গাখীৰ (Milk) হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ। এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ। যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয়। শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক কলষ্ট্ৰাম (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে, যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে। প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল চৰ্বি বা ফেট, মাংসসাৰ বা মাংসসাৰ, কেলছিয়াম আৰু ভিটামিন C। গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ আম্লিক ধৰ্মৰ। একাপ গাখীৰত (২৪০ মিলিলিটাৰ) থকা পুষ্টিকাৰক পদাৰ্থবোৰৰ পৰিমাণ তলত দিয়া তালিকাৰ দৰে -
| শক্তি (Energy) | ১৬০ কেলৰি | ভিটামিন ৬% |
| চৰ্বী (Fat) | ৯ গ্ৰাম | কেলছিয়াম ৩০% |
| শৰ্কৰা (Carbohydrates) | ১২ গ্ৰাম | ছ'ডিয়াম ১২০ মিলিগ্ৰাম |
| প্ৰ'টিন (Protein) | ৯ গ্ৰাম | কলেষ্টেৰল ৩৫ মিলিগ্ৰাম |
তথ্যসূত্ৰ
- ↑ ডা° ৰজত বুঢ়াগোহাঁই. (২০১২). গাখীৰৰ পুষ্টিগুণ আৰু উতলালে হ'ব পৰা পৰিবৰ্তন. প্ৰান্তিক. পৃ. পৃষ্ঠা ২৭ - ২৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাখীৰ” প্ৰবন্ধৰ সংশোধন ৪৪২৩৮৮ (২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।