অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লক্ষী বৰঠাকুৰ

লক্ষী বৰঠাকুৰ (Lakshi Borthakur) অসমৰ এগৰাকী অভিনয় শিল্পী, নাট্যকাৰ তথা লেখক আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ ওপৰত আধাৰিত লটকন সাধুৰ নাট্যৰূপত নোমলৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।

হালনাগাদ: ১৬ জানুৱাৰী ২০২২ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

লক্ষী বৰঠাকুৰ (Lakshi Borthakur) অসমৰ এগৰাকী অভিনয় শিল্পী, নাট্যকাৰ তথা লেখক আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ ওপৰত আধাৰিত লটকন সাধুৰ নাট্যৰূপত নোমলৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। বৰঠাকুৰে জুয়ে পোৰা সোণ, জাতিঙ্গা ইত্যাদি, যৌৱনে আমনি কৰে (চলচ্চিত্ৰ) আদি বহুকেইখন অসমীয়া চলচ্চিত্ৰ, কেইবাখনো দূৰদৰ্শন ধাৰাবাহিক আৰু ২০খন টেলিফিল্মত অভিনয় কৰে। ইয়াৰোপৰি তেওঁ বহুকেইখন অনাতাঁ‌ৰ আলেখ্যতো কণ্ঠদান কৰিছিল। ২০১৫ চনৰ ১৯ জুনত বৰঠাকুৰৰ দেহাৱসান ঘটে।১

প্ৰাৰম্ভিক জীৱন

১৯৫৭ চনত শোণিতপুৰ জিলা, জামুগুৰিহাট অঞ্চলৰ মাধৱ গাঁৱত লক্ষী বৰঠাকুৰৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাকৰ নাম আছিল- ক্ৰমে পুণেশ্বৰী বৰঠাকুৰ আৰু ভোলানাথ বৰঠাকুৰ। তেওঁ জামুগুৰি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয়।১

কৰ্মজীৱন

১৯৭৯ চনত তেওঁ সাংস্কৃতিক সঞ্চালকালয়ত এজন শিল্পী হিচাপে যোগদান কৰে। ১৯৮১-ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ গীত আৰু নাট বিভাগত এজন শিল্পী হিচাপে যোগদান কৰে আৰু পিছলৈ তেওঁৰ প্ৰশিক্ষক পদলৈ পদোন্নতি হয়। ২০১৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।১

বৰঠাকুৰ কলেজীয়া জীৱনৰ পৰাই নাটকৰ সৈতে জড়িত হৈ আছিল। তেওঁ ২৮খন কথাছবি, ৭৮খন ধাৰাবাহিক, ২০খন টেলিফিল্ম আৰু ৩০খন অনাতাঁৰ নাটত অভিনয় কৰে। তেওঁ ১০খন একাংকিকা আৰু ১খন পূৰ্ণাংগ নাটত ৰচনা কৰিছে কৰিছে। তেওঁ গান্ধাৰী আৰু বেদব্যাস অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও বিজয় টেণ্ডুলকাৰ প্ৰসংগ নামৰ গ্ৰন্থ এখনো ৰচনা কৰে।১

ৰাজেন ৰাজখোৱা পৰিচালিত ঘৰত কোন আছে তেওঁৰ প্ৰথম অভিনীত দূৰদৰ্শন ধাৰাবাহিক। মলক গুইন গুইন আৰু কলিতাৰ শাহুআই তেওঁৰ দুখন উল্লেখযোগ্য ধাৰাবাহিক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সাৰথিৰ যোগেদি তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁ অভিনয় কৰা অন্য কেইখনমান কথাছবি হ’ল- জুয়ে পোৰা সোণ, জাতিঙ্গা ইত্যাদি, হলধৰ, আই লাভ ইউ, যৌৱনে আমনি কৰে (চলচ্চিত্ৰ), মাঘত মামণিৰ বিয়া আৰু অজেয়।১

তথ্যসূত্ৰ

  1. ↑ Borthakur dies at 58. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতাঅসমীয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষী বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৩১১১৯৩ (১৬ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।