অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ (Kamatapur Autonomous Council (KAC)) হৈছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। পৰিষদখন ২০২০ চনত গঠন কৰা হৈছিল।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৬ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ (Kamatapur Autonomous Council (KAC)) হৈছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। পৰিষদখন ২০২০ চনত গঠন কৰা হৈছিল।১ ইয়াত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ আৰু ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অঞ্চলৰ বাহিৰে সমগ্ৰ অবিভক্ত গোৱালপাৰা জিলা অন্তৰ্ভুক্ত কৰা হৈছে।

ইতিহাস

২০২০ চনৰ ২৪ মাৰ্চত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে২ অসম বিধানসভাত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ বিল উত্থাপন কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এআইইউডিএফে এই বিলখনৰ বিৰোধিতা কৰে। অৱশ্যে সেই বছৰৰ ছেপ্টেম্বৰ মাহত অসম বিধানসভাত বিল খন গৃহীত হয়।১

প্ৰশাসন

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত ৩০ জন সদস্য আছে। ইয়াৰ ভিতৰত ২৬ জন সদস্য নিৰ্বাচিত আৰু ৪ জন সদস্যক ৰাজ্যপালৰ দ্বাৰা মনোনীত কৰা হয়।৩

২০২১ চনৰ জানুৱাৰী মাহত অসম ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে নৱগঠিত কামতাপুৰ স্বায়ত্বশাসিত পৰিষদ, মৰাণ স্বায়ত্বশাসিত পৰিষদ, মটক স্বায়ত্বশাসিত পৰিষদ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদে অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰিব। যিহেতু ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই স্বায়ত্বশাসিত পৰিষদসমূহৰ নিৰ্বাচন সম্ভৱ হোৱা নাছিল, সেইকাৰণে চৰকাৰে কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বাবে ৩০ জন সদস্য, মৰাণ স্বায়ত্বশাসিত পৰিষদ আৰু মটক স্বায়ত্বশাসিত পৰিষদৰ বাবে ২৫ জন সদস্য আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ বাবে ৪০ জন সদস্যক মনোনীত কৰে।৪

অধিক চাওক

তথ্যসূত্ৰ

  1. ↑ (4 September 2020). Assam Assembly Passes Bills To Create Three Separate Autonomous Councils. The wire
  2. ↑ Arunabh Saikia. (24 March 2020). Assam’s small ethnic groups dumped BJP over CAA. The party wooed them back – not just for elections. Scroll
  3. ↑ (20 October 2020). Formation of 3 autonomous councils: Dispur in dilemma. Sentinelassam
  4. ↑ (9 January 2021). Assam Government To Form Four Interim Councils Soon. Sentinelassam

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসনঅসমৰ স্বায়ত্বশাসিত পৰিষদকামতাপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৬৩৬৫৫৩ (২১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।