অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নয়ন প্ৰসাদ

নয়ন প্ৰসাদ (Nayan Prasad) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ সাংবাদিক-আলোচক প্ৰযোজক, পৰিচালক আৰু অভিনেতা৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰত এগৰাকী শিশু অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা নয়ন প্ৰসাদে ভাৰতীয় চেঞ্চৰ বৰ্ডৰ আঞ্চলিক গোটৰ সদস্যৰূপে চাৰি বছৰ কাৰ্যনিৰ্বাহ কৰে৷ তেখেতে অসমৰ দৈনিক কাকত আৰু আলোচনীত…

হালনাগাদ: ১০ আগষ্ট ২০২৩ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

নয়ন প্ৰসাদ (Nayan Prasad) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ সাংবাদিক-আলোচক প্ৰযোজক, পৰিচালক আৰু অভিনেতা৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰত এগৰাকী শিশু অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা নয়ন প্ৰসাদে ভাৰতীয় চেঞ্চৰ বৰ্ডৰ আঞ্চলিক গোটৰ সদস্যৰূপে চাৰি বছৰ কাৰ্যনিৰ্বাহ কৰে৷ তেখেতে অসমৰ দৈনিক কাকত আৰু আলোচনীত চলচ্চিত্ৰ-সম্পৰ্কীয় অনেক লেখা লিখিছে৷ ১

সংক্ষিপ্ত জীৱন

নয়ন প্ৰসাদে ১৯৫৮ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰে৷ পঢ়াশলীয়া দিনতেই গুৱাহাটী কেন্দ্ৰৰ শিশু অভিনেতা হিচাপে তেখেতে আত্মপ্ৰকাশ কৰে৷ সমান্তৰালভাৱে তেখেতে মঞ্চতো অভিনয় আগবঢ়াই নিয়ে৷ পাছলৈ গুৱাহাটী কেন্দ্ৰত নাট প্ৰযোজকৰূপে কাৰ্যনিৰ্বাহ কৰি ২০১১ আৰু ২০১২ চনত আকাশবাণীৰ বছেৰেকীয়া প্ৰতিযোগিতাত নাট শাখাত পুৰস্কাৰ অৰ্জন কৰে৷ ১৯৮৫ চনত পৰিচালক হিচাপে তেখেতে পোনপ্ৰথমবাৰৰ বাবে হোলী পৰিচালনা কৰে৷ এইখন নাটক গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত একেলেথাৰিয়ে পোন্ধৰ দিনলৈকে মঞ্চস্থ হয়৷ ১৯৯২ চনত তেখেতে সঞ্জীৱ হাজৰিকা পৰিচালিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া কথাছবি হলধৰত অভিনয় কৰে৷ ১৯৯৭ চনত সান্ত্বনা বৰদলৈ পৰিচালিত ছবি অদাহ্য (চলচ্চিত্ৰ)ৰ কাৰ্যবাহী প্ৰযোজকৰ দায়িত্ব পালন কৰে৷ চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত 'ৰজত কমল' পুৰস্কাৰ লাভ কৰে৷ চলচ্চিত্ৰখন ভাৰতৰ গোৱা, দিল্লী, কলিকতা, ত্ৰিবান্দম, জাপানৰ ফুকুৱাকা, আৰু বেংকক চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হয়৷ ২

নয়ন প্ৰসাদে ২০০৯ আৰু ২০১২ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ 'ভাৰত ৰঙ্গ মহোৎসৱ'ৰ নিৰ্বাচক সমিতিৰ সদস্যৰূপে অংশ লয়৷ ইয়াৰ উপৰি তেখেতে ভাৰতীয় চেঞ্চৰ বৰ্ডৰ আঞ্চলিক গোটটোৰ সদস্যৰূপে চাৰিটা বছৰ কাৰ্যনিৰ্বাহ কৰে৷ ২০০০ চনত তেখেতৰ প্ৰবন্ধ সংকলন ইনছাৰ্ট প্ৰকাশিত হয়৷ ১

তেখেতৰ দ্বাৰা লিখিত বিভিন্ন ৰচনা কাকত-আলোচনীত প্ৰকাশিত হৈছে৷ ১

অসমৰ লেখক, সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিয়ে কৈছে-বিশ্ব চিনেমাৰ বিষয়ে তেওঁৰ পৰিধি বিশাল৷ তেওঁ অসমীয়া দৰ্শকক ৰসজ্ঞৰ দৃষ্টিৰে চিনেমা উপভোগ কৰিবলৈ শিকাইছে আৰু বিশ্বৰ মহৎ চিনেমা-কৃতিবোৰৰ লগত অসমীয়া চিত্ৰামোদীক চিনাকি কৰি দিছে৷৩

সাহিত্যিক কৰ্ম

নয়ন প্ৰসাদে লিখা দুখন বিশেষ গ্ৰন্থ হৈছে 'ইনছাৰ্ট' আৰু 'ক্ল'জ আপ'৷ প্ৰথমখন প্ৰবন্ধ সংকলন ২০০০ চনত প্ৰকাশিত হৈছিল আৰু দ্বিতীয়খন সংকলন প্ৰকাশিত হৈছিল ২০১৪ চনৰ নৱেম্বৰ মাহত৷ অসমৰ বনফুল প্ৰকাশনে প্ৰকাশিত কৰা এই প্ৰবন্ধ সংকলনখনত লেখকে নিজৰ অভিজ্ঞতা আৰু জ্ঞাৰ সমন্বয় ঘটাই চিনেমা আৰু আনুষংগিক একাধিক ৰচনা সন্নিৱিষ্ট কৰিছে৷ গ্ৰন্থখনত সংকলিত হোৱা প্ৰবন্ধসমূহ ইতিপূৰ্বে অসমৰ দৈনিক বাতৰি কাকত আমাৰ অসমৰ বুধবৰীয়া শিতানত 'ক্ল'জ আপ' নামেৰে ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল৷ ১

তথ্যসূত্ৰ

  1. ↑ প্ৰকাশক. (২০১৪). ক্ল'জ আপ. বনফুল. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১
  2. ↑ (Last Updated: Feb 10, 2013, 06:54 AM IST). NAYAN PRASAD
  3. ↑ প্ৰকাশক. (২০১৪). ক্ল'জ আপ. বনফুল. পৃ. বেটুপাতৰ শেষৰ পৃষ্ঠা. ISBN ৯৭৮-৯৩-৮১৭১০-৪০-১

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া প্ৰবন্ধকাৰসমালোচকঅসমীয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়ন প্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৩৭৩৭০৪ (১০ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।