জয়ন্ত দাস (৮ জুন, ১৯৬০ – ১৬ ডিচেম্বৰ, ২০২৩) অসমৰ এজন অভিনেতা আৰু বোলছবি পৰিচালক আছিল।১ ৰামধেনু নামৰ অসমীয়া চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল।২৩৪৫৬৭ ২০২৩ চনৰ ১৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীত তেখেতৰ দেহাৱসান ঘটে৮, মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৩ বছৰ।৯
মুকুতা ছবিত এজন শিশু শিল্পী হিচাপে জয়ন্ত দাসে অভিনয় কৰিছিল৮ যদিও এজন পেছাদাৰী অভিনেতা হিচাপে সেন্দূৰ নামৰ ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল।১০
কটন মহাবিদ্যালয়ত পঢ়ি থকা সময়ত জয়ন্ত দাসে ক্ৰিকেট খেলিছিল। ৮০ৰ দশকত তেওঁ ভ্ৰাম্যমান নাট্য জগতত অভিনেতা হিচাপে প্ৰৱেশ কৰে।৮
প্ৰথমতে জয়ন্ত দাসে বোলছবিৰ খলনায়ক হিচাপে অভিনয় কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এজন হাস্যৰসিক অভিনেতা হিচাপে জনপ্ৰিয়তা লাভ কৰে। তেওঁ “পাপু-নিকু সংবাদ”, “ভাড়াঘৰ” আদি দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছিল।৮
বোলছবি
- মুকুতা(১৯৭০)
- সেন্দূৰ (চলচ্চিত্ৰ)(১৯৮৪)
- শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি(১৯৮৪)
- পিতা-পুত্ৰ (চলচ্চিত্ৰ) (১৯৮৮)
- সাৰথি (চলচ্চিত্ৰ) (১৯৯১)
- ৰিক্সাৱালা(১৯৯১)
- প্ৰভাতী পখীৰ গান(১৯৯২)
- ™হলধৰ (চলচ্চিত্ৰ) (১৯৯৩)
- আৱৰ্তন (চলচ্চিত্ৰ) (১৯৯৩)
- দেউতাৰ বিয়া (১৯৯৭)
- সপোন (১৯৯৭)
- যৌৱনে আমনি কৰে (চলচ্চিত্ৰ)(১৯৯৮)( অতিথি শিল্পী)
- বুকুৰ মাজত জ্বলে (১৯৯৯)
- নায়ক(২০০১)
- খিলঞ্জীয়া লোক (২০০১)
- মিঠা মিঠা লগনত (২০০১]]
- জোন জ্বলে কপালত (২০০২]]
- মন(২০০২]]
- কন্যাদান(২০০৪)
- কাদম্বৰী(২০০৪)
- অধিনায়ক (চলচ্চিত্ৰ)(২০০৬)
- ৰামধেনু(২০১৪)
- খেল:The Game(২০১৪)
- অদম্য
- আই ক'ত নাই
- জোনাকী মন(২০০২)
- মইনা চৰাই মইনা মাত(VCD)
তথ্যসূত্ৰ
- ↑ (১ ছেপ্তেম্বৰ, ২০১৭). অভিনেতা জয়ন্ত দাসৰ সৈতে এটি সন্ধিয়া. সাক্ষাৎকাৰ. ফটাঢোল
- ↑ Desk, Sentinel Digital. (27 May 2018). Comedy Central - Sentinelassam. The Sentinel Assam
- ↑ Jayanta Das Biography, Filmography & Movie List. BookMyShow
- ↑ Jayanta Das on Moviebuff.com. Moviebuff.com
- ↑ Jayanta Das movies, filmography, biography and songs - Cinestaan.com. Cinestaan
- ↑ Jayanta Das. IMDb
- ↑ Assamese Serial Bharaghar (ভাড়াঘৰ) · Watch All Episodes. Magical Assam
- ↑ www.pratidintime.com/guwahati-news-breaking-late
- ↑ (2023-12-16). Assamese veteran actor Jayanta Das passes away. India Today NE
- ↑ জীৱনৰ ৰংগমঞ্চৰ পৰা বিদায় মাগিলে জয়ন্ত দাসে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্ত দাস” প্ৰবন্ধৰ সংশোধন ৬২৩০১০ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।