সঞ্জীৱ হাজৰিকা (Sanjeev Hazarika) অসমৰ এজন মঞ্চ আৰু চলচ্চিত্ৰাভিনেতা, নাট পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫৬ চনত তেওঁৰ জন্ম হয়। ১৯৮০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ নাটকৰ অভিনেতা হিচাপে বাচনিভূক্ত হয়। পৰৱৰ্তী সময়ত তেওঁ নাট পৰিচালনাৰ সৈতেও জড়িত হৈ পৰে।১
১৯৮৩ চনত তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁ পুলক গগৈ, ভবেন্দ্ৰ নাথ শইকীয়া, হেম বৰা আদি প্ৰখ্যাত পৰিচালকৰ সৈতে কাম কৰিছিল। অভিনয় আৰু পৰিচালনা সহকাৰী দুয়োটা ক্ষেত্ৰতে তেওঁ কাম কৰিছিল।১
নিজাববীয়াকৈ তেওঁ তিনিখন অসমৰ চলচ্চিত্ৰ পৰিচালনা কৰিছে- অপূৰ্ব শৰ্মাৰ চুটিগল্পৰ আধাৰত নিৰ্মিত হলধৰ (১৯৯৩), নিৰুপমা বৰগোহাঞিৰ চুটিগল্পৰ আধাৰত নিৰ্মিত মীমাংসা (১৯৯৪) আৰু হোমেন বৰগোহাঞিৰ চুটিগল্পৰ আধাৰত নিৰ্মিত মৎস্যগন্ধা (২০০০)। হলধৰে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ 'পৰিচালকৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিবলৈ সক্ষম হয়।১
তথ্যসূত্ৰ
- ↑ 39th National Film Festivl. Directorate of Film Festivals, Govt. of India. পৃ. 20, 142
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জীৱ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩১৯৫৮১ (২৮ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।