অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীণা দাস মান্না

বীণা দাস বা বিবাহসূত্ৰে বীণা দাস মান্না (Bina Das Manna, ১৯৩৪- ১ ফেব্ৰুৱাৰী ২০১০) অসমৰ এগৰাকী অভিনেত্ৰী আছিল। সতী বেউলা ছবিৰে চলচ্চিত্ৰ জগতত ভৰি দিয়া মান্নাই প্ৰায় দেৰকুৰি অসমীয়া ছবিত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা শেষ মুক্তিপ্ৰাপ্ত ছবি আছিল অ’ মোৰ মনে তৰা।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

বীণা দাস বা বিবাহসূত্ৰে বীণা দাস মান্না (Bina Das Manna, ১৯৩৪- ১ ফেব্ৰুৱাৰী ২০১০১) অসমৰ এগৰাকী অভিনেত্ৰী আছিল। সতী বেউলা ছবিৰে চলচ্চিত্ৰ জগতত ভৰি দিয়া মান্নাই প্ৰায় দেৰকুৰি অসমীয়া ছবিত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা শেষ মুক্তিপ্ৰাপ্ত ছবি আছিল অ’ মোৰ মনে তৰা। তেওঁ আকাশবাণীৰ এগৰাকী নিয়মীয়া অভিনেত্ৰী আছিল আৰু তেওঁ অভিনয়, পৰিচালনা বা প্ৰযোজনা কৰা অঁনাতাৰ নাটৰ সংখ্যা প্ৰায় ১৫০০খন। তেওঁ বিশেষকৈ কৌতুকধৰ্মী অভিনয়ৰ বাবে জনাজাত আছিল। মান্নাক বিষ্ণু ৰাভা বঁটা আৰু আইদেউ সন্দিকৈ বঁটাৰে সন্মানিত কৰা হৈছে।২

জীৱনী

১৯৩৪ চনত গুৱাহাটীৰ বামুনীমৈদামত মান্নাৰ জন্ম হয়। সৰ্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালিত মঞ্চনাটক কাৰাগাৰৰ যোগেদি তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়। ফণী শৰ্মাৰ ভোগজৰা নাটকত তেওঁ ৰূপা পাগলীৰ চৰিত্ৰত অবিস্মৰণীয় অভিনয় কৰিছিল। ৩ ১৯৫২ চনত অনাতাঁৰ কেন্দ্ৰ যোগে তেওঁৰ প্ৰথম নাটক মণিৰাম দেৱান সম্প্ৰচাৰিত হয়। ইয়াৰ পিছতে তেওঁ অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া অভিনেত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ১৯৫২ চনৰ পৰা ১৯৯৪ চনলৈ এক সুদীৰ্ঘ সময় তেওঁ আকাশবাণীত তেওঁ সেৱা আগ বঢ়াইছিল। তেওঁ অভিনয়, পৰিচালনা বা প্ৰযোজনা কৰা অঁনাতাৰ নাটৰ সংখ্যা প্ৰায় ১৫০০খন।১ ১৯৫৪ চনত মুক্তি পোৱা সতী বেউলাৰ যোগেদি মান্নাই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলে। তেওঁ প্ৰায় দেৰকুৰি অসমীয়া চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ অভিনয় কৰা শেষ মুক্তিপ্ৰাপ্ত ছবিখন আছিল অ’ মোৰ মনে তৰা।২

তেওঁ কলিকতাৰ বিমল চন্দ্ৰ মান্নাক বিয়া কৰাইছিল। ১ ফেব্ৰুৱাৰী ২০১০-ত গুৱাহাটীত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ সন্তানক এৰি থৈ যায়।২

চলচ্চিত্ৰপঞ্জী

সন্মান আৰু স্বীকৃতি

সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মান্নাই অসম চৰকাৰৰ শিল্পী পেনচন লাভ কৰে। তাৰোপৰি শিল্পী দিৱস উদযাপন সমিতিৰ দ্বাৰা তেওঁক বিষ্ণু ৰাভা বঁটা২ আৰু ২০০৮ চনত যোৰহাটত আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Bina Das Manna Expired. www.jagranjosh.com
  2. ↑ Bina Das Manna passes away assamtribune.com/bina-das-manna-passes-away?infi. Assam Tribune
  3. ↑ ৫০-৬০ দশকত কুৰিতকৈও অধিক ছবিত অভিনীত অভিনেত্ৰী “বীণা দাস মান্না”. Rupaliparda.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণা দাস মান্না” প্ৰবন্ধৰ সংশোধন ৬২৯০০০ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।