১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ
২৫ প্ৰবন্ধ
-
যৌৱনে আমনি কৰে (চলচ্চিত্ৰ)
যৌৱনে আমনি কৰে (Joubane Amoni Kore) ১৯৯৮ চনৰ ১৯ মেত মুক্তি পোৱা, অশোক কুমাৰ বিষয়া পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন ৰোমাণ্টিক অসমীয়া ছবি। বহুদিন ধৰি অসমীয়া ছবি জগতত চলা এক মণ্ডাৱস্থাৰ অন্তত এই ছবিখন অতি জনপ্ৰিয় হৈছিল আৰু অসমীয়া দৰ্শকসকলক অসমীয়া ছবিৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।
-
সাগৰলৈ বহু দূৰ
সাগৰলৈ বহুদূৰ (Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।
-
হলধৰ (চলচ্চিত্ৰ)
হলধৰ (Haladhar) এখন মধুৰ হাস্যৰসাত্মক অসমীয়া চলচ্চিত্ৰ। ১৯৯৩ চনত চিত্ৰগৃহত মুক্তি পোৱা ছবিখন ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ 'পৰিচালৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল।
-
অদাহ্য (চলচ্চিত্ৰ)
অদাহ্য (Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।
-
প্ৰভাতী পখীৰ গান
প্ৰভাতী পখীৰ গান (Prabhati Pokhir Gaan) ১৯৯২ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক মুনিন বৰুৱা। কাহিনী- অমূল্য কাকতিৰ। ৰাজকুমাৰ পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল বিজয় নাৰায়ণ তিৱাৰী আৰু অমৰ নাথ তিৱাৰীয়ে। সংগীত জে পি দাসৰ।
-
সাৰথি (চলচ্চিত্ৰ)
সাৰথি (Sarothi) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া বোলছবি। ড॰ শইকীয়াই ছবিখন কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ১৯৯১ চনত মুক্তি পোৱা ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া কাহিনীচিত্ৰ শিতানত ৰজত কমল বঁটা লাভ কৰিছিল।
-
আৱৰ্তন (চলচ্চিত্ৰ)
আৱৰ্তন (Abartan (On the Run)) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমীয়া চলচ্চিত্ৰ। ড॰ শইকীয়া এই ছবিখনৰ একাধাৰে পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য আৰু সংলাপ লেখক আছিল।
-
সংস্কাৰ
সংস্কাৰ (Sanskar) ১৯৯৭ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। মামণি ৰয়চম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত এচ বি পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা, আৰু ৰঞ্জিত দাস পৰিচালিত এই ছবিখন চিত্ৰগৃহত মুক্তি দিয়া হোৱা নাছিল। মূল ভূমিকাত আছিল বিষ্ণু খাৰঘৰীয়া আৰু পূৰবী শৰ্মা।
-
ফিৰিঙতি (চলচ্চিত্ৰ)
ফিৰিঙতি হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে। চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
বুকুৰ মাজত জ্বলে
বুকুৰ মাজত জ্বলে (Bukur Majot Jole) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত এখন সংগীত-মধুৰ ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা আছিল অশোক কুমাৰ বিষয়াৰ। মুঠ পাঁচজন সংগীত পৰিচালকে ছবিখনৰ সংগীত পৰিচালনা কৰিছিল।
-
ইতিহাস (চলচ্চিত্ৰ)
ইতিহাস (Itihaas) হৈছে ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ। ৰূপকমল প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল লীনা বৰাই। ইতিহাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰিছিল।
-
বনানী (চলচ্চিত্ৰ)
বনানী (Banani) হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ।
-
অগ্নিগড় (চলচ্চিত্ৰ)
অগ্নিগড় (Agnigarh) ১৯৯৪ চনত মুক্তি পোৱা এখন সাম্প্ৰতিক বিষয়বস্তুৰ আধাৰত নিৰ্মিত অসমীয়া ছবি। অগ্নিগড়ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা চন্দ্ৰ মুদৈৰ। প্ৰযোজনা প্ৰদীপ গগৈৰ। মূল চৰিত্ৰটোত অভিনয় কৰিছে অৰুণ নাথে। সংগীত ভূপেন উজীৰৰ। গীতত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাই।
-
মীমাংসা (চলচ্চিত্ৰ)
মীমাংসা (Mimanxa, The Verdict...) হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। নিৰ্মালী আৰ্টছৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰে।
-
অবুজ বেদনা (চলচ্চিত্ৰ)
অবুজ বেদনা (Abuj Bedana) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, গুণসিন্ধু হাজৰিকা পৰিচালিত এখন ৰঙীন শিশু কথাছবি। এইখন অসমীয়া চিনেমা বছৰটোৰ শেষত ডিচেম্বৰ মাহত ছবি ঘৰত দেখিবলৈ পোৱা গৈছিল। অবুজ বেদনা পৰিচালকগৰাকীৰ পৰিচালিত একমাত্ৰ কথাছবি। মহাবাহু চিনে এণ্টাৰপ্ৰাইজেছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।
-
অভিমান
অভিমান (Abhiman) ১৯৯০ চনত মুক্তি পোৱা এম জে ফিল্মৰ বেনাৰত নিৰ্মিত মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সঙ্গীত পৰিচালনা প্ৰশান্ত বৰদলৈৰ।
-
পানী (১৯৯৫ চলচ্চিত্ৰ)
পানী (Paani) ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ (অসম) বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু সঙ্গীত আছিল ভূপেন হাজৰিকাৰ।
-
মৰম নদীৰ গাভৰু ঘাট
মৰম নদীৰ গাভৰু ঘাট (Morom Nodir Gabhoru Ghat) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত, বিক্ৰম হাজৰিকা, বৰ্ণালী পূজাৰী আৰু নিলয় গুপ্তা অভিনীত এখন অসমীয়া সংগীত-ৰোমাঞ্চ চলচ্চিত্ৰ। ছবিখন পুলক গগৈয়ে পৰিচালনা আৰু প্ৰযোজনা কৰিছে।
-
একত্ৰিশ জুন
একত্ৰিশ জুন (Ektrish June) প্ৰথম অসমীয়া ফেণ্টাচী ছবি। তুৰংগ ফিল্মছৰ বেনাৰত উলেম আহমেদ আৰু লক্ষ্মণ শ্বাহ প্ৰযোজিত আৰু ভাস্কৰ বৰা পৰিচালিত এই ছবিখন ১৯৯৪ৰ ৮ এপ্ৰিলৰ দিনা মুক্তি পাইছিল।
-
যুঁজ (চলচ্চিত্ৰ)
যুঁজ (Joonj) ১৯৯০ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ছবি। ছবিখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য আছিল হেমেন দাসৰ। প্ৰযোজনা বিপুল বৰুৱাৰ। অসমৰ লোকসঙ্গীত আৰু শঙ্কৰী সঙ্গীতক আধাৰ স্বৰূপে লৈ ছবিৰ সঙ্গীত ৰচনা কৰিছিল খগেন মহন্ত আৰু ৰমেন বৰুৱাই।
-
কনকলতা (চলচ্চিত্ৰ)
কনকলতা (Kanaklata) অসমৰ দ্বিতীয় মহিলা চলচ্চিত্ৰ পৰিচালক কুন্তলা ডেকাই পৰিচালনা কৰা আৰু লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা এখন জীৱনীভিত্তিক চলচ্চিত্ৰ। প্ৰযোজক দিলীপ ডেকা আৰু কুন্তলা ডেকা। শব্দগ্ৰহণত পীযুষ কান্তি ৰয়। ১৯৯০ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উদেষ্ণা চিত্ৰগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্বো হৈছিল।
-
প্ৰত্যাৱৰ্তন
প্ৰত্যাৱৰ্তন (Pratyavartan) ১৯৯৩ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। পৰিচালক ৰঞ্জিত দাস। এছ বি পিকচাৰ্ছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে কবিন সাউদে। সংগীত শ্বেৰ চৌধুৰীৰ। মুখ্য ভূমিকাত আছে তপন দাস, অৰুণ নাথ আৰু মৃদুলা বৰুৱা।
-
প্ৰেম জনমে জনমে
প্ৰেম জনমে জনমে (Prem Janame Janame) ১৯৯১ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। যাদৱ চন্দ্ৰ দাস পৰিচালিত এই ছবিখন বি.এচ.বি. ফিল্মছৰ (অসম) বেনাৰত প্ৰযোজনা কৰিছিল বিপুল কলিতাই। মূল ভূমিকাত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও আৰু পৰেশ গোস্বামী ডেইজী ৰাজখোৱাই।সংগীত ৰিদীপ দত্তৰ।
-
দেউতাৰ বিয়া
দেউতাৰ বিয়া (Deutar Biya) ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ।বি.কে.বি. ফিল্মছ্ এণ্ড ফ’কাচৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ কাহিনী, সংলাপ, চিত্ৰনাট্য, সংগীত, কলা নিৰ্দেশনা, পৰিচালনা আৰু প্ৰযোজনা দীপক ভূঞাৰ। মুখ্য ভূমিকাত আছে ৰাণা তামুলী, জয়ন্ত দাস আৰু হিৰণ্য ডেকা।
-
১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা