নিশিতা গোস্বামী (Nishita Goswami) অসমৰ চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১৯৮২ চনৰ ১৯ অক্টোবৰত অসমৰ গুৱাহাটীত তেখেতৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম মলয়া গোস্বামী১ আৰু পিতৃৰ নাম প্ৰদীপ গোস্বামী। মাতৃ মলয়া গোস্বামীয়ো এগৰাকী জনপ্ৰিয় অসমীয়া অভিনেত্ৰী আৰু তেখেতৰ পৰাই নিশিতাই চলচ্চিত্ৰত অভিনয় কৰা সুবিধা পায়৷ অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে। তেখেতে প্ৰায় ৬ বছৰ বয়সতে ৰাতি ফুলা ফুল ছবিৰ জৰিয়তে অভিনয় জগতত খোজ দিয়ে। তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷১ অসমৰ বিভিন্ন আলোচনী আদিৰ বেটুপাতত তেখেতৰ চিত্ৰই স্থান লাভ কৰিছে।
অভিনীত চলচ্চিত্ৰ
- মন
- কাদম্বৰী
- চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ)
- অধিনায়ক (চলচ্চিত্ৰ)
- মন যায়
- ৰং
- দীনবন্ধু
- অস্তৰাগ
- ধন কুবেৰৰ ধন
- ৰামধেনু১
- ৰিচাং
- মনে মোৰ কইনা বিচাৰে
- জিলমিল জোনাক
- ৰত্নাকৰ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিশিতা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৯৭৭০৬ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।