
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ গঠনৰ অনুমতি দিয়ে, যাৰ দ্বাৰা বিভাগবোৰে নিজ-নিজ ৰাজ্যৰ ভিতৰত স্বায়ত্বশাসনৰ অধিকাৰ লাভ কৰে।১ বেছিভাগ স্বায়ত্বশাসিত জিলা পৰিষদ উত্তৰ-পূব ভাৰতত অৱস্থিত। আন দুখন আছে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত। বৰ্তমান সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত পৰিষদৰ সংখ্যা ১০খন; ইয়াৰে ৩খন অসমত, ৩খন মেঘালয়ত, ৩খন মিজোৰামত আৰু ১খন ত্ৰিপুৰা ৰাজ্যত। অন্য পৰিষদবোৰ বিভিন্ন আইনৰ অধীনত গঠন কৰা হৈছে।২
ক্ষমতা আৰু কাৰ্যাৱলী
কাৰ্যবাহী আৰু বিধায়িনী ক্ষমতা
ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ ব্যৱস্থাৱলীৰ অধীনত স্বায়ত্বশাসিত জিলা পৰিষদবোৰে নিম্নোল্লেখিত বিষয়সমূহত আইন আৰু বিধি-বিধান তৈয়াৰ কৰিব পাৰে।৩
- ভূমি ব্যৱস্থাপনা
- অৰণ্য ব্যৱস্থাপনা
- জলসম্পদ
- কৃষি
- গাঁও পৰিষদ গঠন
- জনস্বাস্থ্য
- অনাময়
- গাঁও আৰু নগৰ পৰ্যায়ৰ পুলিচিং
- পৰম্পৰাগত প্ৰধান আৰু গাওঁবুঢ়া নিযুক্তি
- সম্পত্তিৰ উত্তৰাধিকাৰ
- বিবাহ আৰু বিচ্ছেদ
- সামাজিক প্ৰথা
- ঋণ আৰু বাণিজ্য
- খনি আৰু খনিজ সম্পদ
ন্যায়িক ক্ষমতা
কোনো মোকৰ্দমাৰ উভয় পক্ষই যদি অনুসূচীত জনজাতিৰ লোক হয়, তেন্তে স্বায়ত্বশাসিত জিলা পৰিষদে গোচৰৰ শুনানীৰ বাবে আদালত গঠনৰ আৰু সৰ্বোচ্চ পাঁচ বছৰতকৈ কম দিনৰ বাবে কাৰাদণ্ড বিহাৰ ক্ষমতা আছে।৪
কৰ আৰু ৰাজহ
স্বায়ত্বশাসিত জিলা পৰিষদে গৃহ আৰু ভূমি, জন্তু, যান-বাহন, নাও, অঞ্চলটোলৈ সৰবৰাহ কৰা পণ্য, ৰাষ্টা, ফেৰীঘাট, দলং, নিয়োগ আৰু আয়, বিদ্যালয় আৰু ৰাস্তাৰ ৰক্ষণাবেক্ষণৰ বাবে কৰ, মাচুল আৰু টোল ধাৰ্য কৰিব পাৰে।৫
স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগৰ তালিকা
| ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল | স্বায়ত্বশাসিত পৰিষদ | মুখ্য কাৰ্যালয় | জিলা / মহকুমা | গঠন হোৱা চন | ৬ষ্ঠ অনুসূচীৰ অধীনত গঠিত নে |
|---|---|---|---|---|---|
| অসম | বড়োলেণ্ড | কোকৰাঝাৰ | বাকচা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি জিলা | ২০০৩ | হয় |
| দেউৰী স্বায়ত্বশাসিত পৰিষদ | নাৰায়ণপুৰ | লখিমপুৰ জিলা | ২০০৫ | নহয় | |
| ডিমা হাচাও | হাফলং | ডিমা হাচাও জিলা | ১৯৫১ | হয় | |
| কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ | ডিফু | কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা | ১৯৫২ | হয় | |
| মৰাণ স্বায়ত্বশাসিত পৰিষদ | ** | তিনিচুকীয়া জিলা | ২০২০ | নহয় | |
| মিচিং স্বায়ত্বশাসিত পৰিষদ | গোগামুখ | ধেমাজী জিলা | ১৯৯৫ | নহয় | |
| ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ | দুধনৈ | কামৰূপ আৰু গোৱালপাৰা জিলা | ১৯৯৫ | নহয় | |
| সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ | ডিব্ৰুগড় | ২০০৫ | নহয় | ||
| ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ | তিতাবৰ মহকুমা | ২০০৫ | নহয় | ||
| তিৱা স্বায়ত্বশাসিত পৰিষদ | মৰিগাঁও | মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলা | ১৯৯৫ | নহয় | |
| মটক স্বায়ত্বশাসিত পৰিষদ | ** | ২০২০ | নহয় | ||
| বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ | ** | ২০২০ | নহয় | ||
| কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ | ** | ২০২০ | নহয় | ||
| লাডাখ | লাডাখ স্বায়ত্বশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, কাৰ্গিল | কাৰ্গিল | কাৰ্গিল জিলা | ২০০৩ | নহয় |
| লাডাখ স্বায়ত্বশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, কাৰ্গিল, লেহ | লেহ | লেহ জিলা | ১৯৯৫ | নহয় | |
| মণিপুৰ | চান্দেল স্বায়ত্বশাসিত জিলা পৰিষদ | চান্দেল | নহয় | ||
| চুৰাচান্দপুৰ স্বায়ত্বশাসিত জিলা পৰিষদ | চুৰাচান্দপুৰ | নহয় | |||
| সদৰ হিলচ্ স্বায়ত্বশাসিত জিলা পৰিষদ | Kangpokpi | Saikul, Saitu and Sadar Hills West subdivisions of Kangpokpi district | নহয় | ||
| সেনাপতি স্বায়ত্বশাসিত জিলা পৰিষদ | Senapati | নহয় | |||
| তামেংলং স্বায়ত্বশাসিত জিলা পৰিষদ | তামেংলং | নহয় | |||
| উখ্ৰুল স্বায়ত্বশাসিত জিলা পৰিষদ | Ukhrul | নহয় | |||
| মেঘালয় | গাৰো হিলচ্ স্বায়ত্বশাসিত জিলা পৰিষদ | Tura | East Garo Hills, West Garo Hills, South Garo Hills, North Garo Hills and South West Garo Hills | ১৯৭৩ | হয় |
| জয়ন্তীয়া হিলচ্ স্বায়ত্বশাসিত জিলা পৰিষদ | Jowai | East Jaintia Hills, West Jaintia Hills | ১৯৭৩ | হয় | |
| খাচী হিলচ্ স্বায়ত্বশাসিত জিলা পৰিষদ | শ্বিলং | West Khasi Hills, East Khasi Hills and Ri Bhoi | ১৯৭৩ | হয় | |
| মিজোৰাম | চাকমা স্বায়ত্বশাসিত জিলা পৰিষদ | Kamalanagar | Tuichawng subdivision | ১৯৭২ | হয় |
| লাই স্বায়ত্বশাসিত জিলা পৰিষদ | Lawngtlai | Lawngtlai subdivision, Sangau subdivision | ১৯৭২ | হয় | |
| মাৰ স্বায়ত্বশাসিত জিলা পৰিষদ | Siaha | Siaha subdivision, Tipa subdivision | ১৯৭২ | হয় | |
| ত্ৰিপুৰা | ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্বশাসিত জিলা পৰিষদ | Khumulwng | West Tripura | ১৯৮২ | হয় |
| পশ্চিমবংগ | গোৰ্খালেণ্ড | দাৰ্জিলিং | Darjeeling, Kurseong and Mirik subdivisions of Darjeeling district, Kalimpong district | ২০১২ | নহয় |
ডি ফেক্টো স্ব-শাসিত অঞ্চল
উত্তৰ চেণ্টিনেল দ্বীপ
উত্তৰ চেণ্টিনেল দ্বীপ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্তৰ্গত এক দ্বীপ। এই দ্বীপটো সমগ্ৰ পৃথিৱীৰ পৰা বিচ্ছিন্ন শেষ নৃগোষ্ঠীবোৰৰ অন্যতম চেণ্টেনেলী লোকসকলৰ গৃহভূমি। তেওঁলোকে অন্য লোকসকলৰ সৈতে সংস্পৰ্শত আহিব নিবিচাৰে আৰু বাস্তৱিকতে তেওঁলোক আধুনিক সভ্যতাৰ পৰা শত যোজন দূৰত বাস কৰে। এই জনগোষ্ঠীটোৰ সৈতে কেতিয়াও কোনো চুক্তি হোৱা নাই বা অধিগ্ৰহণ কৰিব বিচৰাৰো কোনো তথ্য নাই।
আন্দামান নিকোবৰৰ স্থানীয় চৰকাৰৰ মতে চেণ্টিনেলী লোকসকলৰ জীৱন-ধাৰা আৰু বাসস্থানত হস্তক্ষেপ কৰাৰ কোনো উদ্দেশ্য তেওঁলোকৰ নাই। ৬ ২০০৪ চনৰ ডিচেম্বৰত হোৱা চুনামীত দ্বীপটো মাৰাত্মকভাবে ক্ষতিগ্ৰস্থ হলেও চেণ্টেনেলী লোকসকলৰ সহজাত দক্ষতাৰ গুণত প্ৰাণহানি হোৱা নাছিল। দুৰ্যোগ সংঘটিত হোৱাৰ কেইদিনমান পিছত চৰকাৰী হেলিকপ্টাৰেৰে কৰা পৰ্যবেক্ষণত এই কথা নিশ্চিত কৰা হৈছিল। বৰঞ্চ হেলিকপ্টাৰখনলৈ চেণ্টিনেলী লোকসকলে শত্ৰু গণ্য কৰি ধনুকাড় নিক্ষেপ কৰিছিল।
যদিও এই সংক্ৰান্তত কোনো আনুষ্ঠানিক চুক্তি কৰা হোৱা নাই, ন্যূনতম হস্তক্ষেপৰ চৰকাৰী নীতিয়ে কেন্দ্ৰীয় আৰু স্থানীয় চৰকাৰৰ পৰিগাঁথনিৰ মাজত উত্তৰ চেণ্টেনেল দ্বীপৰ বাসিন্দাসকলে কাৰ্যতঃ স্বায়ত্বশাসন আৰু সাৰ্বভৌমত্ব লাভ কৰাটো নিশ্চিত কৰিছে। ৭
তথ্যসূত্ৰ
- ↑ Sixth Schedule of The Constitution of India
- ↑ www.firstpost.com/india/union-cabinet-approves-a
- ↑ Sixth Schedule of The Constitution of India
- ↑ Sixth Schedule of The Constitution of India
- ↑ Sixth Schedule of The Constitution of India
- ↑ The Sentineli
- ↑ Administration in India's Andaman and Nicobar Islands has finally decided upon a policy of minimal interference
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ” প্ৰবন্ধৰ সংশোধন ৬৩৯১২২ (২৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।