জেৰিফ ৱাহিদ (Zerifa Wahid) হৈছে অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।১
শিক্ষা
জেৰিফা ৱাহিদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত বিভাগটোৰ ভিতৰত শীৰ্ষস্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। একে বিষয়তে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ আইন বিষয়ৰো স্নাতক ডিগ্ৰীধাৰী।
অভিনয় জীৱন
১৯৮৯ চনত অভিমান চলচ্চিত্ৰত এটি শিশুৰ চৰিত্ৰৰ অভিনয়ৰ জৰিয়তে অসমীয়া ছবিজগতত প্ৰৱেশ কৰে।
চলচ্চিত্ৰপঞ্জী
| চন | চলচ্চিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|
| ১৯৯০ | অভিমান | মৃদুল গুপ্তা | অসমীয়া চলচ্চিত্ৰত আত্মপ্ৰকাশ শিশু শিল্পী হিচাপে |
| অতিক্ৰম | |||
| হেড মাষ্টৰ | |||
| ধোঁৱা | |||
| ১৯৯৪ | অগ্নিগড় | চন্দ্ৰ মুদৈ | |
| ২০০০ | তুমি মোৰ মাথোঁ মোৰ | জুবিন গাৰ্গ | |
| ২০০১ | সেউজী ধৰণী ধুনীয়া | ৰাজীৱ ভট্টাচাৰ্য্য | |
| ২০০১ | অন্য এক যাত্ৰা | মঞ্জু বৰা | |
| ২০০১ | নায়ক | মুনিন বৰুৱা | |
| ২০০২ | গুণ গুণ গানে গানে | বিদ্যুৎ চক্ৰৱৰ্তী | |
| ২০০২ | প্ৰেম গীত | আশিষ শইকীয়া | |
| ২০০৩ | অগ্নিসাক্ষী | যদুমণি দত্ত | অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাত মুখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ |
| ২০০৪ | কাদম্বৰী | বাণী দাস | |
| ২০০৬ | দেউতা দিয়া বিদায় | ৰমেশ মোডী | |
| ২০০৬ | আমি অসমীয়া | ৰাজীৱ ভট্টাচাৰ্য্য | |
| ২০০৮ | অহিৰ ভৈৰৱ | শিৱপ্ৰসাদ ঠাকুৰ | |
| ২০১২ | বান্ধোন | জাহ্নু বৰুৱা | |
| ২০১৩ | দুৱাৰ | বিদ্যুৎ চক্ৰৱৰ্তী | প্ৰথম ফিল্মফেয়াৰ বঁটা পূব ২০১৪ ৰ খিতাপ জয় (শ্ৰেষ্ঠ অভিনেত্ৰী) |
| ২০১৪ | ৰাগ - দ্য ৰিদম অৱ লাভ | ৰজনী বসুমতাৰী | আদিল হুছেইনৰ লগত অভিনয় |
| ২০১৬ | কথানদী | ভাস্কৰ হাজৰিকা | |
| ২০১৮ | ভগা খিৰিকী | জাহ্নু বৰুৱা |
তথ্যসূত্ৰ
- ↑ (13 September 2007). Zerifa moves to theatre - Backstage girl. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেৰিফা ৱাহিদ” প্ৰবন্ধৰ সংশোধন ৩৭০১৪০ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।