অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ বা ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ অসমৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ডিমা হাছাও জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় হাফলঙত অৱস্থিত।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ বা ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ অসমৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ।১ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ডিমা হাছাও জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় হাফলঙত অৱস্থিত। পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ৩০ গৰাকী। ইয়াৰে ২৮ গৰাকী সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। বাকী দুগৰাকী সদস্য অসম চৰকাৰে মনোনীত কৰে।২

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ এগৰাকী অধ্যক্ষ আৰু এগৰাকী মুখ্য কাৰ্যবাহী সদস্য থাকে। ইয়াৰ লগতে ১০ গৰাকী কাৰ্যবাহী সদস্য থাকে। বৰ্তমান পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাছা আৰু মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা।৩

সমষ্টিসমূহ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত সমষ্টি সমূহ হ'ল:

  1. হাফলং
  2. জাটিংগা
  3. বৰাইল
  4. মহুৰ
  5. জিনাম
  6. হাংৰুম
  7. লাইচং
  8. দাউত'হাজা
  9. মাইবং পূব
  10. মাইবং পশ্চিম
  11. কালাচান্দ
  12. ৱাজাও
  13. হাজাদিছা
  14. লাংটিং
  15. হাতিখালী
  16. দিয়ুংমুখ
  17. গৰম পানী
  18. খাৰথং
  19. দেহাঙি
  20. গুনজং
  21. হাডিংমা
  22. দিহামলই
  23. হাৰংগজাও
  24. হামৰি
  25. নামনি খাৰথং
  26. ডলং
  27. ডিগেৰ
  28. ছেমখোৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ North Cachar Hills district, Dima Hasao, Informations about dima hasao, tourist places, hospitals in dima hasao. www.assaminfo.com
  2. ↑ (April 26, 2013). 161 candidates in fray for the NCHAC polls
  3. ↑ Singh, Bikash. (October 11, 2019). Inquiry ordered into Kopili hydro power project pipeline rapture

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসনঅসমৰ স্বায়ত্বশাসিত পৰিষদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৬০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।