ছাৰ চাৰ্লছ স্পেনচাৰ `চাৰ্লি চেপলিন (১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) আছিল ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক১। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে। মাইম, শ্লেপষ্টিক আৰু অন্যান্য দৃশ্যগত হাস্য কৌশল(visual comedy)ৰ বাবে জনাজাত হৈ পৰা চেপলিনে সবাক ছবিৰ যুগতো কাম অব্যাহত ৰাখিছিল যদিও ১৯২০ চনৰ শেষৰ পৰা সেয়া সেৰেঙা হৈ আহে। তেওঁৰ সবাতোকৈ বিখ্যাত চৰিত্ৰটো আছিল দা ট্ৰাম্প (The Tramp) ছবিৰ চৰিত্ৰটো যিটো তেওঁ প্ৰথমে ১৯১৪ চনত কিষ্ট’ন ষ্টুডিঅ’ৰ (Keystone Studio) কিড অট’ ৰেচেচ এট ভেনিচ (Kid Auto Races at Venice) ছবিত কৰিছিল২। ১৯১৪ চনৰ এপ্ৰিলত মুক্তি পোৱা টুৱেণ্টি মিনিটচ অৱ লাভ (Twenty Minutes of Love) কথাছবিখনৰ পৰা তেওঁ নিজৰ সৰহভাগ ছবিৰে চিত্ৰনাট্য লিখি পৰিচালনা কৰা আৰম্ভ কৰে। ১৯১৬ চনৰ পৰা তেওঁ ছবিবোৰৰ প্ৰযোজনা কৰিবলৈও ধৰে আৰু ১৯১৮ চনৰ পৰা নিজে সংগীত পৰিচালনাও কৰা আৰম্ভ কৰে। মেৰী পিকফ’ৰ্ড, ডগলাছ ফেয়াৰবেংক্ছ আৰু ডি. গ্ৰিফিথৰ লগ লাগি তেওঁ ১৯১৯ চনত ইউনাইটেড আৰ্টিষ্টছ (United Artists) প্ৰতিষ্ঠা কৰে৩।
চাৰ্লি চেপলিন অবাক চলচ্চিত্ৰ যুগৰ এজন লেখত ল’বলগীয়া সৃষ্টিশীল আৰু প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ পূৰ্বসৰী ফ্ৰান্সৰ হাস্য অভিনেতা মেক্স লিণ্ডাৰ (Max Linder) তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল যাক তেওঁ নিজৰ এখন ছবিও উছৰ্গা কৰিছিল৪। ইংলেণ্ডৰ ভিক্ট’ৰিয়া যুগৰ মঞ্চ আৰু সংগীত ঘৰত শিশু গায়ক,অভিনেতা হিছাপে প্ৰদৰ্শন কৰাৰে পৰা মনোৰঞ্জনৰ জগতত তেওঁ মৃত্যু পৰ্য্যন্ত প্ৰায় ৭৫ বছৰ কাল কটাইছিল। তেওঁৰ সামাজিক আৰু ব্যক্তিগত জীৱনো বিতৰ্কৰ উৰ্দ্ধত নাছিল। বাওঁপন্থী মনোভাৱৰ বাবে মেককাৰ্থী যুগ(McCarthy era)ত ১৯৫০ চনৰ প্ৰথম ভাগৰে পৰা তেওঁ পুনৰ ইউৰোপত বসবাস কৰিবলৈ লয়।
১৯৯৯ চনত আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠানএ( American Film Institute) চাৰ্লি চেপলিনক সৰ্বকালৰ দশম শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেতা হিছাপে অভিহিত কৰে৫। ২০০৮ চনত মাৰ্টিন চেফে Chaplin: A Life গ্ৰন্থৰ সমালোচনা কৰিবলৈ গৈ লিখে যে-"চেপলিন কেৱল ‘ডাঙৰেই’ নাছিল, তেওঁ ‘বৃহৎ’ আছিল। ১৯১৫ চনত যুদ্ধবিধ্বস্ত পৃথিৱীত প্ৰৱেশ কৰি তেওঁ আমাক হাস্যৰস, হাঁহি আৰু স্বস্তিৰ উশাহ ল’বলৈ দিছিল। ইয়াৰ পিছৰ ২৫ বছৰ নিৰাশাৰ সময়্ত আৰু আল্ডফ হিটলাৰৰ অভ্যুথানৰ সময়তো তেওঁ নিজৰ কাম কৰি গৈছিল। আন কোনো ব্যক্তিয়ে যে সাধাৰণ ৰাইজক তেওঁলোকৰ সকলোতকৈ প্ৰয়োজনীয় সময়ত ইমান মনোৰঞ্জন, সুখ আৰু স্বস্তি দিছে তাত সন্দেহ আছে। ""৬ জৰ্জ বাৰ্নাড শ্ব’ই চেপলিনক "চলচ্চিত্ৰ উদ্যোগৰ একমাত্ৰ জিনিয়াছ" আখ্যা দিছিল৭।
জীৱনী
লণ্ডনৰ শৈশৱকাল (১৮৮৯-১৯০৯)
১৮৮৯ চনৰ ১৬ এপ্ৰিল তাৰিখে ইষ্ট স্ত্ৰিট, ৱালৱৰ্থ, লণ্ডনত চাৰ্লছ স্পেনচাৰ চেপলিনৰ জন্ম হয়৮। ( ২০১১ চনত তেওঁলৈ বুলি লিখা এখন চিঠি পোহৰলৈ আহে য’ত তেওঁৰ জন্ম প্ৰকৃততে স্মিথৱিক, ষ্টেফ’ৰ্ডচায়াৰৰ ব্লেক পেত্ছ পাৰ্কত এটা জীপছী কাৰাভানত হৈছিল৯)। চেপলিনৰ পিতৃ-মাতৃ আছিল লণ্ডনৰ মিউজিক হলৰ মনোৰঞ্জনকাৰী। পিতৃ চাৰ্লছ স্পেনচাৰ চেপলিন (জেষ্ঠ্য) আছিল অভিনেতা আৰু গায়ক, আনহাতে মাতৃ হান্না চেপলিনে (মঞ্চ নাম লিলি হাৰ্লি) অভিনেত্ৰী আৰু গায়িকা হিছাপে কাম কৰিছিল১০। চাৰ্লিৰ বয়স তিনি বছৰ হোৱাৰ আগতেই তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়। চাৰ্লি আৰু তেওঁৰ অৰ্দ্ধ-ভ্ৰাতৃ চিডনী চেপলিন মাকৰ লগত ৱালৱৰ্থৰ বাৰ্ল’ স্ত্ৰিটত থাকিবলৈ লয়। চাৰ্লি চেপলিনে মাক দেউতাকৰ পৰাই সংগীতৰ প্ৰাথমিক জ্ঞান লাভ কৰে।
সৰুকালত চাৰ্লিয়ে মাকৰ লগত লাম্বাথৰ কেনিংটন ৰ’ডৰ ওচৰে-পাজৰে ৩ পাউনেল টেৰেচ, চেষ্টাৰ স্ত্ৰিট, ৩৯ মেথলী স্ত্ৰিট আদি বিভিন্ন ঠাইত থাকিবলগা হৈছিল। তেওঁৰ পিতৃবংশ গুৰি আছিল ৰোমানিয়াৰ স্মিথ পৰিয়াল১১। জেষ্ঠ্য চাৰ্লছ চেপলিন এজন মদপী আছিল আৰু পুতেকহঁতৰ লগত তেওঁৰ কোনো সংযোগ নাছিল, কিন্তু চাৰ্লি আৰু চিডনীয়ে মাক মানসিক ৰোগত আক্ৰান্ত হওঁতে তেওঁৰ লগতো ২৮৭ কেনিংটন ৰ’ডত কিছুকাল কটাইছিল১২১৩। আৰ্কবিচপ টেম্পল বয়জ স্কুলত ল’ৰাহঁতে শিক্ষা লাভ কৰে। চাৰ্লিৰ বয়স বাৰ হওঁতে ১৯০১ চনত দেউতাকৰ চিৰ’চিচ ৰোগত মৃত্যু হয়১৪। ১৯০১ চনৰ লোকপিয়লৰ মতে চাৰ্লি চেপলিনে ৱিলিয়াম জেকছনৰ দ্বাৰা পৰিচালিত১৫ ল’ৰাৰ নৃত্য দল দা এইট লাংকাশ্বায়াৰ লেড্ছৰ অংশ হিছাপে ৯৪ ফাৰ্নডেল ৰ’ড, লাম্বাথত বসবাস কৰিছিল১৬।
শ্বাসনলীৰ ৰোগে হান্ন চেপলিনৰ গায়িকা জীৱনৰ অন্ত পেলায়১৭। কেন হিল মানসিক চিকিৎসালয়ত তেওঁক পুনৰবাৰ ভৰ্ত্তি কৰিব লগা হোৱাৰ হোৱাৰ পিছত পুতেক অকলশৰীয়া হৈ পৰে আৰু কিছুদিন পিছত চাৰ্লিয়ে দুখীয়াৰ বাবে হানৱেলত থকা চেণ্ট্ৰেল লণ্ডন ডিছট্ৰিক্ট স্কুল(Central London District School)ত নাম লগায়।
১৯০৩ চনত চাৰ্লিয়ে ৱিলিয়াম জিলেটএ লিখা আৰু হেৰী আৰ্থাৰ ছেইণ্টবাৰী]] অভিনিত "শ্বাৰ্লক হ’মছ্" চলচ্চিত্ৰত "বিলী" নামৰ সৰু চৰিত্ৰ এটা কৰিবলৈ সুযোগ পায়। ছেইণ্টবাৰীৰ পৰাই চাৰ্লি চেপলিনে অভিনয়ৰ খুঁটি-নাতি শিকে। ১৯০৫ চনত জিলেটে মেৰী ড’ৰ’ৰ লগত ইংলেণ্ডত তেওঁৰ নতুন নাটক "ক্লেৰিছ মঞ্চস্থ কৰে। ইয়াৰ ব্যৱসায় বেয়া হোৱাৰ পিছত জিলেটে ব্ৰিটিছ প্ৰেছক ব্যংগ কৰিবলৈ একাংক নাট "দা পেইনফুল প্ৰেডিকামেণ্ট অৱ শ্বাৰ্লক হ’মছ্"(The Painful Predicament of Sherlock Holmes) মঞ্চস্থ কৰোঁতে চাৰ্লিকো বিলীৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়ে। ২ ডিচেম্বৰত প্ৰযোজনা শেষ হোৱালৈকে চাৰ্লিয়ে বিলী হিছাপেই তাত থাকে। এই সময়ছোৱাতে জিলেটে চাৰ্লিক নিয়ন্ত্ৰিত অভিনয়ৰ কলা-কৌশল শিকায়। ইতিমধ্য চেঙেলীয়া চাৰ্লি ড’ৰ’ৰ প্ৰেমত পৰে কিন্তু তেওঁৰ প্ৰেম অসম্পূৰ্ণ হৈ ৰয় আৰু প্ৰযোজনা শেষ হোৱাৰ পিছত ড’ৰ’ জিলেটৰ লগত আমেৰিকালৈ ঘূৰি যায়১৮।
এঘাৰ বছৰৰ পিছত হলীউডত চাৰ্লিয়ে ড’ৰ’ক পুনৰ লগ পায়। ড’ৰ’ই ইতিমধ্যে চাৰ্লিৰ নাম পাহৰি পেলাইছিল। তেওঁলোকে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু চেপলিনে ড’ৰ’ৰ আগত তেওঁৰ গোপন প্ৰেমৰ কথা প্ৰকাশ কৰে। দুবছৰ পিছত তেওঁলোক পুনৰ নিউয়ৰ্কত মিলিত হয়। চাৰ্লিৰ মতে তেওঁলোকে কেৱল নীৰৱতাৰে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল। কিন্তু কেন্নেথ লীনে আঙুলিয়াই দিছে যে "নীৰৱতাৰে মেৰীৰ লগত কেৱল আহাৰ গ্ৰহণ কৰা হ’লে চেপলিন চেপলিনৰ দৰে নহ’লহেঁতেন। "১৯
আমেৰিকাত প্ৰথম কেইবছৰ (১৯১০-১৯১৩)

চেপলিনে ফ্ৰেড কাৰ্ন’ দলৰ লগত ১৯১০ৰ পৰা ১৯১২ লোকে পোনপ্ৰথমবাৰ আমেৰিকা ভ্ৰমণ কৰে। ইংলেণ্ডত পাঁচ মাহ কটোৱাৰ পিছত তেওঁ ১৯১২ চনৰ অক্টোবৰত দলটোৰ লগত দ্বিতীয়বাৰৰ বাবে আমেৰিকালৈ যায়। ১৯১৩ৰ শেষৰ ফালে মেক চেনেট, মেবেল নৰমাণ্ড, মিণ্টা ডাৰ্ফী আৰু ৰচকো আৰ্বাকলএ চাৰ্লিৰ অভিনয় প্ৰত্যক্ষ কৰে। চেনেটে তেওঁক কিষ্ট’ন ষ্টুডিঅ’লৈ ফ’ৰ্ড ষ্টাৰ্লিংৰ সলনি অভিনয় কৰিবলৈ মাতে২০। ছবিত অভিনয়ৰ প্ৰয়োজনীয়তা অনুসৰি অভিনয় কৰাত চাৰ্লি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। মেকিং এ লিভিং(Making a Living) ছবিত চাৰ্লিৰ অভিনয় দেখি চেনেটে এটা ডাঙৰ ভুল কৰা বুলি অনুভৱ কৰিলে২১। কিন্তু নৰমাণ্ডৰ কথামতে তেওঁ চাৰ্লি চেপলিনক আন এটা সুযোগ দিবলৈ মান্তি হয়২২।
চেপলিনে অনুভৱ কৰিলে যে অতি সোনকালেই তেওঁক কামৰ পৰা বাদ দিয়া হ’ব। কিন্তু অতি সোনকালেই চেপলিনৰ বোলছবি জনপ্ৰিয় হৈ পৰিল আৰু তেৱোঁ কিষ্ট’নৰ এজন ডাঙৰ তাৰকালৈ উন্নীত হ’ল২৩২৪
ইয়াৰ পিছত চেপলিনে নৰমাণ্ডৰ কেইবাখনো ছবিত কাম কৰে২৩। এগৰাকী মহিলাৰ নিৰ্দেশমতে অভিনয় কৰাটো চেপলিনৰ পছন্দ হোৱা নাছিল আৰু প্ৰায়েই তেওঁলোকৰ মতানৈক্য হৈছিল। শেষত তেওঁলোকৰ মাজত পুনৰ সুহৃদয়তা গঢ় লৈ উঠে আৰু চেপলিনে কিষ্ট’ন ত্যাগ কৰাৰ পিছতো ই অটুট থাকে।
তথ্যসূত্ৰ
- ↑ Obituary Variety Obituaries, 28 December 1977
- ↑ Blanke, David. (2002). The 1910s. American popular culture through history. Greenwood Publishing Group. পৃ. 226. ISBN 978-0-313-31251-9
- ↑ Haupert, Michael. (2006). The Entertainment Industry. Greenwood Publishing Group. পৃ. 242. ISBN 978-0-313-32173-3
- ↑ Kelly, Shawna. (2008). Aviators in Early Hollywood. Arcadia Publishing. পৃ. 16. ISBN 978-0-7385-5902-5
- ↑ (Wed, 16 June 1999). AFI's 100 YEARS..100 STARS. American Film Institute
- ↑ Sieff, Martin.Washington Times -Books 21 December 2008
- ↑ Walsh, John. (25 November 2009). The Big Question: Does Charlie Chaplin merit a museum in his honour, and what is his legacy? – News, People. The Independent
- ↑ Lynn, Kenneth. (1997). Charlie Chaplin and His Times. Simon and Schuster. পৃ. 39. ISBN 978-0-684-80851-2
- ↑ Express & Star, 18 Feb 2011
- ↑ Robinson, David. (1983). Chaplin, the mirror of opinion. Indiana University Press. পৃ. 6. ISBN 978-0-253-21160-6
- ↑ Hancock, F., Ian. (2002). We are the Romani People. University of Hertfordshire Press. পৃ. 129–130. ISBN 978-1-902806-19-8
- ↑ Vance, Jeffrey. (2 October 2003). Chaplin: genius of the cinema. Harry N. Abrams. পৃ. 23. ISBN 978-0-8109-4532-6
- ↑ Robinson, David. (21 August 1994). Chaplin: his life and art. Da Capo Press. পৃ. 26. ISBN 978-0-306-80600-1
- ↑ Robinson, David. (21 August 1994). Chaplin: his life and art. Da Capo Press. পৃ. 36. ISBN 978-0-306-80600-1
- ↑ Eric L. Flom, Chaplin in the sound era: an analysis of the seven talkies, page 6. McFarland, 1997. ISBN 978-0-7864-0325-7
- ↑ PHOTO PAGES from CHAPLIN STAGE BY STAGE. www.charliechaplininmusichall.com
- ↑ Goncalves, Regina. (2008). Einstein, Picasso, Agatha and Chaplin. Lulu.com. পৃ. 226. ISBN 978-1-4092-1566-0
- ↑ Robinson, David, Chaplin, His Life and Art (Da Capo Press, 1994), p. 60
- ↑ Lynn, Kenneth Schuyler, Charlie Chaplin and His Times (Simon & Schuster, 1997), pp. 210–11
- ↑ Chaplin, Charles. (1964). My Autobiography. Penguin. পৃ. 137–139. ISBN 978-0-14-101147-9
- ↑ Chaplin, Charles. (1964). My Autobiography. Penguin. পৃ. 149. ISBN 978-0-14-101147-9
- ↑ Fussell, Betty. (1982). Mabel: Hollywood's First I Don't Care Girl. Limelight Edition. পৃ. 70–71. ISBN 978-0-87910-158-9
- ↑ Chaplin, Charles. (1964). My Autobiography. Penguin. পৃ. 149–150. ISBN 978-0-14-101147-9
- ↑ (25 December 1977). American Experience | Mary Pickford | People & Events. PBS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ্লি চেপলিন” প্ৰবন্ধৰ সংশোধন ৬৩১৪৩২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।