ডিম্পল কপাড়িয়া (Dimple Kapadia; डिम्पल कपाड़िया; জন্ম: ৮ জুন, ১৯৫৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ষোল বছৰ বয়সত তেওঁ অভিনয় জগতত ভৰি দিয়ে। ১৯৭৩ চনক এহাল কিশোৰ-কিশোৰীৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত ববীৰ মূল চৰিত্ৰত অভিনয় কৰে। সেই একে বছৰতে তেওঁ অভিনেতা ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতিহালৰ টুইংকল খান্না আৰু ৰিংকি খান্না নামৰ দুজনী জীয়েক আছে। তেওঁলোকও বলীউদৰ প্ৰতিষ্ঠিত অভিনেত্ৰী। বিয়াৰ পিছত তেওঁ অভিনয় বাদ দিছিল যদিও ৰাজেশ খান্নাৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাত পিছলৈ দুয়ো পৃথকে থাকিবলৈ লয় আৰু ১৯৮৪ চনত তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহে। ১৯৮৫ চনত মুক্তি পোৱা সাগৰ নামৰ হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৮০ৰ দশকত তেওঁ নিজকে শীৰ্ষস্থানীয় অভিনেত্ৰী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।১
ব্যক্তিগত জীৱন
গুজৰাটী ব্যৱসায়ী চুন্নিভাই কপাড়িয়া আৰু বিট্টি দম্পতিৰ চাৰি সন্তানৰ ভিতৰত ডিম্পল আছিল আটাইতকৈ ডাঙৰ। তেওঁৰ ভনীয়েক চিম্পল কপাড়িয়াও এগৰাকী অভিনেত্ৰী আছিল। পৰিয়ালটো মুম্বাইৰ চান্তাক্ৰুজ এলেকাত বসবাস কৰিছিল আৰু ডিম্পলে চেইণ্ট জোচেফ কনভেণ্ট হাইস্কুলত অধ্যয়ন কৰিছিল।২৩৪ ইছমাইলী খোজা সম্প্ৰদায়ৰ ব্যক্তি, তেওঁৰ পিতৃ এজন ধনাধ্য ব্যক্তি আছিল।৫
১৯৭৩-ৰ নবেম্বৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ববী মুক্তি পায়। ছবিখনে মুক্তি পোৱাৰ ছয়মাহ আগতেই তেওঁৰ ৰাজেশ খান্নাৰ সৈতে বিয়া হৈ যায়। ববীৰ সৰহভাগ দৃশ্যই তেওঁলোকৰ বিয়াৰ পাছত গ্ৰহণ কৰা হৈছিল। দুই কন্যা টুইংকল আৰু ৰিংকিক প্ৰতিপাল কৰাৰ উদ্যেশ্যে তেওঁ বাৰ বছৰ চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি থাকে। কোৱা হয় যে বিয়াৰ পিছত তেওঁ অভিনয়ৰ ক্ষেত্ৰত অলিখিত নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল। অৱশ্যে তেওঁ এবাৰ কৈছিল, তেওঁ সদায়ে অভিনয়ক গৌণস্থানত ৰাখিছিল।৬৭
১৯৮২ চনৰ এপ্ৰিল মাহত তেওঁ ৰাজেশ খান্নাৰ ওচৰৰ পৰা আঁতৰি আহে। স্বামীগৃহ ত্যাগ কৰি দুই কন্যাক লৈ তেওঁ দেউতাকৰ ঘৰলৈ গুছি আহে। ইয়াৰ দুই বছৰ পিছত তেওঁ পুনৰ অভিনয় জীৱন আৰম্ভ কৰে। ১৯৮৫ চনত তেওঁ ইণ্ডিয়া টুডেক দিয়া এটা সাক্ষাৎকাৰত তেওঁৰ অসুখী বৈবাহিক জীৱনৰ অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা দিছিল। অৱশ্যে ২০১০ চনত প্ৰতিবেদক দিনেশ ৰাজেহাই মন্তব্য কৰে যে দুয়োৰো মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্কটো চকুত ধুলি দিয়াৰ দৰেই। তেওঁলোকক একেলগে পাৰ্টীত দেখা গৈছিল। ১৯৯০ চনত ৰাজেশৰ নিৰ্বাচনী প্ৰচাৰত ডিম্পলে অংশ লৈছিল। আনকি ৰাজেশৰ জয় শিৱ শংকৰ ছবিতো তেওঁ অভিনয় কৰিছিল। ফিল্মফেয়াৰ বঁটা বিতৰণী অনুষ্ঠানত আকৌ বিয়াত বহা সম্পৰ্কত তেওঁ জনায়, “বৰ্তমান অৱস্থাতে মই সুখীষ কিয় মই আকৌ এবাৰ বিবাহবন্ধনত আবদ্ধ হম? এবাৰতে যথেষ্ঠ হৈছে।”৮ তেওঁৰ জীয়ৰী দুজনীয়েও অভিনয় জীৱন আকোৱালী লৈছে। জ্যেষ্ঠা কন্যা টুইংকল বিশিষ্ট অভিনেতা অক্ষয় কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।৯
কৰ্মজীৱন
অভিষেক
ডিম্পলে এবাৰ কৈছিল যে শৈশৱৰে পৰা তেওঁ চলচ্চিত্ৰাভিনেত্ৰী হোৱাৰ সপোন দেখিছিল। তেৰ বছৰ বয়সত তেওঁ ৰাজ কাপুৰৰ দৃষ্টিত পৰে। ১৯৭৩ চনত আবেগমধুৰ ছবি ববীৰ যোগেদি তেওঁৰ চলচ্চিত্ৰাভিষেক ঘটে। ইয়াত তেওঁ ঋষি কাপুৰৰ বিপৰীতে অভিনয় কৰিছিল। ববী এখন ব্যৱসায় সফল ছবি, যিয়ে ব্যাপক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই ছবিখনৰ যোগেদি তেওঁ জয়া বচ্চনৰ সৈতে যৌথভাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ছবিখনে সফলতা পোৱাৰ পিছত সেই সময়ৰ তৰুণীবোৰৰ ফেচনত ডিম্পলৰ চুলিৰ ষ্টাইল আৰু ব্লাউজে ব্যপক প্ৰভাৱ পেলাইছিল।১০ ২০০৮ চনত ৰেডিফ-ডট-কমে তেওঁক হিন্দী চলচ্চিত্ৰৰ ইতিহাসত সৰ্বকালৰ চতুৰ্থ শ্ৰেষ্ঠ অভিনেত্ৰী বুলি আখ্যা দিয়ে।১১
প্ৰত্যাৱৰ্তন
১৯৮৪ চনত চলচ্চিত্ৰ জগতলৈ প্ৰত্যাৱৰ্তন কৰে। আৰম্ভণিতে তেওঁ যৌনতাৰ প্ৰতীক হিচাপে চিহ্নিত হৈছিল। পৰৱৰ্তী কালত যৌনতা সম্বলিত অভিনয় বাদ দি বহুমুখী অভিনয়ৰ দিশে অগ্ৰসৰ হয়। কাশ, দৃষ্টি, লেকিন, সাগৰ, ৰুদালী আদি ছবিত অভিনয় কৰি তেওঁ সুনাম কঢ়িয়ায়।১২ ১৯৯৩ চনত মুক্তি পোৱা ৰুদালীৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচকৰ বঁটা লাভ কৰে। ১৯৯৪ চনত মুক্তি পোৱা ক্ৰান্তিবীৰৰ বাবে তেওঁ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী শিতানত তেওঁৰ চতুৰ্থটো ফিল্মফেয়াৰ বঁটা পায়।১৩
বঁটা
- ১৯৯২- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ৰুদালী ছবিৰ বাবে
- ১৯৭৪- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা: ববী ছবিৰ বাবে
- ১৯৮৬- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা: সাগৰ ছবিৰ বাবে
- ১৯৯৩- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচকৰ বঁটা: ৰুদালী ছবিৰ বাবে
- ১৯৯৫- শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা: ক্ৰান্তিবীৰ ছবিৰ বাবে
তথ্যসূত্ৰ
- ↑ Miglani, Surendra. (5 October 2003). Parallel cinema. The Tribune. Spectrum
- ↑ S. Pradhan, Bharati. (22 November 2009). The end of the sister act. The Telegraph
- ↑ Mitra, Sumit. (30 November 1985). Dimple Kapadia: The second coming. ইণ্ডিয়া টুডে. Living Media. পৃ. 74
- ↑ Bamzai, Kaveree. (4 October 2019). Twinkle Khanna: The Tina Factor. Open
- ↑ (18 November 2016). The brave and the beautiful. Mid-Day
- ↑ (11 July 2013). Candlemaker David Constable on his work by royal appointment. BBC
- ↑ Thapar Kapoor, Reena. (9 October 2006). The house of wax. Mumbai Mirror. The Times Group
- ↑ (11 July 2013). Candlemaker David Constable on his work by royal appointment. BBC
- ↑ Roy, Dhaval. (4 October 2019). Front knot outfits to over-the-knee boots, hairbands, jumpsuits; It's the '70s this year. Daily News and Analysis
- ↑ Biswas, Soutik. (15 July 1993). Dimple Kapadia: A creative flowering. India Today. Living Media. পৃ. 54–55
- ↑ Verma, Sukanya. (8 June 2007). The best of Dimple. Rediff.com
- ↑ Somaaya, Bhawana. (24 November 2000). The highs and lows – a recollection. দ্য হিন্দু
- ↑ Das Gupta, Ranjan. (8 June 2018). Birthday present for Dimple Kapadia: Her film, Drishti, is going to be restored. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিম্পল কপাড়িয়া” প্ৰবন্ধৰ সংশোধন ৬৩৫৪১২ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।