যক্ষ্মা হৈছে বিভিন্ন প্ৰকাৰৰ মাইক'বেক্টেৰিয়া, বিশেষকৈ মাইক'বেক্টেৰিয়াম টিউবাৰকুল'ছিছৰ দ্বাৰা বহুলভাৱে হোৱা এবিধ সংক্ৰামক ৰোগ।১ এই বীজাণুৱে প্ৰধানকৈ হাঁওফাঁওত আক্ৰমণ কৰে যদিও দেহৰ অন্য অংশতো আক্ৰমণ কৰা দেখা যায়। ই এবিধ বতাহৰ যোগেদি বিয়পা ৰোগ; যক্ষ্মাৰোগীৰ থু, খেকাৰ, হাঁচি অথবা মূত্ৰৰ দ্বাৰা এই ৰোগ বিয়পে।২ বহু ক্ষেত্ৰত লক্ষণবিহীন লেটেণ্ট টিউবাৰকুল'ছিছৰ সংক্ৰমণ হোৱা দেখা যায়। এনে লক্ষণবিহীন যক্ষা চিকিৎসা নকৰিলে সক্ৰিয় ৰূপ লয় আৰু প্ৰায় ৫০% তকৈ অধিক ৰোগীৰ মৃত্যু পৰ্যন্ত হয়।
যক্ষ্মা ৰোগৰ সাধাৰণ লক্ষণবোৰ হৈছে, বহুদিন ধৰি হোৱা কাহ, খেকাৰত তেজ যোৱা, জ্বৰ, আৰু ওজন কমা। অন্য অংগত হোৱা সংক্ৰমণৰ আৰু বহু ধৰণৰ লক্ষণে দেখা দিয়ে। যক্ষ্মাৰোগৰ চিনাক্তকৰণ ৰেডিঅ'লজি (বুকুৰ এক্স-ৰে'), আৰু আনুবীক্ষণিক পৰীক্ষা তথা দেহ ৰসৰ অনুজৈৱিক কৰ্ষণৰ দ্বাৰা কৰা হয়। লেটেণ্ট টিবি চালৰ পৰীক্ষা (TST) আৰু/অথবা ৰক্ত পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি।
এই ৰোগৰ চিকিৎসা অতি জটিল। এই ৰোগত ৰোগীয়ে বহু দীঘলীয়া সময়ৰ বাবে প্ৰতিজৈৱিক ঔষধ সেৱন কৰিবলগীয়া হয়। প্ৰয়োজন অনুসৰি ৰোগীক ঘৰ, কৰ্মক্ষেত্ৰ আৰু সমাজৰ সংস্পৰ্শৰ পৰাও আঁতৰাই ৰখা হয়। বহু ঔষধ-প্ৰতিৰোধী যক্ষ্মা সংক্ৰমণৰ বাবে প্ৰতিজৈৱিক প্ৰতিৰোধ এটা ডাঙৰ সমস্যা। সোনকালে ৰোগৰ চিনাক্তকৰণ, ৰোগৰ চিকিৎসা আৰু প্ৰতিষেধক ছিটাৰ জৰিয়তে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
পৃথিৱীৰ প্ৰায় এক-তৃতীয়াংশ লোক M. Tuberculosisত আক্ৰান্ত বুলি অনুমান কৰা হৈছে৩ আৰু বছৰি প্ৰায় জনসংখ্যাৰ ১% লোক নতুনকৈ সংক্ৰমিত হৈ আছে।৪ ২০০৭ চনত প্ৰায় ১৩.৭ নিযুত লোক যক্ষ্মাত আক্ৰান্ত হৈছিল,৫ আনহাতে ২০১৩ চনত আৰু নতুন ৯ নিযুত ৰোগীৰ তথ্য পোৰহলৈ আহিছিল।৬ ২০১৩ চনত প্ৰায় ১.৩ নিযুতৰ পৰা ১.৫ নিযুত লোকৰ মৃত্যু হৈছিল,৬৭ ইয়াৰে অধিক সংখ্যক ৰোগী উন্নয়নশীল দেশৰ আছিল।৮ ২০০৬ চনৰ পৰা মুঠ যক্ষ্মাৰোগৰ ঘটনা কম হৈছে আৰু নতুন ঘটনা ২০০২ চনৰ পৰা হ্ৰাস পাইছে।৮ পৃথিৱীৰ ভিন্ন প্ৰান্তত এই ৰোগৰ হাৰো ভিন্ন; এছিয়া আৰু আফ্ৰিকাৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮০% লোক এই ৰোগত আক্ৰান্ত, আনহাতে সংযুক্ত ৰাষ্ট্ৰত এই হাৰ মাত্ৰ ৫-১০%।১ দুৰ্বল প্ৰতিৰক্ষা তন্ত্ৰ, HIV সংক্ৰমণৰ উচ্চ হাৰ আৰু এইডছৰ বৃদ্ধিৰ ফলস্বৰূপে উন্নয়নশীল দেশসমূহত যক্ষ্মাৰ প্ৰাদুৰ্ভাৱ অত্যধিক হোৱা পৰিলক্ষিত হৈছে।
তথ্যসূত্ৰ
- ↑ Kumar V, Abbas AK, Fausto N, Mitchell RN. (2007). Robbins Basic Pathology. Saunders Elsevier. পৃ. 516–522. ISBN 978-1-4160-2973-1
- ↑ Konstantinos A. (2010). Testing for tuberculosis. Australian Prescriber. পৃ. 12–18
- ↑ (November 2010). Tuberculosis Fact sheet N°104. বিশ্ব স্বাস্থ্য সংস্থা
- ↑ (2002). Tuberculosis. World Health Organization
- ↑ World Health Organization. (2009). Global tuberculosis control: epidemiology, strategy, financing. পৃ. 6–33. ISBN 978-92-4-156380-2
- ↑ (22 October 2014). Improved data reveals higher global burden of tuberculosis. who.int
- ↑ GBD 2013 Mortality and Causes of Death, Collaborators. (17 December 2014). Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013. Lancet. পৃ. 117–171
- ↑ World Health Organization. (2011). The sixteenth global report on tuberculosis
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যক্ষ্মা” প্ৰবন্ধৰ সংশোধন ৬৩১৬৯২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।