অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঋষি কাপুৰ

ঋষি কাপুৰ (Rishi Kapoor; ৪ ছেপ্টেম্বৰ ১৯৫২ – ৩০ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়।

হালনাগাদ: ১৮ জানুৱাৰী ২০২৬ ৭০২ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ঋষি কাপুৰ (Rishi Kapoor; ৪ ছেপ্টেম্বৰ ১৯৫২ – ৩০ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়।১ ১৯৭০ চনত তেওঁৰ পিতৃ ৰাজ কাপুৰৰ ছবি 'মেৰা নাম জকৰ'ত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলিছিল আৰু এই ছবিত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ শিশু অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।২ পিছলৈ তেওঁ ১৯৭৩ চনত মুক্তি লাভ কৰা ডিম্পল কপাডিয়াৰ বিপৰীতে অভিনয় কৰা ছবি 'ববী'ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।

তেওঁ ১৯৭৩ চনৰ পৰা ২০০০ চনলৈ প্ৰায় ৯২ খন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰে ৩৬ খন ছবি বক্স অফিচত হিট হৈছিল।৩ ২০১১ চনত 'দো দুনী চাৰ'ত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল আৰু 'কাপুৰ এণ্ড চনছ' ছবিৰ অভিনয়ৰ বাবে তেওঁ ২০১৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ২০০৮ চনত তেওঁ ফিল্মফেয়াৰৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়।৪ তেওঁ ১৯৭৩ চনৰ পৰা ১৯৮১ চনলৈ পত্নী নিতু সিঙৰ বিপৰীতে ১২ খন ছবিত অভিনয় কৰিছিল। দীৰ্ঘদিনীয়া হাড়ৰ মজ্জাৰ কৰ্কট ৰোগত ভুগি ২০২০ চনৰ ৩০ এপ্ৰিল তাৰিখে মুম্বাইৰ এইছ.এন. ৰিলায়েন্স চিকিৎসালয়ত ৬৭ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।৫৬

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

১৯৫২ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বোম্বেৰ চেম্বুৰত ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ অন্যতম প্ৰভাৱশালী পৰিয়ালত ঋষি কাপুৰৰ জন্ম হৈছিল।৭৮৯ তেওঁৰ পিতৃ অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক ৰাজ কাপুৰ আৰু মাতৃ কৃষ্ণা ৰাজ কাপুৰ। ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহীৰূহ অভিনেতা পৃথ্বীৰাজ কাপুৰ তেওঁৰ ককা। তেওঁৰ ভাতৃ ৰণধীৰ কাপুৰ আৰু ৰাজীৱ কাপুৰ, মামা প্ৰেম নাথ, ৰাজেন্দ্ৰ নাথ, নৰেন্দ্ৰ নাথ আৰু প্ৰেম চোপ্ৰা আৰু খুড়া শশী কাপুৰ আৰু শম্মি কাপুৰ আটায়ে সুদক্ষ অভিনেতা। ঋষি কাপুৰৰ দুগৰাকী ভগ্নী ঋতু নন্দা আৰু ৰীমা জৈন।

তেওঁ ভাতৃদ্বয়ৰ সৈতে মুম্বাইৰ চেম্পিয়ন স্কুলত অধ্যয়ন কৰিছিল। তাৰপিছত তেওঁ অজমেৰৰ মেয় কলেজত শিক্ষা গ্ৰহণ কৰে।

কৰ্মজীৱন

২০০০ চনৰ আগত

ঋষি কাপুৰক পোনপ্ৰথমবাৰৰ বাবে তিনি বছৰ বয়সত তেওঁৰ পিতৃ ৰাজ কাপুৰৰ ছবি 'শ্ৰী ৪২০'ৰ এটা গান 'প্যাৰ হোৱা ইকৰাৰ হোৱা'ত দেখা গৈছিল।১০১১ তাৰপিছত তেওঁ ১৯৭০ চনত পিতৃ ৰাজ কাপুৰৰে ছবি 'মেৰা নাম জকৰ'ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াত তেওঁ পিতৃৰ সৰুকালৰ চৰিত্ৰত অভিনয় কৰিছিল।১২১১ ১৯৭৩ চনত মুক্তি লাভ কৰা তেওঁৰ পিতৃৰ ছবি 'ববী'ত তেওঁ ডিম্পল কপাডিয়াৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১১ এই ছবিখনে সেই দশকৰ আটাইতকৈ বেছি বাণিজ্যিক ভাবে সফল ছবিত পৰিগণিত হৈছিল।১৩ এই ছবিখনত তেওঁ কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটায়ো লাভ কৰিছিল।১০ তাৰপিছত তেওঁ ১৯৭০ৰ দশকত কেইবাখনো হাস্য-ব্যংগমূলক ছবি যেনে — নিতু সিঙৰ সৈতে 'ৰাফু চক্কৰ' (১৯৭৫), অমিতাভ বচ্চনৰ সৈতে 'অমৰ আকবৰ এন্থনি' (১৯৭৭) জিনাট আমনৰ সৈতে 'খেল খেল মে' (১৯৭৫) আৰু 'হম কিছি ছে কম নেহী' (১৯৭৭) আদিত অভিনয় কৰিছিল।১১ তেওঁ নিতু সিঙৰ সৈতে 'জেহৰিলা ইনচান' (১৯৭৪), 'কভি কভি' (১৯৭৬) আৰু 'দুচৰা আদমী' (১৯৭৬) ছবিত একেলগে অভিনয় কৰাৰ পিছত ১৯৮০ চনত বিবাহপাশত আৱদ্ধ হয়।১৪

১৯৮০ৰ দশকত তেওঁ সুভাষ ঘাইৰ দ্বাৰা পৰিচালিত 'কাৰ্জ' ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। এই ছবিখন বক্স অফিচত বিফল হয় যদিও এইখন কাল্ট ক্লাছিকত পৰিগণিত হয়। তাৰপিছত তেওঁ ৰাজেন্দ্ৰ সিং বেদীৰ উপন্যাস 'এক চাদৰ মেইলী চি'ৰ আধাৰত নিৰ্মাণ কৰা একে নামৰ ছবিত অভিনয় কৰে।১০১৫

তেওঁ ১৯৭৩ চনৰ পৰা ২০০০ চনলৈ সাধাৰণতে ছবিৰ ৰোমান্টিক নায়কৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল।১৬ এই কালছোৱাত তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহ হ'ল: 'ৰাজা' (১৯৭৫), 'লেইলা মজনু' (১৯৭৬),১৬ 'স্বৰগম' (১৯৭৯), 'প্ৰেম ৰোগ' (১৯৮২), 'কুলি' (১৯৮৩),১১ 'সাগৰ' (১৯৮৫), 'চান্দনী' (১৯৮৯),১৭ 'বল ৰাধা বল' (১৯৯২), 'দামিনী' (১৯৯৩), আৰু 'কাৰোবাৰ' (২০০০)।১২১০

তেওঁ ১৯৯৯ চনত 'আ আব লৌট চলে'ৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।১১

২০০০ চনৰ পিছত

ৰ পৰা সন্মানিত হোৱা মুহূৰ্তত ঋষি কাপুৰ]]

২০০০ চনৰ পিছত তেওঁ বিভিন্ন ছবিত সহযোগী অভিনেতা হিচাপে দেখা পোৱা গৈছিল। তেওঁ ২০১২ চনৰ 'অগ্নিপথ' ছবিত খলনায়ক আৰু একেবছৰে মুক্তি লাভ কৰা 'ষ্টুডেণ্ট অফ দা ইয়াৰ' ছবিত এগৰাকী সমকামী অধ্যাপকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।১০ ২০১১ চনত 'দো দুনী চাৰ'ত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল আৰু 'কাপুৰ এণ্ড চনছ' ছবিৰ অভিনয়ৰ বাবে তেওঁ ২০১৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।১০

২০১০ৰ দশকত তেওঁ অভিনয় কৰা ছবি সমূহ হৈছে 'হম তুম' (২০০৪), 'ফানা' (২০০৬), 'নমস্তে লণ্ডন' (২০০৭), 'লাভ আজ কাল' (২০০৯) আৰু 'দিল্লী-৬' (২০০৯)।১০১৬

২০১৩ চনত তেওঁ বাস্তৱিক জগতৰ কুখ্যাত মাফিয়া নেতা ডাউড ইব্ৰাহিমৰ চৰিত্ৰ 'ডি-ডে' ছবিত ৰূপায়ণ কৰিছিল।১০ ২০১৮ চনত তেওঁক নেটফ্লিক্সৰ ছবি 'ৰাজমা চাউল'ত দেখা গৈছিল।১১ তাৰপিছত তেওঁ অমিতাভ বচ্চনৰ সৈতে '১০২ নট আউট' ছবি আৰু তাপসী পান্নুৰে সৈতে 'মুল্ক' ছবিত অভিনয় কৰে।১০ ২০১৯ চনত তেওঁৰ দুখন ছবি স্মিপ কাঙৰ 'ঝুথা কাহি কা' আৰু ইমৰাণ হাছমীৰ সৈতে অভিনয় কৰা 'দা বডী' মুক্তি লাভ কৰিছিল। এই ছবিখনে ২০১৯ চনৰ ১৩ ডিচেম্বৰত মুক্তি লাভ কৰিছিল।১৮ এইখন তেওঁ জীয়াই থাকোঁতে অভিনয় কৰি মুক্তি লাভ কৰা শেষ ছবি।১৬ তেওঁৰ আন এখন জুহি চাৱলাৰ সৈতে অভিনয় কৰা হিতেশ ভাটীয়াৰ দ্বাৰা পৰিচালিত ছবি 'শৰ্মাজী নামকিন' মুক্তিৰ অপেক্ষাৰত।১৯

ব্যক্তিগত জীৱন

পত্নী নিতু সিং আৰু পুত্ৰ ৰণবীৰ কাপুৰৰ সৈতে ঋষি কাপুৰ
পত্নী নিতু সিং আৰু পুত্ৰ ৰণবীৰ কাপুৰৰ সৈতে ঋষি কাপুৰছবি: Bollywood Hungama · CC BY 3.0

১৯৮০ চনত তেওঁ কেইবাটাও ছবিত একেলগে কাম কৰা অভিনেত্ৰী নিতু সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১১ তেওঁলোকৰ পুত্ৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু পুত্ৰী ডিজাইনাৰ ৰিধিমা কাপুৰ চাহানি।২০

ঋষি কাপুৰৰ আত্মজীৱনী 'খুল্লাম খুল্লা: ঋষি কাপুৰ আনচেন্সৰড' ২০১৭ চনৰ ১৫ জানুৱাৰীত প্ৰকাশিত হৈছিল। তেওঁ এই গ্ৰন্থখন মীনা আয়াৰৰ সৈতে যুটীয়াভাবে লিখিছিল আৰু হাৰ্পাৰ কলিন্স প্ৰকাশনগোষ্ঠীয়ে প্ৰকাশ কৰিছিল।২১২২

অসুস্থতা আৰু মৃত্যু

২০১৮ চনত তেওঁৰ দেহত হাড়ৰ মজ্জাৰ কৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰে আৰু তেওঁ চিকিৎসাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰীলৈ যায়।২৩ প্ৰায় এবছৰজুৰি চলা চিকিৎসাৰ সফল সামৰণিৰ পিছত তেওঁ ২০১৯ চনৰ ২৬ ছেপ্টেম্বৰত ভাৰতলৈ ঘূৰি আহে।২৪

২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ বাবে তেওঁক মুম্বাইৰ ছাৰ এইছ. এন. ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেলত ভৰ্তি কৰোৱা হয়।২৫ পিছদিনা অৰ্থাৎ ২০২০ চনৰ ৩০ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।২৬২৭২৮

বঁটা আৰু সন্মান

২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ যাৱৰেকৰৰ (বাওঁফালে) পৰা জাইণ্ট বঁটা গ্ৰহণ কৰা মুহূৰ্তত ঋষি কাপুৰ (সোঁফালে)
২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ যাৱৰেকৰৰ (বাওঁফালে) পৰা জাইণ্ট বঁটা গ্ৰহণ কৰা মুহূৰ্তত ঋষি কাপুৰ (সোঁফালে)ছবি: Ministry of Education · GODL-India

ঋষি কাপুৰে ভাৰতীয় চলচ্চিত্ৰক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

  • ১৯৭০ – 'মেৰা নাম জকৰ' ছবিৰ বাবে বংগ চলচ্চিত্ৰ সাংবাদিক সংঘৰ বিশেষ বঁটা আৰু শ্ৰেষ্ঠ শিশুশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা২৯
  • ১৯৭৪ – 'ববী' ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা
  • ২০০৮ – ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা
  • ২০০৯ – চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাছিয়া চৰকাৰৰ দ্বাৰা সন্মানিত৩০
  • ২০১০ – 'লাভ আজ কাল' ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ অপ্সৰা বঁটা৩১
  • ২০১১ – নিতু সিঙৰ সৈতে যুটীয়াভাৱে শ্ৰেষ্ঠ জীৱনজোৰা যুটীৰ জি চিনে বঁটা৩২
  • ২০১১ – 'দো দুনী চাৰ' ছবিৰ বাবে সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা
  • ২০১৩ – 'অগ্নিপথ' ছবিৰ বাবে শ্ৰেষ্ঠ ঋণাত্মক চৰিত্ৰৰ অভিনেতাৰ দা টাইম্‌ছ অফ ইণ্ডিয়া বঁটা৩৩৩৪
  • ২০১৬ – জীৱনজোৰা সাধনা স্ক্ৰীন বঁটা
  • ২০১৭ – 'কাপুৰ এণ্ড চনছ' ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ স্ক্ৰীন বঁটা
  • ২০১৭ – 'কাপুৰ এণ্ড চনছ' ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা
  • ২০১৭ – 'কাপুৰ এণ্ড চনছ' ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ জি চীনে বঁটা
  • ২০১৭ – 'কাপুৰ এণ্ড চনছ' ছবিৰ বাবে শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ জি চীনে বঁটা

তথ্যসূত্ৰ

  1. ↑ Rishi Kapoor slams godmen and Radhe Maa
  2. ↑ 18th National Film Awards. Directorate of Film Festivals
  3. ↑ Latest News, Breaking News Live, Current Headlines, India News Online. The Indian Express
  4. ↑ (15 September 2012). Proud of Ranbir's choice of roles: Rishi Kapoor - Latest News & Updates at Daily News & Analysis
  5. ↑ khabar.ndtv.com/news/bollywood/rishi-kapoor-dies-at-the-age-of-67-amitabh-bachchan-tweet-on-it-2220774
  6. ↑ khabar.ndtv.com/news/bollywood/rishi-kapoor-dies-at-the-age-of-67-amitabh-bachchan-tweet-on-it-2220774
  7. ↑ Gooptu, Sharmistha. (29 October 2010). Bengali Cinema: 'An Other Nation'. Taylor & Francis. ISBN 9780203843345
  8. ↑ Fashion Cultures: Theories, Explorations, and Analysis edited by Stella Bruzzi, Pamela Church
  9. ↑ South star Taapsee surprises Rishi Kapoor by turning out to be Punjabi - NDTV Movies
  10. ↑ Rishi Kapoor no more. filmfare.com
  11. ↑ Frater, Patrick; Frater, Patrick. (2020-04-30). Rishi Kapoor, Indian Film Legend, Dies at 67. Variety
  12. ↑ DelhiApril 30, India Today Web Desk New; April 30, 2020UPDATED:; Ist, 2020 12:56. Rishi Kapoor in films: Mera Naam Joker to Bobby to 102 Not Out. India Today
  13. ↑ Top Earners 1970-1979. Boxofficeindia.com
  14. ↑ DelhiApril 30, India Today Web Desk New; April 30, 2020UPDATED:; Ist, 2020 12:38. The Rishi Kapoor-Neetu Singh love story: Aaj, kal, forever. India Today
  15. ↑ Kumar, Anuj. (2016-08-25). Karz (1980). The Hindu
  16. ↑ correspondent, Hannah Ellis-Petersen South Asia. (2020-04-30). Rishi Kapoor, Bollywood star, dies of leukaemia aged 67. The Guardian
  17. ↑ (2020-04-30). Bollywood's romantic hero Rishi Kapoor dies. BBC News
  18. ↑ (9 November 2019). Jeethu Joseph's 'The Body' gets a release date. New Indian Express
  19. ↑ Rishi Kapoor to Start Shooting for Next Film With Juhi Chawla. News 18
  20. ↑ DelhiApril 30, India Today Web Desk New; April 30, 2020UPDATED:; Ist, 2020 12:38. The Rishi Kapoor-Neetu Singh love story: Aaj, kal, forever. India Today
  21. ↑ Vowelor. (2016-12-23). Khullam Khulla: Rishi Kapoor Uncensored. Vowelor
  22. ↑ (2020-04-30). Khullam Khulla: Rishi Kapoor had no clue his engagement with Neetu was ‘plotted’. The Indian Express
  23. ↑ (30 April 2020). Actor Rishi Kapoor loses battle to cancer. Here's what we know about the cancer he suffered from. Times of India
  24. ↑ (3 September 2019). Rishi Kapoor, Neetu open up on his cancer treatment in New York: We just treated it as any disease- Entertainment News, Firstpost
  25. ↑ (2020-04-30). Rishi Kapoor hospitalised, brother Randhir Kapoor says he has breathing problems. Hindustan Times
  26. ↑ (30 April 2020). Veteran Actor Rishi Kapoor Hospitalised In Mumbai. NDTV
  27. ↑ (30 April 2020). Bollywood legend Rishi Kapoor passes away at 67. Khaleej Times
  28. ↑ (30 April 2020). Bollywood Veteran Rishi Kapoor Dies Aged 67. Universal News
  29. ↑ http://www.bfjaawards.com/legacy/pastwin/197134.htm
  30. ↑ (9 November 2009). Rishi Kapoor honored by Russian Government for contribution to cinema. Bollywoodhungama.com
  31. ↑ (8 January 2010). Winners of 5th Apsara Film & Television Producers Guild Awards. Bollywoodhungama.com
  32. ↑ (14 January 2011). Winners of Zee Cine Awards 2011. Bollywoodhungama.com
  33. ↑ (8 April 2013). Priyanka, Ranbir win best actor awards at TOIFA. intoday.in
  34. ↑ (8 April 2013). Winners of Times Of India Film Awards 2013 (TOIFA). bollywoodhungama.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাফিল্মফেয়াৰ বঁটা বিজয়ীকৰ্কট ৰোগত মৃত্যু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋষি কাপুৰ” প্ৰবন্ধৰ সংশোধন ৫৭০৩৫৭ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।