ৰাধা (IAST: Rādhā, হিন্দী ভাষা: राधा ) হ'ল ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেয়সী,তেওঁ ৰাসমণ্ডলৰ গোপীসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। বঙ্গীয় আৰু নাদীয়া বৈষ্ণৱ শাখাত ৰাধাকেই মূলপ্ৰকৃতি বুলি অভিহিত কৰা হৈছে। বহ্মবৈৱৰ্ত পুৰাণ আৰু দেৱীভাগৱতৰ মতে ৰাধাৰ সৃষ্টি ভগৱান কৃষ্ণৰ শৰীৰৰ বাওঁভাগৰ পৰা হয় আৰু সেই ৰাধায়েই দ্বাপৰ যুগত বিষভানুৰ পুত্ৰী ৰুপে জন্ম গ্ৰহণ কৰে;ৰাধাৰ পৰাই লক্ষ্মী আৰু সৰস্বতীৰ আৰ্ভিভাব হ'ল। অবশ্যে বহুতো গ্ৰন্থত লক্ষ্মীদেৱীৰ অংশৰ পৰাহে ৰাধাৰ জন্ম বুলি উল্লেখ আছে।
অন্য নাম
- ৰাধিকা
- ৰাধাৰাণী
- ৰাধে
নামৰ অৰ্থ
সংস্কৃত শব্দ ৰাধাৰ (সংস্কৃত ভাষা:राधा) অৰ্থ হ'ল “ভাগ্যবান, সফল”। ১
তথ্যসূত্ৰ
- ↑ Leza Lowitz, Reema Datta (2009) "Sacred Sanskrit Words", p.156
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধা” প্ৰবন্ধৰ সংশোধন ২৯৫৩৩২ (৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।