মধুবালা (Madhubala; প্ৰকৃত নাম: মমতাজ জেহান বেগম; ১৪ ফেব্ৰুৱাৰী, ১৯৩৩ – ২৩ ফেব্ৰুৱাৰী, ১৯৬৯) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী। ১৯৪২ চনৰ পৰা ১৯৬৪ চনলৈ তেওঁ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত আছিল। তেওঁৰ সৌন্দৰ্য, ব্যক্তিত্ব আৰু কৰুণ নাৰীৰ সংবেদনশীল জীৱন্ত বৰ্ণনৰ বাবে মধুবালা জনাজাত।১২৩
৯ বছৰ বয়সতে মধুবালাই ১৯৪২ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ বসন্তত প্ৰথমবাৰৰ বাবে এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল যদিও ১৯৪৭ চনতহে তেওঁ অভিনয় জগতত ভালকৈ প্ৰৱেশ কৰে। ১৯৪৭ চনত মধুবালাই তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ ৰাজ কাপুৰৰ সৈতে কৰিছিল। চলচ্চিত্ৰখনৰ নাম আছিল নীল কমল। সেই সময়ত মধুবালাৰ বয়স আছিল মাত্ৰ ১৪ বছৰ।৪ ২২ বছৰীয়া কৰ্মজীৱনত মধুবালাই ৭০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত মহল (১৯৪৯), দুলড়ি (১৯৪৯), বেকছুৰ (১৯৫০), তৰানা (১৯৫১), অমৰ (১৯৫৪), মিষ্টাৰ এণ্ড মিছেছ '৫৫ (১৯৫৫), চলতী কা নাম গাড়ী (১৯৫৮), হাওৰা ব্ৰীজ (১৯৫৮) আৰু মুগল এ আজম (১৯৬০) উল্লেখযোগ্য। মধুবালাই দিলীপ কুমাৰ, গুৰু দত্ত, অশোক কুমাৰ, দেৱ আনন্দ, কিশোৰ কুমাৰ আৰু আন বহুতো অভিনেতাৰ লগত অভিনয় কৰিছিল। মধুবালাৰ ৭৩খন হিন্দী চলচ্চিত্ৰৰ ভিতৰত কেৱল ১৫খন চলচ্চিত্ৰহে আৰ্থিকভাৱে সফল হৈছিল। ১৯৬০ চনত মুক্তিপ্ৰাপ্ত মুগল এ আজম চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।৫
১৯৫১ চনত যেতিয়া জেমছ বাৰ্ক লাইফ আলোচনীৰ বাবে মধুবালাৰ আলোকচিত্ৰ ল'বলৈ ভাৰতলৈ আহে, তেতিয়াই মধুবালাৰ মনত হলীউডৰ প্ৰতি আগ্ৰহ জন্মে। মধুবালাক মেৰিলিন মন্ৰ'ৰ সৈতে তুলনা কৰা হয়। মধুবালা হলীউডৰ হেঁপেহুৱা অনুৰাগী আছিল। ফ্ৰানজ্ কাপ্ৰা ভাৰতলৈ আহোঁতে মধুবালাক হলীউডত এটা সুযোগ দিব বিচাৰিছিল যদিও মধুবালাৰ পিতৃয়ে সেয়া নাকচ কৰিছিল।
মুগল এ আজম মধুবালাৰ জীৱনৰ শ্ৰেষ্ঠ কৃতি। এই চলচ্চিত্ৰখনৰ বাবেই তেওঁ হিন্দী চিনেমাৰ এগৰাকী মহান অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ অন্তিমখন চলচ্চিত্ৰ জ্বালাৰ ১৯৫০ দশকতেই চিত্ৰগ্ৰহণ কৰা হৈছিল যদিও ১৯৭১ চনতহে চলচ্চিত্ৰখনে মুক্তি লাভ কৰে।
মধুবালাৰ ব্যক্তিগত জীৱনেও বহুতো মনোযোগ পাইছে। অভিনেতা দিলীপ কুমাৰৰ সৈতে মধুবালাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল যদিও তেওঁ চলতী কা নাম গাড়ী চলচ্চিত্ৰৰ সহ-অভিনেতা কিশোৰ কুমাৰৰ সৈতে ১৯৬০ চনত বিবাহপাশত আবদ্ধ হয়। মধুবালা আৰু কিশোৰ কুমাৰে একেলগে অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত ধাকে কী মলমল (১৯৫৬), চলতী কা নাম গাড়ী (১৯৫৮), ঝুমৰু (১৯৬১), হাফ টিকেট (১৯৬২) অন্যতম। দীৰ্ঘস্থায়ী ৰোগত আক্ৰান্ত হৈ ১৯৬৯ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে মাত্ৰ ৩৬ বছৰ বয়সতে মধুবালাই ইহলীলা সম্বৰণ কৰে।
তথ্যসূত্ৰ
- ↑ www.indiatoday.in/amp/education-today/gk-current
- ↑ Booch, Harish and Doyle, Karing.(1962). Self-Portraitt. Bombay: Jai Gujerat Press. pp. 75-78
- ↑ Gangadhar, V. (17 August 2007). They now save for the rainy day. দ্য হিন্দু
- ↑ Dhawan, M.L. (6 April 2008). Mark of Madhubala. The Tribune (Chandigarh)
- ↑ Bhagat, Rasheeda. (31 May 2011). Madhubala's timeless beauty. Business Line
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুবালা” প্ৰবন্ধৰ সংশোধন ৩০৫১৫২ (২৯ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।