ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (Thengal Kachari Autonomous Council;TKAC), ভাৰতৰ স্বায়ত্তশাসিত জিলা পৰিষদ অনুসৰি অসমত ঠেঙাল কছাৰী জনগোষ্ঠী সকলৰ সকলো দিশত উন্নয়নৰ বাবে গঠিত এক পৰিষদ। ১
ইতিহাস
২০০৫ চনত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আইনৰ দ্বাৰা অসম বিধানসভাত বিলখন গৃহীত হৈ এই পৰিষদখন গঠন কৰা হয়।২
গাঁথনি
এই পৰিষদটোত সৰ্বমুঠ ২৬জন সদস্য আছে। ইয়াৰে ২২জন পোনপটীয়াকৈ নিৰ্বাচিত আৰু ৪জনক কেন্দ্ৰীয় ভাৰত চৰকাৰৰ হৈ অসমৰ ৰাজ্যপালে নিযুক্তি দিয়ে। পৰিষদখনে এখন কাৰ্যনিৰ্বাহক সমিতি দ্বাৰা মনোনীত এজন মুখ্য কাৰ্যবাহী কাউন্সিলাৰক নিৰ্বাচন কৰে।২
নিৰ্বাচন
২০২২ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা শেহতীয়া নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (বিজেপি)য়ে ১৪খন আসন, ভাৰতীয় জাতীয় কংগ্ৰেছয়ে ৪খন, অসম গণ পৰিষদ (অগপ)য়ে ৩খন আৰু এখন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে।৩ প্ৰতাপ কছাৰীক মুখ্য কাৰ্যবাহী পৰিষদ হিচাপে লৈ বিজেপিয়ে অগপৰ সৈতে মিত্ৰজোঁটৰ কাৰ্যবাহী পৰিষদ গঠন কৰে।৪
তথ্যসূত্ৰ
- ↑ Autonomous Councils. directorwptbc.assam.gov.in. Department of Welfare of Plain Tribes & Backward Classes, Government Of Assam
- ↑ The Thengal Kachari autonomous council act, 2005
- ↑ BJP swept the polls in Thengal Kachari Autonomous Council. The Economic Times
- ↑ (24 January 2022). BJP-AGP alliance sweeps Thengal Kachari Autonomous Council polls in Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৫১০৯৬২ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।