অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

উৎসেচক

উৎসেচক (Enzyme) হৈছে এক প্ৰকাৰৰ জৈৱিক অনুঘটক। উৎসেচকে ৰাসায়নিক বিক্ৰিয়া ত্বৰান্বিত কৰে। এই প্ৰক্ৰিয়াৰ আৰম্ভণিৰ অনুবোৰক বিক্ৰিয়ক বোলে আৰু উৎসেচকে সিহঁতক উৎপাদক নামৰ অন্য অনুলৈ ৰূপান্তৰ কৰে। কোষত সংঘটিত হোৱা প্ৰায় সকলো পৰিপাক ক্ৰিয়াতে উৎসেচকৰ প্ৰয়োজন হয়।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২০ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

উৎসেচক (Enzyme) হৈছে এক প্ৰকাৰৰ জৈৱিক অনুঘটক। উৎসেচকে ৰাসায়নিক বিক্ৰিয়া ত্বৰান্বিত কৰে। এই প্ৰক্ৰিয়াৰ আৰম্ভণিৰ অনুবোৰক বিক্ৰিয়ক বোলে আৰু উৎসেচকে সিহঁতক উৎপাদক নামৰ অন্য অনুলৈ ৰূপান্তৰ কৰে। কোষত সংঘটিত হোৱা প্ৰায় সকলো পৰিপাক ক্ৰিয়াতে উৎসেচকৰ প্ৰয়োজন হয়।১

প্ৰায় ৫০০০তকৈও অধিক জৈৱ-ৰাসায়নিক বিক্ৰিয়াত উৎসেচকে অনুঘটক হিচাপে কাম কৰে।২ কিছু অনুঘটকীয় RNA অনুৰ বাদে বেছিভাগ উৎসেচকেই মাংসসাৰ। উৎসেচকবোৰৰ বিশেষত্ব হৈছে, সিহঁতৰ অনন্য ত্ৰি-অক্ষীয় গাঁথনি।

সকলো অনুঘটকৰ দৰেই, উৎসেচকবোৰে সক্ৰিয়ন শক্তিৰ মান কম কৰি বিক্ৰিয়াৰ হাৰ বঢ়াই। কিছুমান উৎসেচকে বিক্ৰিয়কৰ পৰা উৎপাদক সৃষ্টিৰ প্ৰক্ৰিয়া প্ৰায় নিযুত গুণ বৃদ্ধি কৰে। এনে এবিধ উৎসেচক হৈছে অক্টিডাইন ৫'-ফছফেট ডিকাৰ্ব'ক্সিলেইজ, যি নিযুত বছৰত সম্পন্ন হোৱা বিক্ৰিয়াটো মাত্ৰ মিলি ছেকেণ্ডতে সংঘটিত কৰাই।৩৪ ৰাসায়নিকভাৱে, সকলো অনুঘটকৰ দৰে উৎসেচকবোৰেও বিক্ৰিয়াত প্ৰত্যক্ষভাৱে অংশ নলয় নাইবা বিক্ৰিয়াৰ সাম্যতাৰ পৰিবৰ্তনো নকৰে। অন্য অনুঘটক আৰু উৎসেচকৰ মাজৰ পাৰ্থক্য হৈছে, নিৰ্দিষ্ট উৎসেচকে কেৱল নিৰ্দিষ্ট বিক্ৰিয়াৰ গতিহে বৃদ্ধি কৰে। কিছুমান অন্য অনুৱেও উৎসেচকৰ কাৰ্যত প্ৰভাৱ পেলাই: বাধক বোৰে উৎসেচকৰ কাৰ্যকাৰিতা হ্ৰাস কৰে, আৰু সক্ৰিয়কবোৰে কাৰ্যকাৰিতা বৃদ্ধি কৰে। বেছিভাগ দৰৱ আৰু বিহ হৈছে বাধক। নিৰ্দিষ্ট উষ্ণতা আৰু PH পৰিসৰৰ বাহিৰতো উৎসেচকৰ কাৰ্যকাৰিতা হ্ৰাস পায়।

কিছুমান উৎসেচক ব্যৱসায়িক ক্ষেত্ৰতো ব্যৱহৃত হয়, উদাহৰণ স্বৰূপে, প্ৰতিজৈৱিকৰ সংশ্লেষণ। বিক্ৰিয়াৰ হাৰ বৃদ্ধি কৰিবলৈ কিছুমান ঘৰুৱা সামগ্ৰীতো উৎসেচক ব্যৱহাৰ কৰা হয়: জৈৱিক ৱাছিং পাউডাৰত থকা উৎসেচকে, কাপোৰৰ পৰা প্ৰ'টিন, স্বেতসাৰ বা চৰ্বীৰ দাগবোৰ আঁতৰায়, meat tenderizerত থকা উৎসেচকে মাংসৰ প্ৰ'টিনবোৰ ক্ষুদ্ৰ অনুলৈ ৰূপান্তৰ কৰি সহজে চোবাব পৰা কৰি তোলে।

তথ্যসূত্ৰ

  1. ↑ Stryer L, Berg JM, Tymoczko JL. (2002). Biochemistry. W.H. Freeman. ISBN 0-7167-4955-6
  2. ↑ (January 2013). BRENDA in 2013: integrated reactions, kinetic data, enzyme function data, improved disease classification: new options and contents in BRENDA. Nucleic Acids Research. পৃ. D764-72
  3. ↑ (January 1995). A proficient enzyme. Science. পৃ. 90–931
  4. ↑ (December 2007). OMP decarboxylase—An enigma persists. Bioorganic Chemistry. পৃ. 465–9

সম্পৰ্কিত শ্ৰেণী

জৈৱ যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৎসেচক” প্ৰবন্ধৰ সংশোধন ২৫৪৩৭৮ (১৩ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।