অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দাঁত

দাঁত (Teeth) মেৰুদণ্ডী প্ৰাণীৰ মুখত অৱস্থিত এটি অংগ। কঠিন খাদ্যবস্তু কৰ্তন,চৰ্বন নাইবা পেষণৰ বাবে স্তন্যপায়ী প্ৰাণীবোৰৰ দাঁত বিশেষভাৱে বিকাশিত। দাঁতবোৰ উৰ্দ্ধ আৰু নিম্নহনুত থকা গাঁতবোৰৰ ভিতৰত সোমাই থাকে। এই ধৰণৰ দাঁতক থেক'ডণ্ট (thecodont) বোলে।

হালনাগাদ: ১৩ অক্টোবৰ ২০২০ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দাঁত (Teeth) মেৰুদণ্ডী প্ৰাণীৰ মুখত অৱস্থিত এটি অংগ। কঠিন খাদ্যবস্তু কৰ্তন,চৰ্বন নাইবা পেষণৰ বাবে স্তন্যপায়ী প্ৰাণীবোৰৰ দাঁত বিশেষভাৱে বিকাশিত। দাঁতবোৰ উৰ্দ্ধ আৰু নিম্নহনুত থকা গাঁতবোৰৰ ভিতৰত সোমাই থাকে। এই ধৰণৰ দাঁতক থেক'ডণ্ট (thecodont) বোলে।

দাঁতৰ প্ৰকাৰ

  1. কৃন্তক (incisor)
  2. ছেদক (canine)
  3. পুৰঃপেষক (premolar)
  4. পেষক (molar)১।

এই ধৰণৰ দন্তবিন্যাসক হেটাৰ'ডণ্ট (heterodont) বোলে। অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে মানুহৰ জীৱন কালত দুই প্ৰকাৰৰ দন্ত দেখা যায়: দুগ্ধদন্ত (milk teeth) আৰু স্থায়ীদন্ত (permanent teeth)। ছমাহ বয়সৰ পৰা দুবছৰ বয়সলৈকে দুগ্ধদন্ত ওলায়। পিছত ৬-১২ বছৰৰ ভিতৰত দুগ্ধদন্ত সৰি যায় আৰু তাৰ ঠাইত স্থায়ীদন্তৰ সৃষ্টি হয়। জীৱন কালত দুই ধৰণৰ দন্ত থকা বাবে ইহঁতৰ দন্তক ডাইফিঅ'ডন্ত (diphyodont) বোলে।

দাঁতৰ আকৃতি

মানুহৰ দুয়োটা হনুত দাঁত থাকে। প্ৰতিটো দাঁতত তিনিটা অংশ থাকে-

  • ক্ৰাউন বা দন্তচূড়া (crown): দাঁতৰ আলুৰ ওপৰত ওলাই থকা অংশটোক ক্ৰাউন বোলে। ক্ৰাউন অংশ অতি টান এনামেল (enamel) ৰ দ্বাৰা আবৃত।
  • গ্ৰীৱা: দন্তমূল আৰু ক্ৰাউনৰ মধ্যৱৰ্তী অংশক গ্ৰীৱা বোলে। এই অংশ দাঁতৰ আলুৰ ভিতৰত সোমাই থাকে।
  • দন্তমূল (root): দাঁতৰ দন্তমূল অংশ হনুত থকা গাঁতৰ ভিতৰত সোমাই থাকে। দন্তমূল অংশ টান চিমেণ্টৰ দ্বাৰা অস্থিৰ লগত লগ লাগি থাকে। কৃন্তক আৰু ছেদক দন্তৰ এটাকৈ দন্তমূল থাকে। উৰ্দ্ধপেষকবোৰৰ তিনিটাকৈ আৰু নিম্নেষক দন্তবোৰৰ দুটাকৈ দন্তমূল থাকে।

দন্ত সংকেত

যি সংকেতৰ দ্বাৰা প্ৰতি হনুত থকা দাঁতৰ সংখ্যা আৰু বিন্যাস (arrangement) বুজাব পাৰি,তাক দন্ত সংকেত (dental formula) বোলা হয়। মানুহৰ দুগ্ধদন্ত আৰু স্থায়ীদন্তৰ দন্ত সংকেত-

দুগ্ধদন্ত-কৃ:২/২; ছে: ১/১; পু:পে: ০/০; পে: ২/২ = ৫/৫ × ২= ২০

স্থায়ীদন্ত-কৃ: ২/২; ছে: ১/১; পু:পে ২/২; পে: ৩/৩= ৪/৪ × ২= ৩২১

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং: ৫৪৩।

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীৰ গঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাঁত” প্ৰবন্ধৰ সংশোধন ২৪৯১৫৩ (১৩ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।