com
  14. ↑ (6 June 2008). Memories through a lens. দ্য হিন্দু
  15. ↑ Times, Sanjoy Hazarika, Special to the New York. (3 June 1988). Raj Kapoor, Top Indian Film Star, Is Dead at 64. The New York Times
  16. ↑ Kagalwala, Fatema (10 June 2017) Fatema Kagalwala explores how Raj Kapoor personalised Italian neorealism in his work. The Hindu. Retrieved on 20 November 2018
  17. ↑ 4th Moscow International Film Festival (1965). MIFF
  18. ↑ Best of Bollywood, South Cinema, TV and Celebs. MSN India
  19. ↑ Mera Naam Joker: The Complete Story. Suresh kohli. Retrieved on 20 November 2018
  20. ↑ No day, no show – Society & The Arts News. Indiatoday.intoday.in (3 July 2006). Retrieved on 20 November 2018

সম্পৰ্কিত শ্ৰেণী

হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকহিন্দী চলচ্চিত্ৰৰ অভিনেতাচলচ্চিত্ৰ প্ৰযোজকফিল্মফেয়াৰ বঁটা বিজয়ীদাদাচাহেব ফাল্কে বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজ কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৭৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।