অনুবাদক
২০ প্ৰবন্ধ
-
প্ৰকল্প ৰঞ্জন ভাগৱতী
প্ৰকল্প ৰঞ্জন ভাগৱতী (ইংৰাজী: Prakalpa Ranjan Bhagawati, জ. ১৯৭৬) এগৰাকী কবি, সমালোচক, অনুবাদক আৰু সম্পাদক। তেওঁ প'য়েট্ৰী উইডাউট ফীয়াৰ নামৰ তিনিমহীয়া দ্বিভাষিক অনলাইন কবিতা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
অনুভৱ তুলসী
অনুভৱ তুলসী (Anubhav Tulasi) একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই আহিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
-
কল্যাণ ভূঞা
কল্যাণ ভূঞা (ইংৰাজী: Kalyan Bhuyan, জ. ১৯৭৫) এগৰাকী কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু লোকবোধ্য বিজ্ঞান লেখক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে কৰ্মৰত ড° কল্যাণ ভূঞাই অসমৰ আগশাৰীৰ কাকত-আলোচনীত তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু বিজ্ঞানৰ ইতিহাস বিষয়ক জনপ্ৰিয় বিজ্ঞানধৰ্মী প্ৰবন্ধ…
-
নগেন ঠাকুৰ
নগেন ঠাকুৰ (Nagen Thakur, জন্মঃ ২৯ আগষ্ট ১৯৩৯, মৃত্যুঃ ১০ এপ্ৰিল ২০২৫) অসম,ভাৰতৰ এগৰাকী ভাষাবিদ, লেখক, কবি, সম্পাদক আৰু অধ্যাপক। তেখেতে অসমীয়া ভাষা বিষয়ক ১৩খন গ্ৰন্থ প্ৰকাশ কৰিছে৷ পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক তেখেতৰ গৱেষণামূলক গ্ৰন্থকেইখনে অসমীয়া ভাষাটোক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা…
-
জি শঙ্কৰ কুৰুপ
গোবিন্দ শংকৰ কুৰুপ (G. Sankara Kurup, ৩ জুন ১৯০১-২ ফেব্ৰুৱাৰী ১৯৭৮) জ্ঞানপীঠ বঁটা বিজেতা প্ৰথমগৰাকী ভাৰতীয় সাহিত্যিক। এই সন্মান পোৱা জি শংকৰ কুৰুপ মলায়লম ভাষাৰো প্ৰথমগৰাকী সাহিত্যিক। 'ওডাক্কুঝল' শীৰ্ষক কাব্য সংকলনৰ বাবে ১৯৬৫ চনত এই বঁটা লাভ কৰে।
-
সংগীতা শ্ৰীনিবাসন
সংগীতা শ্ৰীনিবাসন (ইংৰাজী: Sangeetha Sreenivasan) ভাৰতৰ কেৰালাৰ এগৰাকী ঔপন্যাসিকা, শিশু লেখিকা, অনুবাদক, আৰু শিক্ষয়িত্ৰী। তেওঁ মালয়ালম আৰু ইংৰাজী ভাষাত লিখে আৰু দুয়োটা ভাষালৈ অনুবাদ কৰে।
-
অঞ্জু মাখিজা
অঞ্জু মাখিজা (ইংৰাজী: Anju Makhija) এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, অনুবাদক আৰু স্তম্ভলেখক। ইংৰাজী ভাষাত কৰা তেওঁৰ সাহিত্যকৰ্মৰ বাবে তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
-
কমলা সাংকৃত্যায়ন
কমলা সাংকৃত্যায়ন (Kamala Sankrityayan; ১৫ আগষ্ট ১৯৩০ – ২৫ অক্টোবৰ ২০০৯) আছিল বিংশ শতিকাৰ এগৰাকী ভাৰতীয় সাহিত্যিক, সম্পাদিকা আৰু হিন্দী তথা নেপালী সাহিত্যৰ পণ্ডিত। তেওঁ প্ৰখ্যাত বুৰঞ্জীবিদ ৰাহুল সাংকৃত্যায়নৰ পত্নী আছিল।
-
কুমাৰজীৱ
কুমাৰজীৱ (৩৩৪-৪১৩ খ্ৰীষ্টাব্দ) কুচা ৰাজ্যৰ এজন বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক আছিল। তেওঁ প্ৰথমে সৰ্বাস্তিবাদ মতবাদৰ শিক্ষালাভ কৰে আৰু পৰবৰ্তীকালত মহাযান বৌদ্ধধৰ্মৰ প্ৰতি আকৃষ্ট হৈ নাগাৰ্জুনৰ মধ্যমক দৰ্শন সম্বন্ধে শিক্ষালাভ কৰে।
-
তাহেৰেহ ছাফৰ্জাদেহ
তাহেৰেহ ছাফৰ্জাদেহ (Tahereh Saffarzadeh) (জন্ম, ১৯৩৬ ইৰাণৰ কেৰমান প্ৰদেশৰ চিৰজানত – মৃত্যু,ইৰাণৰ তেহৰাণত ২৫ অক্টোবৰ, ২০০৮) এগৰাকী ইৰাণী কবি, লেখক, অনুবাদিকা আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আছিল।
-
ধীৰুবেন গোৰ্ধনভাই পেটেল
ধীৰুবেন গোৰ্ধনভাই পেটেল (Dhiruben Gordhanbhai Patel, ২৯ মে' ১৯২৬ – ১০ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় ঔপন্যাসিক, নাট্যকাৰ আৰু অনুবাদক আছিল৷
-
নাদেৰ ইব্ৰাহিমী
নাদেৰ ইব্ৰাহিমী (জন্ম ৩ এপ্ৰিল, ১৯৩৬ মৃত্যু ৫ জুন, ২০০৮) এজন ইৰানী লেখক, চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ আৰু ঔপন্যাসিক আছিল। কেৰমানৰ এক প্ৰখ্যাত পৰিয়ালৰ বংশধৰ আতা-অল-মোল্ক ইব্ৰাহিমীৰ পুত্ৰ নাদেৰে ফাৰ্চী সাহিত্যত ডিপ্লমা অৰ্জন কৰিছিল আৰু তাৰ পিছত ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী…
-
ফুকুযাৱা য়ুকিচী
ফুকুযাৱা য়ুকিচী এজন জাপানী শিক্ষাবিদ, দাৰ্শনিক, আৰু লেখক আছিল। য়ুকিচীয়ে কিউ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ফুকুযাৱা য়ুকিচীৰ এক দুখীয়া ছামুৰাই পৰিয়ালত জন্ম হয়। তেওঁ নাগাচাকী আৰু ওচাকাত ডাচ আৰু পশ্চিমীয়া বিজ্ঞানৰ শিক্ষা আৰু পিছত ইংৰাজী শিক্ষা গ্ৰহণ কৰে।
-
বিনয় মোহন শইকীয়া
বিনয় মোহন শইকীয়া (Binoy Mohan Saikia) এজন লেখক, সম্পাদক আৰু বিদ্যুৎ বিতৰণ কোম্পানীৰ জ্যেষ্ঠ বিষয়া। ২০২৩ চনলৈকে তেখেতে বাইছখন মৌলিক গ্ৰন্থ, ষোল্লখন অনুবাদ গ্ৰন্থ আৰু দহখন সম্পাদনা গ্ৰন্থ প্ৰকাশ কৰিছে। অসমীয়া জীৱনী গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
-
বুদ্ধদত্ত
বুদ্ধদত্ত থেৰা দক্ষিণ ভাৰতৰ চোলা ৰাজ্যৰ উৰাগাপুৰা চহৰৰ পঞ্চম শতিকাৰ থেৰাবাদ বৌদ্ধ সাহিত্যিক। তেওঁৰ বহুতো গ্ৰন্থ ভূতমংগলগাম মঠত ৰচনা কৰিছিল আৰু তেওঁৰ পৃষ্ঠপোষক আছিল কলম্ব বংশৰ অক্কুটাবিক্কান্ত (কলম্ভকুলবংশ জাতে আক্কুটাভিক্কমনামে কোলাৰাজিনি কলৰাথম সমানুসন্তে)।
-
মালিনী ভট্টাচাৰ্য
ড° মালিনী ভট্টাচাৰ্য Malini Bhattacharya) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰে৷ তেওঁ পশ্চিম বংগৰ যাদৱপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
মেথিউ ৰিকা
মেথিউ ৰিকা (माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।
-
স্নেহপ্ৰভা দাস
স্নেহপ্ৰভা দাস (ইংৰাজী: Snehaprava Das; জন্ম: ১০ অক্টোবৰ ১৯৫৫) এগৰাকী ভাৰতীয় ওড়িয়া ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ ওড়িয়া ভাষাৰ কেইবাখনো ধ্ৰুপদী গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰিও তেওঁ বিশ্বৰ কেইবাখনো ধ্ৰুপদী সাহিত্য ওড়িয়া ভাষালৈ অনুবাদ কৰিছে।
-
ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন
ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন (ইংৰাজী: Raja Rajeswari Seetha Raman; জন্ম: ১৯ আগষ্ট, ১৯৬১) এগৰাকী মালয়েছিয়ান কবি আৰু অনুবাদক। তেওঁ মূলতঃ তামিল বংশৰ ভাৰতীয় মহিলা আৰু মালয় ভাষা কেম্পাছৰ শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা। তেওঁ মালয় ভাষাত কবিতা ৰচনা কৰা একমাত্ৰ অনা-মালয় ব্যক্তি।
-
ৰেমা মেনন
ৰেমা মেনন এগৰাকী কেৰালাৰ ভাৰতীয় মালয়ালম ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ পাউলো কোয়েলহোৰ উপন্যাস দ্য এলকেমিষ্টৰ মালায়ালম অনুবাদৰ জৰিয়তে বিশেষভাৱে পৰিচিত। এই অনুবাদখন যিকোনো ভাৰতীয় ভাষালৈ কৰা প্ৰথম অনুবাদ আছিল।