অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জীনত আমান

জীনত খান (Zeenat Khan, জন্ম: ১৯ নৱেম্বৰ ১৯৫১)ৰ জনপ্ৰিয় নাম হৈছে জীনত আমান। তেখেত হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। হিন্দী ছবিজগতত তেখেতে জীৱনৰ পঞ্চাছটা বছৰ অতিবাহিত কৰিছে। দুটা ফিল্মফেয়াৰ আৰু এটা BFJAকে ধৰি একাধিক বঁটা-সন্মান পাবলৈ জিনাত আমান সক্ষম হৈছে।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ৪৭৫ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জীনত খান (Zeenat Khan, জন্ম: ১৯ নৱেম্বৰ ১৯৫১)ৰ জনপ্ৰিয় নাম হৈছে জীনত আমান। তেখেত হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। হিন্দী ছবিজগতত তেখেতে জীৱনৰ পঞ্চাছটা বছৰ অতিবাহিত কৰিছে।১ দুটা ফিল্মফেয়াৰ আৰু এটা BFJAকে ধৰি একাধিক বঁটা-সন্মান পাবলৈ জিনাত আমান সক্ষম হৈছে। ১৯ বছৰ বয়সতে মডেলিঙৰ জৰিয়তে তেখেতে পৰিচিতি লাভ কৰে আৰু ইয়াৰ পিছত তেখেতে ১৯৭০ চনত 'ফেমিনা মিছ ইণ্ডিয়া' আৰু 'মিছ ইণ্ডিয়া পেচিফিক ইণ্টাৰনেশ্যনেল'ৰ খিতাপ লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

১৯৫১ চনৰ ১৯ নৱেম্বৰত জীনত আমানে বোম্বাইত জন্মলাভ কৰে।২৩ পিতৃ আছিল মুছলমান সম্প্ৰদায়ৰ আৰু মাতৃ আছিল এগৰাকী মহাৰাষ্ট্ৰীয় হিন্দু। পিতৃ আমানুল্লাহ খান আছিল২৪ এগৰাকী চিত্ৰনাট্যকাৰ। তেখেতে 'মুগল-ঈ-আজম' আৰু 'পাকিজা'ৰ দৰে ছবিত কাম কৰিছে। লিখা-মেলা কৰোঁতে তেখেতে প্ৰায়েই 'আমান' নামটো ব্যৱহাৰ কৰিছিল। সেইটো নামকেই জিনাত আমানে পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰে।

শিক্ষা

জীনত আমানৰ কিশোৰী কালতেই তেখেতৰ পিতৃ-মাতৃৰ মাজত বিবাহ-বিচ্ছেদ হয়।৫ ১৩ বছৰ বয়সত তেখেতৰ পিতৃৰ দেহাৱসান ঘটে।৬ আমানে পঞ্চগনিৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু লছ এঞ্জেলছত থকা দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। অৱশ্যে তেখেতে স্নাতকৰ শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে।

কৰ্মজীৱন

১৯৭০ চনত, জীনত আমানে 'ফেমিনা মিছ ইণ্ডিয়া'ত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত তেখেতে দ্বিতীয় স্থান দখল কৰে আৰু 'প্ৰথম ৰাজকুমাৰী'ৰ সন্মান পায়।৭ ইয়াৰ পিছত তেখেতে 'মিছ ইণ্ডিয়া পেচিফিক ইণ্টাৰনেশ্যনেল'তো অংশ লয় আৰু বিজয়ীৰ খিতাপ লাভ কৰে। এইটো বিজয়মুকূট পিন্ধা তেখেত ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰথমগৰাকী খিতাপদখলকাৰী আছিল।৮

দু্যোখন সন্মানজনক প্ৰতিযোগিতাতে বঁটা লাভ কৰা জীনত আমানে ইয়াৰ পিছত অভিনয়ৰ জগতত খোজ পেলায়। তেখেতে অভিনয় কৰা প্ৰথমখন ছবি ১৯৭০ চনত মুক্তিপ্ৰাপ্ত 'দ্য এভিল উইথিন'। ছবিখনত তেখেতৰ সৈতে অভিনয় কৰিছিল দেৱানন্দে। ছবিখন ব্যৱসায়িকভাৱে বিফল হয়।৯

১৯৭১ চনত, আমানে অ.পি. ৰালহানৰ দ্বাৰা নিৰ্মিত ছবি 'হালচাল'ত এটি সৰু ভূমিকাত অৱতীৰ্ণ হয়। একেটা বছৰতে তেখেতে ৰালহানৰ অইন এখন ছবি 'হাংগামা'তো অভিনয় কৰে। এইখন ছবিত বিনোদ খান্না আৰু কিশোৰ কুমাৰ, হেলেন আদিয়ে অভিনয় কৰিছিল। দুয়োখন ছবিয়েই বক্স অফিচত ফ্লপ হিচাপে বিবেচিত হয়।১০১১১২

জিনাত আমানে প্ৰথমটো সফলতা লাভ কৰে ১৯৭১ চনত। ছবিখনৰ নাম আছিল-'হৰে ৰাম হৰে কৃষ্ণ (চলচ্চিত্ৰ)'। অভিনেতা আৰু পৰিচালক দেৱানন্দে এইখন ছবিত অভিনয় কৰিবলৈ অভিনেত্ৰীগৰাকীক অনুৰোধ কৰিছিল। পূৰ্বতে এই প্ৰস্তাৱটো অভিনেত্ৰী জাহিদাক দিয়া হৈছিল যদিও তেখেতে নাকচ কৰে।১৩ ছবিখন দৰ্শক-সমালোচকে আদৰি লয়। ছবিখনৰ জৰিয়তে জিনাত আমানৰ কেৰিয়াৰেও গতি লাভ কৰিলে।১৪১৫ ছবিখনত অতি সবল অভিনয় কৰা জিনাতে ফিল্মফেয়াৰৰ পৰা 'শ্ৰেষ্ঠ সহ-অভিনেত্ৰী'ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।১৬ ইয়াৰ লগতে তেখেতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে BFJA বঁটাও লাভ কৰে।১৭

১৯৭০ দশকত, 'চিনে ব্লিটজ' নামৰ আলোচনীখন উন্মোচন কৰা হয়। আলোচনীখনৰ প্ৰথমটো সংখ্যাৰ প্ৰচ্ছদত জিনাত আমানক ঠাই দিয়া হয়।১৮১১ ১৯৭৩ চনত আমানে 'য়াদো কি বাৰাত' নামৰ সমাদৃত ছবিখনত অভিনয় কৰে। একছনধৰ্মী ছবিখনত আমানে সুনীতা নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে। এইখন ছবিক চিনে পণ্ডিত কৌশিক ভৌমিকে "the first quintessential Bollywood film" হিচাপে অভিহিত কৰে।১৯ এইখন ছবিত জিনাত আমান দৃশ্যমান হোৱা "চুৰালিয়া হেয় তুমনে জ দিলকো" গীতটোৱে দৰ্শকৰ মাজত প্ৰচুৰ আলোড়নৰ সৃষ্টি কৰে। তেখেতে "গীটাৰ লৈ থকা বগা সাজ পৰিহিতা যুৱতী" হিচাপে জনাজাত হয়।২০ ১৯৭৮ চনত জিনাত আমানে জনপ্ৰিয় 'ডন' ছবিখনত ৰোমা নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে।২১

২০২০ চনৰ ফেব্ৰুৱাৰিত ঘোষণা কৰা হয় যে, জিনাত আমানে থিয়েটাৰৰ জৰিয়তে পুনৰাগমন ঘটাব। তেখেতে কস্তুৰবা গান্ধীৰ আধাৰত এখন নাট মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰে।২২ ২০২১ চনৰ জানুৱাৰীত ঘোষণা কৰা হয় যে, তেখেতে 'মাৰগাঁও: দ্য ক্লজড ফাইল' নামৰ মাৰ্ডাৰ-মিষ্ট্ৰী ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰিব। ১৯৮০ৰ দশকত পিছত এইখনেই হ'ব তেখেতে শীৰ্ষ চৰিত্ৰত অভিনয় কৰা প্ৰথম ছবি।২৩ ছবিখন পৃথিৱীৰ বহুল জনপ্ৰিয় লেখিকা আৰু সাহিত্যিক আগাথা ক্ৰিষ্টিলৈ উৎসৰ্গা কৰা হ'ব।২৪

তথ্যসূত্ৰ

  1. ↑ Zeenat Aman completes 50 years in Bollywood; celebrates with the cast and crew of Margaon The Closed File - Times of India. The Times of India
  2. ↑ Birthday special: Zeenat Aman marriage controversy you did not know. Free Press Journal - Latest India News, Live Updates, Breaking news from Mumbai
  3. ↑ (19 November 2019). Happy Birthday Zeenat Aman: Accidental actor who redefined Indian film heroine but was unlucky in love. Hindustan Times
  4. ↑ Zeenat Aman seeks recognition as an actress. India Today
  5. ↑ Accidental Star who Redefined Indian Film Herione. The Hindustan Times
  6. ↑ www.imdb.com/name/nm0023868/bio
  7. ↑ Miss Veena Sajnani, Fashion Photo, Radiant young Veena Sajnani is... timescontent.com
  8. ↑ Simeon. (9 March 2017). The Bold and Beautiful: Zeenat Aman Miss Asia Pacific 1970. Indian and World Pageant
  9. ↑ Did you know Dev Anand acted in a Hollywood movie in 1970? - Times of India. The Times of India
  10. ↑ (19 November 2019). Happy 68th Birthday, Zeenat Aman! Meet The Glamour Icon Who Broke All Rules in Bollywood. indiatimes.com
  11. ↑ World, Republic. Zeenat Aman: Here is a look at the Yaadon Ki Baarat actor's journey. Republic World
  12. ↑ Ramasubramanian, Uma. (31 August 2019). I am not a feminist, I am a humanist: Zeenat Aman. The Asian Age
  13. ↑ Mid-Day
  14. ↑ When Dev Anand met the Dum Maro Dum girl Zeenat Aman - Times of India. The Times of India
  15. ↑ (19 November 2019). Happy Birthday Zeenat Aman: Satyam Shivam Sundaram to Don, 5 Must-Watch Movies of the Glamour Queen. News18
  16. ↑ 1st Filmfare Awards 1953
  17. ↑ Archived copy
  18. ↑ Protima's naked run: Cine Blitz Profile. হিন্দুস্তান টাইমছ
  19. ↑ Chaudhuri, Diptakirti. (1 October 2015). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin UK. ISBN 9789352140084
  20. ↑ Dinesh Raheja. (12 November 2002). The A to Z of Zeenat Aman. Rediff.com
  21. ↑ (22 June 2006). The perfect Zeenat
  22. ↑ PTI. (8 January 2020). Zeenat Aman To Make Theatre Comeback with a Play On Mahatma Gandhi And Wife Kasturba. NDTV
  23. ↑ Menezes, Gladwin. (7 January 2021). Zeenat Aman to be back on screen in new avatar with 'Margaon: The Closed File'. Republic World
  24. ↑ Ramsay, Amit; D'Souza, Caroline Esther. (10 January 2021). Zeenat Aman to feature in murder mystery ‘Margaon: The Closed File'. Zee News

সম্পৰ্কিত শ্ৰেণী

সৌন্দৰ্য প্ৰতিযোগীভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীনত আমান” প্ৰবন্ধৰ সংশোধন ৫৩২০৮৮ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।