অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কামিনী কৌশল

কামিনী কৌশল (Kamini Kaushal; জন্ম উমা কাশ্যপ ২৪ ফেব্ৰুৱাৰী ১৯২৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। ১৯৪৬ চনত কান চলচ্চিত্ৰ উৎসৱত Golden Palm বিজয়ী নীচা নগৰ চলচ্চিত্ৰ যোগেৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি হয়।বিমল ৰয়ৰ বিৰাজ বহু (১৯৫৫) ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ…

হালনাগাদ: ৮ জানুৱাৰী ২০২৫ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কামিনী কৌশল (Kamini Kaushal; জন্ম উমা কাশ্যপ ২৪ ফেব্ৰুৱাৰী ১৯২৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। ১৯৪৬ চনত কান চলচ্চিত্ৰ উৎসৱত Golden Palm বিজয়ী নীচা নগৰ চলচ্চিত্ৰ যোগেৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি হয়।বিমল ৰয়ৰ বিৰাজ বহু (১৯৫৫) ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৪৬ চনৰ পৰা ১৯৬৩ চনলৈ তেওঁ নায়িকাৰ ভূমিকাত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিবলৈ লয়। শহীদৰ পাৰ্শ্ব চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ চলচ্চিত্ৰ সমালোচকসকলৰ প্ৰশংসা পায়।১ চলচ্চিত্ৰ উদ্যোগটোলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ২০১৫ চনত তেওঁক ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়।২

প্ৰাৰম্ভিক জীৱন

১৯২৭ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ ৰাজৰ লাহোৰত কামিনী কৌশলৰ জন্ম হয়।২ তেওঁৰ জন্মৰ নাম আছিল উমা কাশ্যপ। দুটা ল’ৰা আৰু তিনিজনী ছোৱালীৰ ভিতৰত তেওঁ আছিল সকলোতকৈ সৰু।৩ দেউতাক শিৱৰাম কাশ্যপ লাহোৰৰ পাঞ্জাব বিশ্ববিদ্যালয়ৰ উদ্ভিদবিজ্ঞানৰ অধ্যাপক আছিল। শিৱৰাম কাশ্যপক ভাৰতীয় উদ্ভিদবিজ্ঞানৰ জনক বুলি কোৱা হয়। তেওঁ উদ্ভিদৰ ছয়টা প্ৰজাতি উদ্ভাৱন কৰিছিল আৰু ৫০খন মান এই বিষয়টোৰ ওপৰত গ্ৰন্থ প্ৰণয়ন কৰিছিল।৪৫ ১৯৩৮চনৰ ২৬ নবেম্বৰত তেওঁৰ যেতিয়া মৃত্যু হয়, তেতিয়া কামিনীৰ বয়স মাত্ৰ সাত বছৰ।২

এটা সাক্ষাৎকাৰত কামিনীয়ে তেওঁৰ কৈশোৰৰ বিষয়ে উল্লেখ কৰি কৈছে যে তেওঁৰ কোনো প্ৰেম নাছিল। সাঁতোৰ, স্কেটিং আৰু ৰেডিঅ’ত নাটক কৰা কামতে তেওঁ ব্যস্ত আছিল। ৰেডিঅ’ত নাটক কৰাৰ বাবদ তেওঁ দহ টকাকৈ পাইছিল। তেওঁৰ বায়েকৰ এক মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু দুজনী জীয়েকক এৰি থৈ গৈছিল। সেয়েহে তেওঁ ১৯৪৭ চনত ভিনিহিয়েক বি.এচ. সুদৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত ল’লে। সুদ বোম্বে পোৰ্ট ট্ৰাষ্টৰ এজন অভিযন্তা হোৱাৰ বাবে বিয়াৰ পিছত কামিনী মুম্বাইলৈ গুচি আহিল। কামিনীৰ বায়েকৰ দুজনী জীয়েক- কুমকুম সোণামী, যি এগৰাকী লেখক আৰু কবিতা সাহানী, যি এগৰাকী শিল্পী। বি.এচ. সুদ আৰু তেওঁৰ ফালৰ পুত্ৰ সন্তান তিনিটা- ৰাহুল, বিদুৰ আৰু শ্ৰাৱণ।৩২

কৰ্মজীৱন

চলচ্চিত্ৰ পৰিচালক চেতন আনন্দই তেওঁক নীচা নগৰ ছবিখনৰ মূল নাৰী চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিয়ে। ছবিখন তেওঁৰ বিয়াৰ আগতে ১৯৪৬ চনত মুক্তি পায়। এটা সাক্ষাৎকাৰত তেওঁ নাম পৰিবৰ্তন সম্পৰ্কে কৈছে যে নীচা নগৰত চেতন আনন্দৰ পত্নী উমা আনন্দেও অভিনয় কৰিছিল। দুয়োৰো নাম একে হোৱাত চেতন আনন্দে তেওঁৰ নামটো পৰিবৰ্তন কৰি লবলৈ ক’লে।২

নীচা নগৰত অভিনয়ৰ পিছত তেওঁ লাহোৰলৈ উভতি গ’ল। কিন্তু তেওঁলৈ নতুন নতুন চলচ্চিত্ৰৰ প্ৰস্তাৱ আহি থাকিবলৈ ল’লে। ১৯৪৭ চনত বিয়াৰ পিছত তেওঁ স্বামীৰ সৈতে থাকিহৈল বোম্বেলৈ গুছি আৰু চলচ্চিত্ৰৰ নায়িকাৰ ভূমিকাত অভিনয় কৰিবলৈ ল’লে। তেওঁ আছিল হিন্দী চলচ্চিত্ৰৰ প্ৰথম উচ্চ শিক্ষিত (ইংৰাজী সাহিত্যত স্নাতক) অভিনেত্ৰী।৬ শ্ৰীভাৰত নাট্য কলা মন্দিৰত তেওঁ ভাৰতনাট্যম শিকিছিল। তাত তেওঁক গুৰু টি.কে. মহালিংগমে নাচ শিকাইছিল।৭

১৯৪৮ চনৰ পৰা তেওঁ তৎকালীন ভাৰতৰ প্ৰখ্যাত আৰু শ্ৰেষ্ঠ অভিনেতা অশোক কুমাৰ, ৰাজ কাপুৰ, দেৱানন্দ আৰু দিলীপ কুমাৰৰ সৈতে অভিনয় কৰে। দিলীপ কুমাৰৰ সৈতে কৰা শহীদ, পাগৰী, নদীয়া কে পাৰ, শবনম আৰু আৰ্জুয়ে বক্স অফিচত সফলতা লাভ কৰিছিল।৮ ১৯৪৭ চনৰ দো ভাইৰ গীতা ৰায়ে গোৱা মেৰা সুন্দৰ সপ্না শীৰ্ষক গীতটোৱে কামিনী জনপ্ৰিয়তা উৰ্দ্ধমুখী কৰে। পিছৰ বছৰ ১৯৪৮ চনত তেওঁ বোম্বে টকীজৰ পাতল ৰোমাণ্টিক ছবি দেৱানন্দৰ সৈতে জিদ্দিত চুক্তিবদ্ধ হয়.। পিছৰ বছৰ একেটা যুঁটিক নমুনা ছবিত দেখা গ’ল। দেৱানন্দ- সুৰাইয়া যুঁটিৰ ত্ৰিভূজ প্ৰেমৰ ছবি শায়েৰত তেওঁ তৃতীয় পক্ষ হিচাপে অভিনয় কৰে। ৰাজ কাপুৰে পৰিচালনা কৰা প্ৰথম ছবি আগৰ তিনিজনী নায়িকাৰ এগৰাকী আছিল কামিনী। আন দুগৰাকী আছিল নাৰ্গিছ আৰু নিগাৰ চুলতানা। ইয়াৰ বাবেও তেওঁ ৰাজ কাপুৰৰ জেল যাত্ৰা ছবিতো অভিনয় কৰে।৬

কামিনী কৌশল প্ৰথম প্ৰধান নাৰী চৰিত্ৰ, যাৰ বাবে লতা মংগেশকাৰে গীতত কণ্ঠদান কৰে। ১৯৪৮ চনত জিদ্দি ছবিত গীত গোৱাৰ আগতে লতাই পাৰ্শ্ব অভিনেত্ৰীসকলৰ বাবেহে গীত গাইছিল। এই ছবিৰ টাইটেল কাৰ্ডত লতাৰ নাম উল্লেখ কৰাৰ সলনি ‘আশা’ নামটোহে ব্যৱহাৰ কৰা হৈছিল, যিটো কামিনীয়ে অভিনয় কৰা চৰিত্ৰটোৰ নাম আছিল।৯

১৯৪৬ চনৰ পৰা ১৯৬৩ চনলৈ তেওঁ মূল নাৰী চৰিত্ৰত অভিনয় কৰা ছবিসমূহ হ’ল- জিদ্দি, পৰশ, নমুনা, ঝাঝৰ, আব্ৰু, নাইট ক্লাৱ, জেইলৰ, বড়ে চৰকাৰ, বড়া ভাই, পুনম আৰু গোদান। তেওঁ অশোক কুমাৰৰ সৈতে পুনম আৰু নাইট ক্লাৱ ছবি প্ৰযোজনাও কৰিছিল। ১৯৫৪ চনত শৰৎচন্দ্ৰ চট্টোপাধ্যায় ৰচিত বিৰাজ বৌ উপন্যাসৰ আধাৰত বিমল ৰয়ে নিৰ্মাণ কৰা বিৰাজ বহুৰ নাম ভূমিকাত তেওঁ অভিনয় কৰে১০, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।৬১১

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Kamini Kaushal: Kal Aaj Aur Kal, Rediff.com, 11 October 2007
  2. ↑ 'Raj's second film was with me; Dev's second film was with me; Dilip's second film was with me'. telegraphindia.com
  3. ↑ Entertainment » Kamini Kaushal. Filmfare
  4. ↑ "College Botany" by Ganguli, das and Dutta (Calcutta 1972)
  5. ↑ Archived copy
  6. ↑ Entertainment » Kamini Kaushal. Rediff
  7. ↑ (3 January 2003). Life dedicated to dance. The Hindu
  8. ↑ "Hindi cinema still has a place for the Bimal Roy kind of films", Rediff.com
  9. ↑ (4 August 2011). Lata, Dev Anand recall Kishore Kumar on his birth anniversary. Realbollywood.com
  10. ↑ Biraj Bahu awards, ইণ্টাৰনেট মুভি ডাটাবেছ
  11. ↑ Kamini Kaushal, legend, Rediff.com, 18 February 2003

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামিনী কৌশল” প্ৰবন্ধৰ সংশোধন ৪৬২২১৪ (৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।