যকৃৎ হৈছে মেৰুদণ্ডী আৰু অন্য কিছু প্ৰাণীৰ এটা অত্যাৱশ্যকীয় অংগ।১ মানুহৰ ক্ষেত্ৰত ই মধ্যচ্ছদাৰ তলফালে পেটৰ সোঁকাষৰ ওপৰ অংশত থাকে। যকৃতৰ বহু কাৰ্য আছে, বহু দেহজ ক্ৰিয়াৰ বিষ প্ৰশমন, প্ৰ'টিন সংশ্লেষণ, পাচনৰ বাবে প্ৰয়োজনীয় জৈৱৰসায়নৰ উৎপাদন কৰে।২
প্ৰকৃততে যকৃৎ এটা গ্ৰন্থি, ই গ্লাইক'জেন সংৰক্ষণ নিয়ন্ত্ৰণ, লোহিত ৰক্ত কোষৰ পচন, প্লাজমা প্ৰ'টিনৰ সংশ্লেষণ, হৰম'ন উৎপাদন, আৰু বিষক্ৰিয়া প্ৰশমনকে ধৰি অসংখ্য কাৰ্যৰ দ্বাৰা মানৱ শৰীৰৰ মেটাবলিজিমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।২ ই এটা সহকাৰী পাচন গ্ৰন্থি আৰু ই লিপিডৰ বিভংগন ঘটাই পাচন কাৰ্যত সহায় কৰা এক প্ৰকাৰৰ ক্ষাৰকীয় যৌগ, পাচক ৰসৰ উৎপাদন কৰে। যকৃতৰ থিক তলতেই থকা এটা ক্ষুদ্ৰ থলী পিত্তস্থলীত, যকৃতত প্ৰস্তুত হোৱা ৰস সংৰক্ষিত হৈ থাকে।৩ অধিকতৰ হেপাট'চাইটেৰে গঠিত যকৃতৰ বিশেষ কলাই, গৰিষ্টসংখ্যক সাধাৰণ জৈৱিক কাৰ্যৰ বাবে প্ৰয়োজনীয় বৃহৎ আকাৰৰ জৈৱৰাসায়নিক বিক্ৰিয়াবোৰ, ক্ষুদ্ৰ আৰু জটিল কণাবোৰৰ সংশ্লেষণ আৰু বিভংগন নিয়ন্ত্ৰণ কৰে।৪ অংগটোৰ মুঠ কাৰ্যৰ ভিন্নতা পৰিলক্ষিত হয়, কিন্তু পাঠ্যপুথিৰ মতে ই প্ৰায় ৫০০টা মান ভিন্ন কাৰ্য কৰে।৫
যকৃতৰ লগত জড়িক পৰিভাষাত গ্ৰীক শব্দ হেপাৰৰ আৰ্হিত হেপাৰ- বা হেপাট- ৰে আৰম্ভ হোৱা শব্দ ব্যৱহাৰ কৰা হয়।৬৭
বৰ্তমান যকৃতৰ অবিহনে কাৰ্য কৰিব পৰা কোনো দীৰ্ঘ ম্যাদী ব্যৱস্থা নাই, কিন্তু লিভাৰ ডাইলাইছিছ নামৰ প্ৰদ্ধতি ব্যৱহাৰ কৰি কিছু দিনলৈ সকাহ পাব পাৰি।৮ যকৃৎ বিকল হ'লে কেৱল আৰু একমাত্ৰ উপায়টো হৈছে যকৃৎ প্ৰতিষ্ঠাপন।
তথ্যসূত্ৰ
- ↑ Abdel-Misih, Sherif R. Z.; Bloomston, Mark. (2010). Liver Anatomy. Surgical Clinics of North America. পৃ. 643–53
- ↑ Anatomy and physiology of the liver - Canadian Cancer Society. Cancer.ca
- ↑ Principles of Anatomy and Physiology - Gerard J. Tortora, Bryan H. Derrickson. Books.google.co.za
- ↑ Maton, Anthea; Jean Hopkins; Charles William McLaughlin. (1993). Human Biology and Health. Prentice Hall. ISBN 0-13-981176-1
- ↑ Zakim,, David; Boyer,, Thomas D. (2002). Hepatology: A Textbook of Liver Disease. ISBN 9780721690513
- ↑ Etymology online hepatic
- ↑ Etymology online hepatos
- ↑ (2015-03-09). Medscape: Medscape Access. Emedicine.medscape.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যকৃৎ” প্ৰবন্ধৰ সংশোধন ৬৩১৯২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।