অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পিয়লী ফুকন (চলচ্চিত্ৰ)

পিয়লী ফুকন (Piyoli Phukan) ১৯৫৫ চনত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ ক'লা-বগা চলচ্চিত্ৰ। বোলছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনৰ জীৱন আৰু তেওঁৰ দেশপ্ৰেমৰ আখ্যানেৰে ছবিখনৰ কাহিনীটো সমৃদ্ধ হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

পিয়লী ফুকন (Piyoli Phukan) ১৯৫৫ চনত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ ক'লা-বগা চলচ্চিত্ৰ। বোলছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনৰ জীৱন আৰু তেওঁৰ দেশপ্ৰেমৰ আখ্যানেৰে ছবিখনৰ কাহিনীটো সমৃদ্ধ হৈছে।১ উল্লেখযোগ্য যে, পিয়লী ফুকন হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ।২

কাহিনী

ব্ৰিটিছশাসিত অসমত বিদ্ৰোগ ঘোষণা কৰা পিয়লী ফুকন নামৰ এজন অসমীয়া সংগ্ৰামী যুৱকক ব্ৰিটিছে শেষপৰ্যায়ত ফাঁচীৰ হুকুম দিয়ে। ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰা ব্যক্তিসকলৰ ভিতৰত পিয়লী ফুকন আছিল অন্যতম। ১৮৩০ চনত ব্ৰিটিছে তেওঁৰ কণ্ঠৰোধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে গোচৰ মোকৰ্দমা কৰে আৰু মোকৰ্দমাত তেওঁৰ ফাঁচীৰ সপক্ষে ৰায়দান দিয়া হয়। ব্ৰিটিছৰ বিৰুদ্ধে চক্ৰান্ত ৰচনা কৰাৰ অপৰাধত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল। ছবিখনৰ কাহিনী লিখিছিল ফণী শৰ্মাই।

অভিনয় শিল্পী

কলা-কুশলী

  • সঙ্গীত- ভূপেন হাজৰিকা
  • গীতৰ কথা- ভূপেন হাজৰিকা
  • কণ্ঠ- ভূপেন হাজৰিকা, গুণদা দাস
  • কেমেৰা- সুবোধ বেনাৰ্জী
  • সহকাৰী পৰিচালক- অজয় চলিহা, ভবেন দাস
  • শব্দ- গৌৰ দাস
  • সম্পাদনা- কমল গাঙ্গুলী, প্ৰতুল ৰায় চৌধুৰী (সহকাৰী)
  • কলা- পাচু চক্ৰৱৰ্তী
  • প্ৰচাৰ- প্ৰসন্ন কুমাৰ দাস
  • পোহৰ- হেমন্ত দাস, মণ্টু সিং, আহমেদ, সুখৰঞ্জন
  • স্থিৰ চিত্ৰ- কুমাৰ ষ্টুডিঅ’৩

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল ড॰ ভূপেন হাজৰিকাই। তেখেতেই ছবিৰ গীতবোৰ ৰচনা কৰিছিল। গীতসমূহত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু গুণদা দাসে। ছবিখনৰ গাঁৱৰে জীয়ৰী সপোন সুন্দৰী শীৰ্ষক গীতটো খুবেই সমাদৃত হৈছিল।

সন্মান

ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত এই ছবিখনে ৩য় (১৯৫৫) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰপতিৰ পৰা শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ (অসমীয়া) শিতানত বিশেষ যোগ্যতাৰ প্ৰমাণপত্ৰ (Certificate of Merit) লাভ কৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ কথা যে, ৰাষ্ট্ৰপতিৰ পৰা এই সন্মান লাভ কৰা পিয়লী ফুকনেই হৈছে প্ৰথম অসমীয়া ভাষাৰ চলচ্চিত্ৰ।৪

তথ্যসূত্ৰ

  1. ↑ www.assams.info/movies/pioli-phukan-1955
  2. ↑ as.vikaspedia.in/education/childrens-corner/9959
  3. ↑ Piyoli Phukan
  4. ↑ (1956). State Awards for Films, Films in India, 1956

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৫৫ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়লী ফুকন (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮১৭৬৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।