মটক স্বায়ত্ব শাসিত পৰিষদ হৈছে জাতিগত মটক জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এক স্বায়ত্ব শাসিত প্ৰশাসনীয় বিভাগ। এইটো ২০২০ চনত গঠন কৰা হৈছিল।১
সম্পৰ্কে
মটক জনগোষ্ঠী মূলতঃ অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া,শিৱাসাগৰ জিলা আৰু যোৰহাট জিলাত বাস কৰা জনজাতি। চৰকাৰী অনুমান অনুসৰি অসমত প্ৰায় ৭ লাখ মটক জনজাতীয় লোক বাস কৰে।২ ২০২০ চনৰ ২৪ মাৰ্চত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অসম বিধানসভাত মটক স্বায়ত্বশাসিত পৰিষদ বিল উত্থাপন কৰে আৰু বিৰোধী দলসমূহৰ কোনো আপত্তি নোহোৱাকৈ ২০২০ চনৰ ছেপ্টেম্বৰত ইয়াক গৃহীত কৰা হৈছিল।১
প্ৰশাসন
মটক স্বায়ত্বশাসিত পৰিষদত ২৫জন সদস্য আছে। ইয়াৰে ২২জন সদস্য পোনপটীয়াকৈ নিৰ্বাচিত হয় আৰু ৩জন সদস্যক ৰাজ্যপালে মনোনীত কৰে।৩
২০২১ চনৰ জানুৱাৰী মাহত অসম ৰাজ্য চৰকাৰে জনাইছিল যে নৱগঠিত মটক স্বায়ত্বশাসিত পৰিষদ, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ, মৰাণ স্বায়ত্বশাসিত পৰিষদ আৰু বড়ো-কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদে অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰিব। যিহেতু ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই স্বায়ত্বশাসিত পৰিষদসমূহৰ নিৰ্বাচন সম্ভৱ হোৱা নাছিল, চৰকাৰে মটক স্বায়ত্বশাসিত পৰিষদ আৰু মটক স্বায়ত্বশাসিত পৰিষদৰ বাবে ২৫ জন, কামতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বাবে ৩০জন আৰু বড়ো-কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ বাবে ৪০জন সদস্য মনোনীত কৰিব।৪
তথ্যসূত্ৰ
- ↑ (4 September 2020). Assam Assembly Passes Bills To Create Three Separate Autonomous Councils. The wire
- ↑ Arunabh Saikia. (24 March 2020). Assam’s small ethnic groups dumped BJP over CAA. The party wooed them back – not just for elections. Scroll
- ↑ (20 October 2020). Formation of 3 autonomous councils: Dispur in dilemma. Sentinelassam
- ↑ (9 January 2021). Assam Government To Form Four Interim Councils Soon. Sentinelassam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মটক স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪০৩৫৩২ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।