কুঁহিয়াৰ (Sugarcane) এবিধ তৃণজাতীয় শস্য। কুঁহিয়াৰ আমাৰ দেশৰ এবিধ অৰ্থশস্য হিচাপে বিখ্যাত কৃষি। কুঁহিয়াৰৰ পৰা চেনি-গুৰ তৈয়াৰ কৰা হয়। পৃথিৱীৰ মুঠ উৎপাদনৰ ১/৪ অংশ ভাৰতে উৎপাদন কৰে। এই খেতিৰ বাবে বছৰটোৰ ১০ ৰ পৰা ১২ মাহ পৰ্য্যন্ত সময় লাগে। অৰ্থাৎ কুঁহিয়াৰ গছ গোটেই বছৰ ধৰি জীয়াই থাকে। ভাৰতত কুঁহিয়াৰৰ উন্নত সঁচ উদ্ভাৱনৰ একমাত্ৰ কেন্দ্ৰ হ'ল কোইম্বাটোৰ। কুঁহিয়াৰ এবিধ বছৰেকীয়া খেতি। ই অতিশয় ৰসাল আৰু মিঠা স্বাদযুক্ত। চ'ত, ব’হাগ মাহত ইয়াক ৰোৱা হয় আৰু পুহৰ পৰা চ'ত মাহৰ ভিতৰত পেৰা হয়। এই খেতিৰ বাবে মানুহ অধিক লাগে। বিভিন্ন জাতৰ কুঁহিয়াৰ বোৰ হ’ল – আঁকি, পুৰা, পিয়াজী, মক, ইকৰা পুৰা (উজনি অসমত প্ৰচলিত শব্দ), জাভা, বোম্বাই, পাখৰি ইত্যাদি।
কৃষি পদ্ধতি
কুঁহিয়াৰ খেতিৰ কাৰণে ২০°-২৮° ছেণ্টিগ্ৰেড উষ্ণতা আৰু মধ্যমীয়া বৰষুণ প্ৰয়োজন। এই খেতি কম বৰষুণ হোৱা ঠাইতো হয় আৰু বেছি বৰষুণ হোৱা ঠাইতো হয়। উদাহৰণ স্বৰূপে পঞ্জাবৰ ২৫.৪ ছেণ্টিমিটাৰ বৰষুণ হোৱা ঠাইতো ইয়াৰ খেতি হয় আৰু ২৫৪ ছেণ্টিমিটাৰ বৰষুণ হোৱা অসম, পশ্চিমবংগ আদিতো ইয়াৰ খেতি ভাল হয়। বেছি বৰষুণ হোৱা ঠাইৰ কুঁহিয়াৰৰ গোট শকত হয় যদিও ইয়াৰ চুক্ৰুজৰ পৰিমাণ কম থাকে। কম বৰষুণ হোৱা ঠাইবিলাকত জলসিঞ্চনৰ প্ৰয়োজন হয়। কুঁহিয়াৰ খেতিৰ বাবে সমতলৰ সাৰুৱা মাটিৰ প্ৰয়োজন। এই মাটি ভালদৰে পানী ধৰি ৰাখিব পৰা নাইবা পানী জমা হৈ নথকা বিধৰ হ'ব লাগে। কুঁহিয়াৰে মাটিৰ পৰা অধিক পৰিমাণৰ নাইট্ৰ'জেন যুক্ত ৰস টানি লয় কাৰণে কুঁহিয়াৰ তলিত বিশেষকৈ নাইট্ৰ'জেনযুক্ত সাৰ প্ৰয়োজন হয়। ফেব্ৰুৱাৰীৰ পৰা মে' মাহলৈকে কুঁহিয়াৰ ৰোৱা হয় আৰু নৱেম্বৰৰ পৰা মাৰ্চলৈ কুঁহিয়াৰ চপোৱা হয়।
উৎপাদিত স্থান
ভাৰতত যথেষ্ট পৰিমাণৰ কুঁহিয়াৰ খেতি হয়। কেৱল গংগা সমভূমিৰ পৰাই ভাৰতৰ ৫০ শতাংশ কুঁহিয়াৰ উৎপন্ন হয়। উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, পঞ্জাব, হাৰিয়ানা, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যসমূহত যথেষ্ট পৰিমাণে কুঁহিয়াৰ উৎপন্ন হয়। দাক্ষিণাত্যৰ ব-দ্বীপবোৰত জলসিঞ্চনৰ দ্বাৰা কুঁহিয়াৰ খেতি কৰা হয়।১
ব্যৱহাৰ
পূজা-পাতল, ঔষধ, চেনি আৰু গুড় প্ৰস্তুতকৰণত।
আৰু চাওক
তথ্যসূত্ৰ
- ↑ উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে), লেখকদ্বয়: ড॰ লোকেশ্বৰ নাথ আৰু ড॰ চাৰু চহৰীয়া নাথ। প্ৰকাশক: স্বস্ত্যয়ন বুক ষ্টল, খাৰুপেটীয়া (দৰং)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুঁহিয়াৰ” প্ৰবন্ধৰ সংশোধন ২৫৬০১২ (২৫ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।