অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ছাল

ছাল বা চৰ্ম হৈছে মেৰুদণ্ডীৰ বাহ্যিক আৱৰণ। অন্য প্ৰাণীৰ আৱৰণবোৰ, যেনে সন্ধীপদিৰ বহিঃ কংকাল আদিৰ বিকাশৰ উৎস, গঠন আৰু ৰাসায়নিক সংযুতি ভিন্ন। স্তন্যপায়ীৰ ছাল বহু তৰপীয়া আৱৰণি কলাৰে গঠিত আচ্ছাদন তন্ত্ৰৰ এটা অংগ, আৰু ই ভিতৰত থকা পেশী, হাড়, লিগামেণ্ট আৰু আভ্যন্তৰিণ অংগসমূহক সুৰক্ষা প্ৰদান কৰে।

হালনাগাদ: ১৪ জুলাই ২০২৪ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ছাল বা চৰ্ম হৈছে মেৰুদণ্ডী প্ৰাণীৰ বাহ্যিক আৱৰণ। অন্য প্ৰাণীৰ আৱৰণবোৰ, যেনে সন্ধীপদিৰ বহিঃ কংকাল আদিৰ বিকাশৰ উৎস, গঠন আৰু ৰাসায়নিক সংযুতি ভিন্ন। স্তন্যপায়ী প্ৰাণীৰ ছাল বহু তৰপীয়া আৱৰণি কলাৰে গঠিত আচ্ছাদন তন্ত্ৰৰ এটা অংগ, আৰু ই ভিতৰত থকা পেশী, হাড়, লিগামেণ্ট আৰু আভ্যন্তৰিণ অংগসমূহক সুৰক্ষা প্ৰদান কৰে।১ উভচৰ, সৰিসৃপ আৰু চৰাইৰ ক্ষেত্ৰত এক ভিন্ন প্ৰকৃতিৰ ছাল দেখা পোৱা যায়।২ প্ৰাণীৰ ছালত নোম থাকে, যদিও সামুদ্ৰিক প্ৰাণীবোৰৰ ছালত নোম দেখা পোৱা নাযায়। ছালে পৰিৱেশৰ আৰু বাহ্যিক কাৰকৰ সৈতে সুৰক্ষা প্ৰদানৰ প্ৰথম শাৰী হিচাপে সন্মুখীন হয়। উদাহৰণ স্বৰূপে, ছালে বীজাণুৰ পৰা সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।৩ ই দেহৰ অত্যধিক পানীৰ অৱক্ষয়ৰ পৰা ৰক্ষা কৰে।৪ ইয়াৰ অন্য কাৰ্য হৈছে অৱৰোধ, উষ্ণতাৰ সমতা ৰক্ষা কৰা, সংবেদন, আৰু ভিটামিন ডি সংশ্লেষণ কৰা। ক্ষতিগ্ৰস্থ হোৱা ছাল নতুন কলাই উপশম কৰে। ই কেতিয়াবা বৰণহীন আৰু কেতিয়াবা শেঁতা হৈ পৰে। কোনো জীৱৰ দেহৰ ভিন্ন অংশত থকা ছালৰ গভীৰতাও ভিন্ন হয়। যেনে মানুহৰ ক্ষেত্ৰত, চকুৰ পতা আৰু চকুৰ চাৰিওকাষৰ ছাল দেহৰ অন্য অংশত থকা ছালতকৈ পাতল, প্ৰায় ০.৫ মিমি, আৰু একপ্ৰকাৰৰ প্ৰথম অংশ য'ত বয়সৰ চাপ যেনে "বয়সৰ আঁছোৰ" আৰু বলি ৰেখা পৰা দেখা যায়। হাতৰ তলুৱা আৰু ভৰিৰ গোৰুহাৰ ছাল দেহৰ যিকোনো অংশত থকা ছালতকৈ ডাঠ, প্ৰায় ৪ মিমি। ছালৰ ক্ষতিপূৰণৰ হাৰ আৰু গুণগত মান ই লাভ কৰা এষ্ট্ৰ'জেনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে।৫৬৭

নোম হৈছে ঘন চুলি।৮ প্ৰাথমিকভাৱে, ই ছালৰ অৱবোধ ক্ষমতা বৃদ্ধি কৰে কিন্তু ইয়াৰোপৰি গৌণ যৌন লক্ষণ আৰু চৰ্মাৱৰণ হিচাপেও কাৰ্য কৰে। কিছুমান প্ৰাণীৰ ছাল, অতিশয় ডাঠ আৰু কঠিন। এনে ছালৰ পৰা চামৰা প্ৰস্তুত কৰিব পৰা যায়। সৰীসৃপ আৰু মাছৰ ক্ষেত্ৰত অতিৰিক্ত সুৰক্ষাৰ বাবে ছালত ডাঠ বাকলি, আৰু চৰাইৰ ডাঠ পাখি (শ্ৰব্য এলবাম) থাকে। বাকলি আৰু পাখিবোৰ দৃঢ় বিটা- কেৰ'টিনৰ দ্বাৰা গঠিত। উভচৰ প্ৰাণীৰ ছাল অতি পাতল আৰু চালৰ মাজেৰে অ'ছম'ছিছ অথবা ব্যাপনৰ জৰিয়তে বাহ্যিক পৰিৱেশৰ লগত ৰসায়নৰ আদান প্ৰদান হ'ব পৰাকৈ কিছুমান বিশেষ ছিদ্ৰ থাকে। উদাহৰণ স্বৰূপে, চেতনানাশক দ্ৰৱত থোৱা ভেকুলি এটা অতি সোনকালে অচেতন হৈ য়ায় কাৰণ ইয়াৰ ছালৰ মাজেৰে ব্যাপনৰ জৰিয়তে তৰল ইয়াৰ দেহৰ ভিতৰত প্ৰৱেশ কৰে। বিস্তৃত বাসস্থান আৰু পাৰিপাৰ্শিক অৱস্থাত দৈনন্দিন জীৱন ধাৰণ আৰু সমাৱস্থা ৰক্ষা কৰাত উভচৰৰ ছালে নিৰ্ণায়ক ভূমিকা পালন কৰে।৯

তথ্যসূত্ৰ

  1. ↑ "Skin care" (analysis), Health-Cares.net, 2007
  2. ↑ (2003). Adaptation to the land: The skin of reptiles in comparison to that of amphibians and endotherm amniotes. J Exp Zoolog B Mol Dev Evol.. পৃ. 12–41
  3. ↑ (2008). The skin: an indispensable barrier. Exp Dermatol. পৃ. 1063–72
  4. ↑ (2003). Barrier function of the skin: "la raison d'être" of the epidermis. J Invest Dermatol. পৃ. 231–41
  5. ↑ Thornton MJ. (2002). The biological actions of estrogen in skin. Experimental Dermatology
  6. ↑ Gillian S. Ashcroft, Teresa Greenwell-Wild, and Mark W. J. Ferguson. (1999). Topical Estrogen Accelerates Cutaneous Wound Healing in Aged Humans Associated with an Altered Inflammatory Response. The American Journal of Pathology. পৃ. 1137–1146
  7. ↑ Desiree May Oh, MD, Tania J. Phillips, MD. (2006). Sex Hormones and Wound Healing. Wounds
  8. ↑ www.thefreedictionary.com/fur
  9. ↑ Clarke, BT. (1997). The natural history of amphibian skin secretions, their normal functioning and potential medical applications.. Biological reviews of the Cambridge Philosophical Society. পৃ. 365–379

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীৰ গঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাল” প্ৰবন্ধৰ সংশোধন ৪২৫৮০৪ (১৪ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।